ঢকুৱাখনা বান্দানা অঞ্চলত ব্ৰহ্মপুত্ৰৰ খহনীয়া স্থান পৰিদৰ্শন কৰে সন্মিলিত গনশক্তি অসমৰ মাননীয় সভাপতি তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া ডাঙৰীয়া আৰু গণশক্তিৰ মাননীয় উপদেষ্টা তথা পৰিষদৰ অধ্যক্ষ সুনিল কুমাৰ পেগু ডাঙৰীয়াই।
ঢকুৱাখনা বান্দানা অঞ্চলৰ নৈপৰীয়া ৰাইজৰ সৈতে আলোচনাত মিলিত হৈ গঢ়া খহনীয়া তথা স্পৰ্শকাতৰ অঞ্চল সমূহত কাঞ্চন গছ ৰোপণ কৰাৰ লগতে প্ৰাকৃতিক আৰু উন্নত প্ৰযুক্তিৰে গঢ়া খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা সংবাদ মাধ্যমক জানিব দিয়ে মাননীয় সভাপতি ডাঙৰীয়াই।
পৰিদৰ্শন কালত উপস্থিত থাকে মিচিং জাতীয় সংগঠন TMPK MMK TMMK ৰ সন্মানীয় নেতৃবিন্দ, ঢকুৱাখনাৰ সন্মানীয় মহকুমাধিপতি, জলসম্পদ বিভাগৰ বিষয়ববীয়াৰ লগতে স্থানীয় ৰাইজ।
উল্লেখ্য যে মাননীয় সভাপতি ডাঙৰীয়াৰ উপস্থিতিত গঢ়া খহনীয়া প্ৰতিৰোধ আৰু ভূমি সুৰক্ষণ ঢকুৱাখনা নামেৰে এখন সমিতি গঠন কৰা হয়।