শ্ৰী শ্ৰী বদলা পদ্ম আতা প্ৰভুৰ ৪৭৮ সংখ্যক আৰ্বিভাৱ মহোৎসৱ আৰু সমন্বয় সাংস্কৃতিক সমাৰোহ।

তিনিচুকীয়া জিলাৰ মুলীয়াবাৰী খেল পথাৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰী শ্ৰী বদলা পদ্ম আতা প্ৰভুৰ ৪৭৮ সংখ্যক আৰ্বিভাৱ মহোৎসৱ আৰু সমন্বয় সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত কৰা হয়।

উক্ত সমাৰোহৰ তৃতীয় দিনা মুকলি অধিৱেশন আৰু শ্ৰী শ্ৰী বদলা পদ্ম আতা বঁটা প্ৰদান অনুষ্ঠানত উদ্বোধক হিচাপে উপস্থিত থাকে সন্মিলিত গনশক্তি অসমৰ মাননীয় সভাপতি, মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা মিচিং বানৌ কেবাঙৰ সভাপতি পৰমানন্দ চায়েঙীয়া ডাঙৰীয়া।

   অনুষ্ঠানত মাননীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্য অতিথি হিচাপে উপস্থিত থাকে।
জনগোষ্ঠী সাংস্কৃতিক সংগম কাৰ্যসূচীৰ উদ্বোধন কৰে অসম বিধান সভাৰ  মাননীয় অধ্যক্ষ বিশ্বজিত দৈমাৰী ডাঙৰীয়াই।

✍ উল্লেখ্য যে, সভাপতি ডাঙৰীয়াই মহাপুৰুষ শ্ৰী শ্ৰী বদলা পদ্ম আতা প্ৰভুৱে কেনেকৈ আধ্যাত্মিকতাৰ জগতখনলৈ আহিল তথা প্ৰভুৰ জীৱন পৰিক্ৰমা আৰু অসমৰ জাতীয় জীৱনলৈ আগবঢ়োৱা অমূল্য অৱদানৰ লগতে যুৱ প্ৰজন্মক উশৃংখলাতাৰ প্ৰতি আকৃষ্ট নহৈ আধ্যাত্মিকতা তথা সমাজ সংস্কাৰৰ ক্ষেত্ৰত নিজকে নিয়োজিত কৰা আদি বিষয়ত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়াই ।

মাননীয় সভাপতি ডাঙৰীয়াক সংগ দিয়ে মিচিং স্বায়ত্বশাসিত পৰিষদৰ সন্মানীয় কাৰ্য্যবাহী সদস্য প্ৰশান্ত বড়ি ডাঙৰীয়া আৰু ডিব্ৰুগড়, তিনিচুকীয়া জিলাৰ জাতীয় সংগঠনৰ সন্মানীয় নেতা কৰ্মী সকলে।

সম-অধিকাৰ, সম-মৰ্যদা, সম-উন্নয়ন।

সন্মিলিতগনশক্তিঅসম।

সন্মিলিত গনশক্তি অসম, মাছখোৱা খণ্ডশক্তিৰ আহ্বানত নাগৰিক সভা।

বেঙেনাগঢ়া আঞ্চলিক কৃষ্টি ভৱন কাংকান চাৰিআলিত সন্মিলিত গনশক্তি অসমৰ মাছখোৱা খণ্ডশক্তিৰ আহ্বানত নাগৰিক সভা অনুষ্ঠিত কৰা হয়।

উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় শক্তিৰ মাননীয় সভাপতি তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া ডাঙৰীয়া।

সভাত উপস্থিত থাকে সন্মিলিত গণশক্তি অসমৰ কেন্দ্ৰীয় সমিটিৰ সন্মানীয় উপ-সভাপতি যতীন চেতীয়া ডাঙৰীয়া, কেন্দ্ৰীয় সমিতিৰ সন্মানীয় উপ-সভাপতি হিৰণ্য দত্ত ডাঙৰীয়া, TMPK ৰ সন্মানীয় কেন্দ্ৰীয় কাৰ্য্যালয় সম্পাদক কুশল পায়েং ডাঙৰীয়া, TMPK জিলাৰ সন্মানীয় সহকাৰী সম্পাদক অভিনাচ সন্দী ডাঙৰীয়া, MMKৰ সদস্য বিক্ৰম মিচং ডাঙৰীয়া, চিচি মুখ সমষ্টিৰ সন্মানীয় সাধাৰণ সদস্যা লাবণ্য মিলি ডাঙৰীয়ানী, প্ৰাক্তন সন্মানীয় সাধাৰণ সদস্য পবিত্ৰ মিলি ডাঙৰীয়া, গোগামুখ পৰিষদীয় সমষ্টিৰ সন্মানীয় সাধাৰণ সদস্য ৰাজু পেগু ডাঙৰীয়া, মাছখোৱাৰ খণ্ড শক্তি সন্মানীয় সভাপতি মৃদুল বৰুৱা ডাঙৰীয়া, সন্মানীয় সম্পাদক বৈদ্যনাথ য়েইন ডাঙৰীয়া গণশক্তি, TMPK, MMK আৰু TMMKৰ কেন্দ্ৰ, জিলা, খণ্ড, আঞ্চলিকৰ বিষয়ববীয়াৰ লগতে স্থানীয় ৰাইজ।

আনহাতে, সভাত উপস্থিত সন্মিলিত গনশক্তি অসমৰ সদস্য সকলে বিশাল মটৰচাইকেল ৰেলীৰে নিৰ্বাচনী প্ৰচাৰ চলাই।

উল্লেখ্য যে উক্ত সভাত বিভিন্ন ৰাজনৈতিক দলৰ পৰা ১০০ গৰাকী নেতা কৰ্মী গণশক্তি দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ গণশক্তিত যোগদান কৰে।

নিৰ্বাচনী প্ৰচাৰ সভা

ঢকুৱাখনাত মাননীয় মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্বাচনী প্ৰচাৰ সভা।

উক্ত প্ৰচাৰ সভাত উপস্থিত থাকে সন্মিলিত গনশক্তি অসমৰ মাননীয় সভাপতি তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া ডাঙৰীয়া, গণশক্তিৰ মাননীয় উপদেষ্টা তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ সুনিল কুমাৰ পেগু ডাঙৰীয়া, সন্মানীয় বিধায়ক দ্বয় নৱ কুমাৰ দলে আৰু মানৱ ডেকা ডাঙৰীয়া, লখিমপুৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদান বৰুৱা ডাঙৰীয়া, বিজেপিৰ লগতে বিভিন্ন দল সংগঠনৰ নেতা কৰ্মী আৰু স্থানীয় ৰাইজ।

সবিশেষ জানিবলৈ এই লিংকত ক্লিক কৰক-

https://fb.watch/rGVaGEwjdN/?mibextid=RUbZ1f

নিৰ্বাচনী প্ৰচাৰ অভিযান ২০২৪।

11 April 2024 :-

সন্মিলিত গনশক্তি অসমৰ মাননীয় সভাপতি পৰমানন্দ চায়েঙীয়া ডাঙৰীয়াৰ নিৰ্বাচনী প্ৰচাৰ অভিযান।

সন্মিলিত গনশক্তি অসমৰ মাননীয় সভাপতি তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া ডাঙৰীয়াই মাজুলী জিলাৰ কহাৰ ডুবি মিছিং গাৱ, চিতাদাৰচুক ৰঙ্গমঞ্চ, ৰান্ধনীচুক, জেঙেৰাই মুখ, ১ নং মালাপিন্ধা আৰু চুমৈমাৰিত নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰি মিত্ৰজোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থী Topon Kumar Gogoi ডাঙৰীয়াৰ পক্ষে ভোটদান কৰি ৰাষ্ট্ৰ নিৰ্মাণ তথা দেশৰ উন্নয়নত হাত উজান দিবলৈ উপস্থিত ৰাইজক আহ্বান জনায়।

উল্লেখিত স্থানসমূহৰ সভাত সভাপতি ডাঙৰীয়াক সংগ দিয়ে গণশক্তিৰ মাননীয় উপ-সভাপতি তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ সন্মানীয় কাৰ্যাবাহী সদস্য জহান দলে ডাঙৰীয়া, TMPKৰ সন্মানীয় সভাপতি তিলক দলে ডাঙৰীয়া, পৰিষদৰ সন্মানীয় কাৰ্য্যবাহী সদস্য উমা পাঠৰি ডাঙৰীয়া, পৰিষদৰ সন্মানীয় সাধাৰণ সদস্য ত্ৰৈলোক্য পামেগাম ডাঙৰীয়া, TMMKৰ সন্মানীয়া সাধাৰণ সম্পাদীকা শৰ্মিলা পায়েং ডাঙৰীয়ানী, মাজুলী জিলা গনশক্তিৰ সন্মানীয় সভাপতি ৰঞ্জিত দলে ডাঙৰীয়া, MMKৰ সন্মানীয় যুটীয়া সম্পাদক ৰাজীৱ পেগু ডাঙৰীয়া, TMPK ৰ সন্মানীয় কেন্দ্ৰীয় কাৰ্য্যালয় সম্পাদক কুশল পায়েং ডাঙৰীয়া, মাজুলী জিলা TMPKৰ সন্মানীয় সভাপতি টুটু পাংগিং ডাঙৰীয়া , সন্মানীয় সম্পাদক হেমন্ত মিলি ডাঙৰীয়া, MMKৰ কেন্দ্ৰীয় সদস্য দ্বিপেন দলে ডাঙৰীয়া, মাজুলী জিলা গনশক্তি, TMPK, MMK, TMMK, MBK, MAK আৰু MDK ৰ নেতাকৰ্মীসকল।

12 April 2024 :-

মাননীয় সভাপতি ডাঙৰীয়াই শিৱসাগৰ জিলাৰ
তেলীয়াডোঙা ৰংগমঞ্চ, অনিল ভৱন, দলপা ৰংগমঞ্চ,
ভেঁকুৰী চাপৰি ৰংগমঞ্চ আৰু বৰগুৰি ৰংগমঞ্চত নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰি মিত্ৰজোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থী তপন গগৈ ডাঙৰীয়াৰ পক্ষে ভোটদান কৰি ৰাষ্ট্ৰ নিৰ্মাণ তথা দেশ আৰু জাতিৰ উন্নয়নত হাত উজান দিবলৈ উপস্থিত ৰাইজক আহ্বান জনায়।

উল্লেখিত স্থানসমূহৰ সভাত সভাপতি ডাঙৰীয়াক সংগ দিয়ে TMPKৰ সন্মানীয় কেন্দ্ৰীয় সাধাৰণ সম্পাদক চান পাংগিং ডাঙৰীয়া, স্থানীয় সন্মানীয় সাধাৰণ সদস্যা নিভা মিলি ডাঙৰীয়ানী, সন্মিলিত গণশক্তি অসম আৰু ছয় মিচিং জাতীয় সংগঠনৰ কেন্দ্ৰীয়, জিলা আৰু আঞ্চলিকৰ নেতা কৰ্মী সকল।

উল্লেখ্য যে, বৰগুৰি ৰংগমঞ্চত অনুষ্ঠিত হোৱা সভাত সন্মিলিত গণশক্তি অসমৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ ২০০ গৰাকী ব্যক্তিয়ে আমাৰ দলত যোগদান কৰে।

16 April 2024 :-

সন্মিলিত গনশক্তি অসম, বৰদলনি খণ্ডশক্তিৰ আহ্বানত নাগৰিক সভা।

গোগামুখ মইনাপৰা কৃষ্টি ভৱন, মহৰিকেম্প দেওবৰীয়া সপ্তাহিক বজাৰ প্ৰাংগন, লটাক কৃষ্টি ভৱন, জয়ৰামপুৰ বাৰভূঞা হাজং কৃষ্টি কেন্দ্ৰ, নাহৰবাৰী আঞ্চলিক মুৰং অকুম আৰু মিংমাং কঠালগুৰি কৃষ্টি ভৱনত নাগৰিক সভা অনুষ্ঠিত কৰা হয়।

উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় শক্তিৰ মাননীয় সভাপতি তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া ডাঙৰীয়া।

উল্লেখিত স্থানসমূহৰ সভাত মাননীয় সভাপতি ডাঙৰীয়াক সংগ দিয়ে কেন্দ্ৰশক্তিৰ সন্মানীয় উপ-সভাপতি হিৰণ্য দত্ত ডাঙৰীয়া, গোগামুখ পৰিষদীয় সমষ্টিৰ সন্মানীয় সাধাৰণ সদস্য ৰাজু পেগু ডাঙৰীয়া, গণশক্তি, কৃষক শক্তি, শ্ৰমিক শক্তি, TMPK, MMK, TMMK, কেন্দ্ৰীয়, জিলা, খণ্ড আৰু আঞ্চলিকৰ বিষয়ববীয়াই।

উল্লেখ্য যে, উক্ত সভাত বিভিন্ন ৰাজনৈতিক দল সংগঠনৰ প্ৰায় ৪০০ গৰাকী নেতা কৰ্মী গণশক্তি দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ গণশক্তিত যোগদান কৰে।

সবিশেষ জানিবলৈ এই লিংকত ক্লিক কৰক-

https://fb.watch/rGVcgxP98k/?mibextid=RUbZ1f

ঐতিহ্য মণ্ডিত ঘূনাসুঁতিৰ মিৰি জীয়ৰী মহাবিদ্যালয়তনৱাগত আদৰণি সভা।

“আন্তজাৰ্তিক শ্ৰমিক দিৱস”।

“আন্তজাৰ্তিকশ্ৰমিকদিৱস” উপলক্ষ্যে গোগামুখ আবুতানি লত্তাত “শ্ৰমিক_অভিৱৰ্তন”।

সন্মিলিতগণশক্তি অসম

সন্মিলিতগণশক্তি অসমৰ উদ্যোগত আৰু সন্মিলিতশ্ৰমিকশক্তিৰ সহযোগত আন্তজাৰ্তিক শ্ৰমিক দিৱস উদযাপন। 

Sanmilita Ganashakti Asom

সন্মিলিত গণশক্তি অসমলৈ সমূহ অসমবাসী ৰাইজক স্বাগতম জনাইছো।

এইয়া হৈছে সন্মিলিত গণশক্তি অসমৰ আনুষ্ঠানিক ৱেবচাইট।

সন্মিলিত গণশক্তি অসমৰ লক্ষ্য, উদ্দেশ্য, দৈনন্দিন বিভিন্ন কাৰ্যসূচী সমূহ এই ৱেবচাইটৰ জৰিয়তে আজিৰে পৰা ৰাইজে চাব/পঢ়িব পাৰিব।

সম-অধিকাৰ

সম-মৰ্য্যদা

সম-উন্নয়ন।

সন্মিলিত গণশক্তি অসম।