মাজুলী জিলা শক্তি ।

সন্মিলিত গণশক্তি অসমৰ বাবে এক ঐতিহাসিক দিন।

উজনি অসমৰ অন্যতম শক্তিশালী আঞ্চলিক ৰাজনৈতিক দল সন্মিলিত গণশক্তি অসমে জন্মলগ্নৰে পৰা অসমৰ ৰাজনৈতিক ক্ষেত্ৰ খনত অসমৰ জাতীয় সমস্যা সমূ্হৰ প্ৰতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।

ৰাজনৈতিক দিশত আপোচ বিহীন সবল নেতৃত্ব প্ৰদান কৰি আহিছিল যদিও সন্মিলিত গণশক্তি অসমৰ জিলা সমিতি নামেৰে কোনো সমিতি গঠন কৰা হোৱা নাছিল।

সন্মিলিত গণশক্তি অসমক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে ঢকুৱাখনা সাধাৰণ অধিৱেশনত জিলাশক্তি নামেৰে জিলা পৰ্যায়ত সমিতি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

উক্ত সিদ্ধান্ত মৰ্মে আজি মাজুলী জিলাৰ গড়মূৰ বংশীগোপাল নাট্য মন্দিৰত প্ৰথমখন জিলা সমিতি অৰ্থাৎ মাজুলী জিলা সমিতিখন প্ৰতিনিধি সভাৰ জৰিয়তে গঠন কৰা হয়।

সভাত কেন্দ্ৰীয় শক্তি ৰ সন্মানীয় উপ-সভাপতি হিৰণ্য দত্ত, সন্মানীয় সাধাৰণ সম্পাদক পুৰুষোত্তম দলে, সন্মানীয় সাধাৰণ সম্পাদক ৰাজু খনিকৰ, সন্মানীয় যুটীয়া সম্পাদক প্ৰেমধৰ দলে, সন্মানীয় কেন্দ্ৰীয় সদস্য দেৱজিৎ পাতিৰ, কেন্দ্ৰীয় নাৰী শক্তিৰ সন্মানীয় সাধাৰণ সম্পাদীকা ছায়াদেৱী বৰা, সন্মানীয় সাংস্কৃতিক সম্পাদীকা ববী শইকীয়া দাস, MACৰ সন্মানীয় কাৰ্য্যবাহী সদস্য উমা পাঠৰি, সন্মানীয় সাধাৰণ সদস্য নিলকান্ত দলে, সন্মানীয় সাধাৰণ সদস্য ত্ৰৈলোক্য পামেগাম, মাজুলী জিলাৰ TMPK আৰু MMK ৰ নেতৃবিন্দ।

সবিশেষ জানিবলৈ এই লিংকত ক্লিক কৰক-

https://fb.watch/rGmLwrkJ4K/?mibextid=RUbZ1f