সংবাদ মেল সন্মিলিত গণশক্তি অসম।
গোগামুখ- ১২জুন ২০২৩-
যোৱা ১০ আৰু ১১ জুন তাৰিখত দুদিনীয়া কাৰ্য্যসূচীৰে সন্মিলিত গণশক্তি অসম আৰু ইয়াৰ ভগ্নী সংগঠন ক্ৰমে সন্মিলিত নাৰীশক্তি অসম, সন্মিলিত কৃষক শক্তি অসম আৰু সন্মিলিত শ্ৰমিক শক্তি অসমৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সমিতি সমূহৰ কৰ্মশালা অনুস্থিত হয়।
কৰ্মশালাৰ বিষয় বস্তু আছিল :-
- নীতিনিষ্ঠ নেতৃত্বৰ বিকাশৰ জৰিয়তে সাংগাঠনিক ভেটি শক্তিশালী কৰণ।
- দলীয় কাৰ্যসূচী সঠিক ৰূপায়ণৰ বাবে আমাৰ অৰ্ন্তদৃষ্টি।
- সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি আৰু আমাৰ তৎপৰতা।
সন্মিলিত গণশক্তি অসম মুখ্য উপদেষ্টা শ্ৰীযুত সুনীল পেগুৱে সঞ্চালনা কৰা কৰ্মশালা খনিত গণশক্তিৰ সভাপতি শ্ৰীযুত পৰমানন্দ চায়েঙীয়া ডাঙৰীয়াই মূল বক্তা হিচাবে অংশ গ্ৰহন কৰে। কেন্দ্ৰীয় সমিতিৰ মূল কাৰ্য্যকৰ্তা সহ সাধাৰণ পৰিষদৰ পৰা সব্বৰ্মুঠ ১৩৫ জন সদস্য-সদস্যাই অংশ গ্ৰহন কৰা কৰ্মশালাই নেতৃত্ব বিকাশ আৰু সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিৰ আলোচনা কৰাৰ ওপৰিও দলীয় কাৰ্যসূচীৰ অন্যতম বিষয় অৰ্থনৈতিক কৰ্মসূচীৰ ওপৰত আলোচনা কৰি নিদিষ্ট কিছু সিদ্ধান্ত গ্ৰহণ কৰা হয়।
উক্ত সিদ্ধান্ত সমূহ হৈছে :-
- জনগণক বিভিন্ন অৰ্থনৈতিক সম্ভনাপূৰ্ণ কাম-কাজ সমূহ অৱগত কৰি উৎপাদনমুখী কাম
-কাজত সক্ৰিয় ভাবে জড়িত কৰোৱাৰ লক্ষ্যৰে
এলানী প্ৰচাৰ কাৰ্য্য চলোৱা হব আৰু এই প্ৰচাৰ কাৰ্য্যৰ মূল শ্ল’গান হব- “সুযোগ, সম্ভৱনা আৰু সম্পদ। - ক) কৃষি আৰু ইয়াৰ আনুষঙ্গিক ক্ষেত্ৰ, হস্ত-তাঁত বস্ত্ৰশিল্প আৰু ৰেচম শিল্প সম্পৰ্কীয় চৰকাৰী আচনি আৰু
খ) উৎপাদিত কৃষিজাত সামগ্ৰীৰ নিয়ন্ত্ৰিত বজাৰ সৃষ্টিৰ বাবে FPO, FPC আৰু Co-operative society গঠন প্ৰক্ৰিয়া।
গ) কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে, কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন স্বতন্ত্ৰ অনুষ্ঠান, বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী কোম্পানী আৰু বিত্তীয় প্ৰতিষ্ঠানৰ জৰিয়তে বিত্তীয় সাৰ্হায্য সুবিধা- এই তিনিটা বিষয়ৰ ওপৰত অহা ২৩ জুন তাৰিখত গোগামুখত পুনৰ এক কৰ্মশালা অনুস্থিত হব।
- জিলাশক্তি সমূহৰ গঠন প্ৰক্ৰিয়া ৩০ জুলাই ২০২৩ তাৰিখৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব।