শ্ৰী শ্ৰী বদলা পদ্ম আতা প্ৰভুৰ ৪৭৮ সংখ্যক আৰ্বিভাৱ মহোৎসৱ আৰু সমন্বয় সাংস্কৃতিক সমাৰোহ।

তিনিচুকীয়া জিলাৰ মুলীয়াবাৰী খেল পথাৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰী শ্ৰী বদলা পদ্ম আতা প্ৰভুৰ ৪৭৮ সংখ্যক আৰ্বিভাৱ মহোৎসৱ আৰু সমন্বয় সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত কৰা হয়।

উক্ত সমাৰোহৰ তৃতীয় দিনা মুকলি অধিৱেশন আৰু শ্ৰী শ্ৰী বদলা পদ্ম আতা বঁটা প্ৰদান অনুষ্ঠানত উদ্বোধক হিচাপে উপস্থিত থাকে সন্মিলিত গনশক্তি অসমৰ মাননীয় সভাপতি, মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা মিচিং বানৌ কেবাঙৰ সভাপতি পৰমানন্দ চায়েঙীয়া ডাঙৰীয়া।

   অনুষ্ঠানত মাননীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্য অতিথি হিচাপে উপস্থিত থাকে।
জনগোষ্ঠী সাংস্কৃতিক সংগম কাৰ্যসূচীৰ উদ্বোধন কৰে অসম বিধান সভাৰ  মাননীয় অধ্যক্ষ বিশ্বজিত দৈমাৰী ডাঙৰীয়াই।

✍ উল্লেখ্য যে, সভাপতি ডাঙৰীয়াই মহাপুৰুষ শ্ৰী শ্ৰী বদলা পদ্ম আতা প্ৰভুৱে কেনেকৈ আধ্যাত্মিকতাৰ জগতখনলৈ আহিল তথা প্ৰভুৰ জীৱন পৰিক্ৰমা আৰু অসমৰ জাতীয় জীৱনলৈ আগবঢ়োৱা অমূল্য অৱদানৰ লগতে যুৱ প্ৰজন্মক উশৃংখলাতাৰ প্ৰতি আকৃষ্ট নহৈ আধ্যাত্মিকতা তথা সমাজ সংস্কাৰৰ ক্ষেত্ৰত নিজকে নিয়োজিত কৰা আদি বিষয়ত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়াই ।

মাননীয় সভাপতি ডাঙৰীয়াক সংগ দিয়ে মিচিং স্বায়ত্বশাসিত পৰিষদৰ সন্মানীয় কাৰ্য্যবাহী সদস্য প্ৰশান্ত বড়ি ডাঙৰীয়া আৰু ডিব্ৰুগড়, তিনিচুকীয়া জিলাৰ জাতীয় সংগঠনৰ সন্মানীয় নেতা কৰ্মী সকলে।

সম-অধিকাৰ, সম-মৰ্যদা, সম-উন্নয়ন।

সন্মিলিতগনশক্তিঅসম।

ঢকুৱাখনা বান্দানা অঞ্চলত গঢ়াখহনীয়া স্থান পৰিদৰ্শন মাননীয় সভাপতি শ্ৰী পৰমানন্দ চায়েঙীয়া ডাঙৰীয়া আৰু মাননীয় উপদেষ্টা শ্ৰী সুনিল কুমাৰ পেগু ডাঙৰীয়াৰ।

       

      ঢকুৱাখনা বান্দানা অঞ্চলত ব্ৰহ্মপুত্ৰৰ খহনীয়া স্থান পৰিদৰ্শন কৰে সন্মিলিত গনশক্তি অসমৰ মাননীয় সভাপতি তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া ডাঙৰীয়া আৰু গণশক্তিৰ মাননীয় উপদেষ্টা তথা পৰিষদৰ অধ্যক্ষ সুনিল কুমাৰ পেগু ডাঙৰীয়াই।
 ঢকুৱাখনা বান্দানা অঞ্চলৰ নৈপৰীয়া ৰাইজৰ সৈতে আলোচনাত মিলিত হৈ গঢ়া খহনীয়া তথা স্পৰ্শকাতৰ অঞ্চল সমূহত কাঞ্চন গছ ৰোপণ কৰাৰ লগতে  প্ৰাকৃতিক আৰু উন্নত প্ৰযুক্তিৰে গঢ়া খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা সংবাদ মাধ্যমক জানিব দিয়ে মাননীয় সভাপতি ডাঙৰীয়াই।

পৰিদৰ্শন কালত উপস্থিত থাকে মিচিং জাতীয় সংগঠন TMPK MMK TMMK ৰ সন্মানীয় নেতৃবিন্দ, ঢকুৱাখনাৰ সন্মানীয় মহকুমাধিপতি, জলসম্পদ বিভাগৰ বিষয়ববীয়াৰ লগতে স্থানীয় ৰাইজ।

উল্লেখ্য যে মাননীয় সভাপতি ডাঙৰীয়াৰ উপস্থিতিত গঢ়া খহনীয়া প্ৰতিৰোধ আৰু ভূমি সুৰক্ষণ ঢকুৱাখনা নামেৰে এখন সমিতি গঠন কৰা হয়।

সন্মিলিত গনশক্তি অসম, মাছখোৱা খণ্ডশক্তিৰ আহ্বানত নাগৰিক সভা।

বেঙেনাগঢ়া আঞ্চলিক কৃষ্টি ভৱন কাংকান চাৰিআলিত সন্মিলিত গনশক্তি অসমৰ মাছখোৱা খণ্ডশক্তিৰ আহ্বানত নাগৰিক সভা অনুষ্ঠিত কৰা হয়।

উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় শক্তিৰ মাননীয় সভাপতি তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া ডাঙৰীয়া।

সভাত উপস্থিত থাকে সন্মিলিত গণশক্তি অসমৰ কেন্দ্ৰীয় সমিটিৰ সন্মানীয় উপ-সভাপতি যতীন চেতীয়া ডাঙৰীয়া, কেন্দ্ৰীয় সমিতিৰ সন্মানীয় উপ-সভাপতি হিৰণ্য দত্ত ডাঙৰীয়া, TMPK ৰ সন্মানীয় কেন্দ্ৰীয় কাৰ্য্যালয় সম্পাদক কুশল পায়েং ডাঙৰীয়া, TMPK জিলাৰ সন্মানীয় সহকাৰী সম্পাদক অভিনাচ সন্দী ডাঙৰীয়া, MMKৰ সদস্য বিক্ৰম মিচং ডাঙৰীয়া, চিচি মুখ সমষ্টিৰ সন্মানীয় সাধাৰণ সদস্যা লাবণ্য মিলি ডাঙৰীয়ানী, প্ৰাক্তন সন্মানীয় সাধাৰণ সদস্য পবিত্ৰ মিলি ডাঙৰীয়া, গোগামুখ পৰিষদীয় সমষ্টিৰ সন্মানীয় সাধাৰণ সদস্য ৰাজু পেগু ডাঙৰীয়া, মাছখোৱাৰ খণ্ড শক্তি সন্মানীয় সভাপতি মৃদুল বৰুৱা ডাঙৰীয়া, সন্মানীয় সম্পাদক বৈদ্যনাথ য়েইন ডাঙৰীয়া গণশক্তি, TMPK, MMK আৰু TMMKৰ কেন্দ্ৰ, জিলা, খণ্ড, আঞ্চলিকৰ বিষয়ববীয়াৰ লগতে স্থানীয় ৰাইজ।

আনহাতে, সভাত উপস্থিত সন্মিলিত গনশক্তি অসমৰ সদস্য সকলে বিশাল মটৰচাইকেল ৰেলীৰে নিৰ্বাচনী প্ৰচাৰ চলাই।

উল্লেখ্য যে উক্ত সভাত বিভিন্ন ৰাজনৈতিক দলৰ পৰা ১০০ গৰাকী নেতা কৰ্মী গণশক্তি দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ গণশক্তিত যোগদান কৰে।

বিজয় সংকল্প সমাৱেশ।

লখিমপুৰ লোকসভা সমষ্টিৰ চুকুলীভৰীয়াত বিজয় সংকল্প সমাৱেশ’ অনুষ্ঠিত কৰা হয়।

উক্ত সমাৱেশত উপস্থিত থাকে মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, সন্মিলিত গনশক্তি অসমৰ মাননীয় সভাপতি তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া ডাঙৰীয়া, মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া, গণশক্তিৰ মাননীয় উপদেষ্টা তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ সুনিল পেগু ডাঙৰীয়া, ৰাজ্যিক বিজেপিৰ সন্মানীয় সভাপতি ভৱেশ কলিতা ডাঙৰীয়া, সন্মানীয় বিধায়ক ভূৱন পেগু ডাঙৰীয়া, মানৱ ডেকা ডাঙৰীয়া, নৱ কুমাৰ দলে ডাঙৰীয়া, মিত্ৰজোঁটৰ প্ৰাৰ্থী সন্মানীয় প্ৰদান বৰুৱা ডাঙৰীয়া, দলীয় নেতাকৰ্মী সকল, বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াৰ লগতে সহস্ৰাধিক ৰাইজ।

উল্লেখ্য যে, সমাৱেশত গণশক্তিৰ মাননীয় সভাপতি ডাঙৰীয়াই এখনি মিচিং মাফলাৰে মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী #অমিত_শ্বাহ ডাঙৰীয়াক আগন্তুক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা।

গোগামুখ দিৰপাই ইক’কেম্পত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা।

সন্মিলিত গণশক্তি অসম, কেন্দ্ৰ শক্তিৰ বৰ্দ্ধিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা’।

আজি ২০/৩/২০২৪ তাৰিখে ধেমাজি জিলাৰ গোগামুখৰ ৰাজহুৱা প্ৰেক্ষাগৃহত সন্মিলিত গণশক্তি অসম কেন্দ্ৰ শক্তিৰ বৰ্দ্ধিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা’ অনুষ্ঠিত কৰা হয়।

উক্ত সভাত উপস্থিত থাকে মাননীয় সভাপতি তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, মাননীয় শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, মিত্ৰদলৰ লখিমপুৰ লোকসভা সমষ্টিত প্ৰক্ষেপিত প্ৰাৰ্থী প্ৰদান বৰুৱা আৰু সন্মিলিত গনশক্তি অসমৰ কেন্দ্ৰ, জিলা, খণ্ড শক্তিৰ সমূহ বিষয়ববীয়া।

ধেমাজি জিলা শক্তি ।

সন্মিলিত গণশক্তি অসমৰ ধেমাজি জিলা শক্তি গঠন।

ধেমাজিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত জিলা খনৰ বিভিন্ন প্ৰান্তৰ পৰা সহস্ৰাধিক প্ৰতিনিধিৰ অংশগ্ৰহণেৰে সম্পন্ন হয় সন্মিলিত গণশক্তি অসমৰ প্ৰতিনিধিমূলক সভা।

উক্ত প্ৰতিনিধি সভাৰ জৰিয়তে আনুষ্ঠানিক ভাৱে ৭৫ জনীয়া সদস্যৰে ধেমাজি জিলা শক্তি গঠন কৰা হয়।

সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য তথা সন্মিলিত গণশক্তি অসমৰ মাননীয় সভাপতি পৰমানন্দ চায়েঙীয়া‌ ডাঙৰীয়া।

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নাৰী শক্তি অসমৰ মাননীয় সভাপতিনেত্ৰী ভৱানী দুৱৰা, কেন্দ্ৰীয় শক্তিৰ সন্মানীয় উপ সভাপতি হিৰণ্য দত্ত, সন্মানীয় সাধাৰণ সম্পাদক পুৰুষোত্তম দলে, কৃষক শক্তিৰ সন্মানীয় সভাপতি প্ৰতাপ টায়ে, শ্ৰমিক শক্তিৰ সন্মানীয় সভাপতি ননী অধিকাৰী, কেন্দ্ৰীয় আৰু খণ্ড শক্তিৰ বিভিন্ন বিষয়ববীয়া।

উল্লেখ্য যে আজিৰ এই সভাত সন্মিলিত গণশক্তি অসমৰ নীতি আদৰ্শ প্ৰতি আকৃষ্ট হৈ প্ৰায় ৭০ জনৰো অধিক বিভিন্ন ৰাজনৈতিক দলৰ কৰ্মীয়ে গণশক্তিত যোগদান কৰে।

যোগদান কৰা কৰ্মী সকল ক্ৰমে :- সংগীতা পাত্ৰ, মুন ডেকা হাজৰিকা, গীতাঞ্জলি হাজৰিকা, বন্দনা সোনোৱাল, মমী সোনোৱাল, ৰীতা সোনোৱাল, ভাৰতী সন্দিকৈ কাকতি, কৃষ্ণ সুত্ৰধৰ, সুমিত্ৰা সোনোৱাল লালুং, অনুপ্ৰভা সোনোৱাল, নৰ্মদা কাডং, কৰবী দলে চেতীয়া, কল্যাণী সোনোৱাল, অঞ্জলি সোনোৱাল, কনমাই সোনোৱাল, থানুকন গগৈ, ক্ষিৰদা কোঁৱৰ, পূজা দিহিঙ্গীয়া, কৰবী দিহিঙ্গীয়াদীপাঞ্জলী গগৈ, দিপক বৰগোহাঁই, অকনি বৰগোহাঁই,দুলুমনি গগৈ, ৰুদ্ৰ হাজৰিকা, প্ৰতাপ দলে, সূৰ্য পেগু, সুমিত্ৰা পেগু, মিতালী কুলী, পূৰ্ণিমা দলে, চেনেহী দাস, ঘন কান্তি চাংমাই, জয়া ভূঞা, মধুস্মিতা জিয়ামূৰীয়া ভূঞা, ৰেৱতী কাকতি, পল্লৱী দত্ত ৰামচিয়াৰী, দৌখা ৰামচিয়াৰী, মামনী হাজৰিকা, ৰঞ্জু কাকতি, টংকেশ্বৰ নৰহ, পংকজ গগৈ, জিন্টু বৰা, অমূল্য সোনোৱাল, বীনা কলিতা, ৰিতুমনি বৈৰাগী, পুটলী কলিতা, দিপালী বৰা, ৰেখামনি কলিতা, প্ৰবিন ব্ৰহ্ম, আলিউম নৰহ, নিৰুমাই চেতিয়া বৰা, বন্দনা সোনোৱাল, ৰিতামনি সোনোৱাল, অঞ্জলি বসুমতাৰী বৰা, কনমাই সোনোৱাল, অনুপমা সোনোৱাল, অঞ্জু সোনোৱাল, খগেশ্বৰী লালুং, অনিমা বৰা, জুনমনি কোচ, ৰশ্মি কোচ, অঞ্জলি কোচ, ৰিম্পী চেতিয়া কাকতি, মঞ্জুমনি মিলি, নয়ণমনি দত্তদীপজোতি কাকতি দৈমাৰী, ৰূপজ্যোতি ৰাজকোঁৱৰ লালুং, মামনি বৰা, মুনু ভূঞা ।

নৱ গঠিত ধেমাজি জিলা শক্তিৰ বিষয়ববীয়া আৰু সদস্য সদস্যা সকল :-

সভাপতি- দিব্যজ্যোতি ভৰালী।

কাৰ্য্যকৰী সভাপতি- লীলাকান্ত দলে।

উপ-সভাপতি- বানীকান্ত দলে, প্ৰৱিত্ৰ কুমাৰ মিলি, প্ৰবিৰ ব্ৰহ্ম, সুজাতা কোঁৱৰ, মমী নাথ।

সম্পাদক- মাধৱ দলে, ৰাজু পেগু, সুমিত্ৰ শইকীয়া, সংগীতা পাত্ৰ, কৃষ্ণ কান্ত দলে।

যুটীয়া সম্পাদক- ৰজনী পেগু, যোগেন তাঁতী, নৰেন বৰুৱা, কুঁহিমা কাৰ্দ্দং, লীলিমা পেগু।

বিত্তীয় সম্পাদক- লাৱন্য মিলি, সুশিল শইকীয়া।

সাংগঠনিক সম্পাদক- টংকেশ্বৰ নৰহ, প্ৰনৱ গগৈ, প্ৰশান্ত ফুকন, মুকুন্দ সিং কুম্বাং, লীনা দেউৰী।

কাৰ্য্যালয় সম্পাদক- জীৱন চন্দ্ৰ পায়েং।

প্ৰচাৰ সম্পাদক- ঘনশ্যাম সোনোৱাল, পূৰ্ণ কান্ত মিলি, শিৱনাথ য়েইন, গংগাৰাম দেউৰী, নন্দ বৰ্মন।

সদস্য/সদস্যা- দিব্য দলে, ভূৱন কছাৰী, মহন মগৰ ধন বৰা,নিৰুপমা সোনোৱাল, হৰেন হাজৰিকা, হেমড্ৰীয়েল দলে,মাধুৰীমা বুঢ়াগোহাঁই, সোনমনি ৰাজ কোঁৱৰ, প্ৰতিভা চমচল,কানাই কুটুম, টিখেশ্বৰ কোঁৱৰ, বিৰেন বৰগোঁহাই, প্ৰদীপ গগৈ, নৰেন বৰুৱা, বিৰেন সিং পেগু, বিক্ৰম মিচং, খগেশ্বৰ দলে, অমিয় কুমাৰ টাৱ, শান্তিৰাম মিলি, চন্দ্ৰ জিমে, ভৱ পাংগিং, বাবুল হাজৰিকা, প্ৰতাপ সোনোৱাল, ৰঞ্জিত কুমাৰ বৰুৱা, মমী লইং বৰুৱা, নিৰন লোহাৰ, ফুলেশ্বৰ কোঁচ, সুভাষ কোঁচ, লীলা দলে, গনেশ নৰহ, পদ্ম বসুমতাৰী, ফনিধৰ দলে, নৱজিৎ দলে, পূৰ্ণ পেগু, মিনাৰাম দলে, ৰাজীৱ পেগু, পূৰ্ণকান্ত মিলি, প্ৰৱিত্ৰ পেগু, কমল চুতীয়া, বিপ্লৱ শইকীয়া, মঞ্জু দেউৰী, দেৱকান্ত টায়ুং, কুঞ্জ নাথ পেগু, অনিল শইকীয়া।

সবিশেষ জানিবলৈ এই লিংকত ক্লিক কৰক

https://fb.watch/rGmDrnwZKi/?mibextid=JRoKGi

ঐতিহ্য মণ্ডিত ঘূনাসুঁতিৰ মিৰি জীয়ৰী মহাবিদ্যালয়তনৱাগত আদৰণি সভা।

মাজুলী জিলা শক্তি ।

সন্মিলিত গণশক্তি অসমৰ বাবে এক ঐতিহাসিক দিন।

উজনি অসমৰ অন্যতম শক্তিশালী আঞ্চলিক ৰাজনৈতিক দল সন্মিলিত গণশক্তি অসমে জন্মলগ্নৰে পৰা অসমৰ ৰাজনৈতিক ক্ষেত্ৰ খনত অসমৰ জাতীয় সমস্যা সমূ্হৰ প্ৰতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।

ৰাজনৈতিক দিশত আপোচ বিহীন সবল নেতৃত্ব প্ৰদান কৰি আহিছিল যদিও সন্মিলিত গণশক্তি অসমৰ জিলা সমিতি নামেৰে কোনো সমিতি গঠন কৰা হোৱা নাছিল।

সন্মিলিত গণশক্তি অসমক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে ঢকুৱাখনা সাধাৰণ অধিৱেশনত জিলাশক্তি নামেৰে জিলা পৰ্যায়ত সমিতি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

উক্ত সিদ্ধান্ত মৰ্মে আজি মাজুলী জিলাৰ গড়মূৰ বংশীগোপাল নাট্য মন্দিৰত প্ৰথমখন জিলা সমিতি অৰ্থাৎ মাজুলী জিলা সমিতিখন প্ৰতিনিধি সভাৰ জৰিয়তে গঠন কৰা হয়।

সভাত কেন্দ্ৰীয় শক্তি ৰ সন্মানীয় উপ-সভাপতি হিৰণ্য দত্ত, সন্মানীয় সাধাৰণ সম্পাদক পুৰুষোত্তম দলে, সন্মানীয় সাধাৰণ সম্পাদক ৰাজু খনিকৰ, সন্মানীয় যুটীয়া সম্পাদক প্ৰেমধৰ দলে, সন্মানীয় কেন্দ্ৰীয় সদস্য দেৱজিৎ পাতিৰ, কেন্দ্ৰীয় নাৰী শক্তিৰ সন্মানীয় সাধাৰণ সম্পাদীকা ছায়াদেৱী বৰা, সন্মানীয় সাংস্কৃতিক সম্পাদীকা ববী শইকীয়া দাস, MACৰ সন্মানীয় কাৰ্য্যবাহী সদস্য উমা পাঠৰি, সন্মানীয় সাধাৰণ সদস্য নিলকান্ত দলে, সন্মানীয় সাধাৰণ সদস্য ত্ৰৈলোক্য পামেগাম, মাজুলী জিলাৰ TMPK আৰু MMK ৰ নেতৃবিন্দ।

সবিশেষ জানিবলৈ এই লিংকত ক্লিক কৰক-

https://fb.watch/rGmLwrkJ4K/?mibextid=RUbZ1f

মিংমাং পৰিষদীয় সমষ্টিত বৃক্ষৰোপণ কাৰ্য্যসূচী।

আজি পুৱা 5 বজাত মিচিং স্বায়ত্বশসিত পৰিষদ, TMPK, সন্মিলিত গণশক্তি অসমৰ উদ্যোগত আৰু অন্যান্য মিচিং জাতীয় সংগঠনৰ সহযোগত মাননীয় সভাপতি তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াৰ উপস্থিতিত সোৱণশিৰি নদীৰ পাৰত প্ৰায় তিনিশৰো অধিক বিভিন্ন ঔষধী গুণ সম্পন্ন বৃক্ষ ৰোপণ কৰে।

অনুষ্ঠানত উপস্থিত থাকে গোগামুখ পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য ৰাজু পেগু, TMPK ৰ কেন্দ্ৰীয় সমিতি, ধেমাজি জিলা সমিতি, স্থানীয় আঞ্চলিক সমিতিৰ নেত্ৰীবিন্দৰ লগতে সেই অঞ্চলৰ প্ৰকৃতিপ্ৰেমী ৰাইজ।