সন্মিলিত গণশক্তি অসম কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা।

আজি ২৩ জুন ২০২৪ তাৰিখে গোগামুখ চেতিয়া গাঁৱস্থিত RLRC প্ৰেক্ষাগৃহত সন্মিলিত গণশক্তি অসমৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হয় ।

সভাত সভাপতিত্ব কৰে গণশক্তিৰ মাননীয় সভাপতি পৰমানন্দ চায়েঙীয়া ডাঙৰীয়াই।

    উপস্থিত থাকে গণশক্তিৰ মাননীয় উপদেষ্টা সুনীল কুমাৰ পেগু ডাঙৰীয়া, সন্মানীয় উপ-সভাপতি ক্ৰমে হিৰণ্য দত্ত ডাঙৰীয়া, ৰঞ্জিত দলে ডাঙৰীয়া, জহান দলে ডাঙৰীয়া, সন্মানীয় সাধাৰণ সম্পাদক দ্বয় ৰমা পাইট ডাঙৰীয়া, সন্মানীয় ৰাজু খনিকৰ ডাঙৰীয়া, সন্মানীয় প্ৰচাৰ সম্পাদক নৰেশ্ব কুম্বাং ডাঙৰীয়া, কৃষক শক্তিৰ সন্মানীয় সভাপতি প্ৰতাপ টায়ে ডাঙৰীয়া, সন্মানীয় সম্পাদক অনিল পায়েং ডাঙৰীয়া, নাৰী শক্তিৰ সন্মানীয়া সভানেত্ৰী ভৱানী দুৱৰা ডাঙৰীয়ানী, সন্মানীয় সম্পাদিকা নিভা মিলি ডাঙৰীয়ানী, শ্ৰমিক শক্তিৰ সন্মানীয় সম্পাদক অতুল পেগু, কেন্দ্ৰীয়, জিলা, খণ্ড শক্তিৰ সন্মানীয় সভাপতি সম্পাদকৰ লগতে সমূহ বিষয়ববীয়া।

    সভাত প্ৰতিখন খণ্ড শক্তিয়ে যোৱা লোকসভা নিৰ্বাচনৰ প্রতিবেদন দাখিল কৰাৰ লগতে আগন্তুক MAC আৰু পঞ্চায়ত নিৰ্বাচনৰ বিষয়ে পৰ্য্যালোচনা কৰা হয়।
  উল্লেখ্য যে গণশক্তিৰ প্ৰচাৰকোষ শক্তিশালী কৰা, মিচিং স্বায়ত্বশাসিত পৰিষদৰ প্ৰতিটো আঁচনি, শ্ৰমিক আৰু  কৃষকৰ সাংবিধানিক অধিকাৰ, অসম আৰু ভাৰত চৰকাৰৰ বিভিন্ন জনমুখী আঁচনি সমূহ ৰাইজৰ মাজলৈ লৈ যোৱাৰ হকে সজাগতা মূলক কাৰ্য্যসূচী ৰূপায়ন কৰাৰ বিষয়ে আজিৰ সভাত  বিশেষ ভাৱে আলোচনা কৰা হয়।  

সম-অধিকাৰ, সম-মৰ্যদা, সম-উন্নয়ন।

সন্মিলিত গণশক্তি অসম।

Paramananda Chayengia

শ্ৰী শ্ৰী বদলা পদ্ম আতা প্ৰভুৰ ৪৭৮ সংখ্যক আৰ্বিভাৱ মহোৎসৱ আৰু সমন্বয় সাংস্কৃতিক সমাৰোহ।

তিনিচুকীয়া জিলাৰ মুলীয়াবাৰী খেল পথাৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰী শ্ৰী বদলা পদ্ম আতা প্ৰভুৰ ৪৭৮ সংখ্যক আৰ্বিভাৱ মহোৎসৱ আৰু সমন্বয় সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত কৰা হয়।

উক্ত সমাৰোহৰ তৃতীয় দিনা মুকলি অধিৱেশন আৰু শ্ৰী শ্ৰী বদলা পদ্ম আতা বঁটা প্ৰদান অনুষ্ঠানত উদ্বোধক হিচাপে উপস্থিত থাকে সন্মিলিত গনশক্তি অসমৰ মাননীয় সভাপতি, মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা মিচিং বানৌ কেবাঙৰ সভাপতি পৰমানন্দ চায়েঙীয়া ডাঙৰীয়া।

   অনুষ্ঠানত মাননীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্য অতিথি হিচাপে উপস্থিত থাকে।
জনগোষ্ঠী সাংস্কৃতিক সংগম কাৰ্যসূচীৰ উদ্বোধন কৰে অসম বিধান সভাৰ  মাননীয় অধ্যক্ষ বিশ্বজিত দৈমাৰী ডাঙৰীয়াই।

✍ উল্লেখ্য যে, সভাপতি ডাঙৰীয়াই মহাপুৰুষ শ্ৰী শ্ৰী বদলা পদ্ম আতা প্ৰভুৱে কেনেকৈ আধ্যাত্মিকতাৰ জগতখনলৈ আহিল তথা প্ৰভুৰ জীৱন পৰিক্ৰমা আৰু অসমৰ জাতীয় জীৱনলৈ আগবঢ়োৱা অমূল্য অৱদানৰ লগতে যুৱ প্ৰজন্মক উশৃংখলাতাৰ প্ৰতি আকৃষ্ট নহৈ আধ্যাত্মিকতা তথা সমাজ সংস্কাৰৰ ক্ষেত্ৰত নিজকে নিয়োজিত কৰা আদি বিষয়ত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়াই ।

মাননীয় সভাপতি ডাঙৰীয়াক সংগ দিয়ে মিচিং স্বায়ত্বশাসিত পৰিষদৰ সন্মানীয় কাৰ্য্যবাহী সদস্য প্ৰশান্ত বড়ি ডাঙৰীয়া আৰু ডিব্ৰুগড়, তিনিচুকীয়া জিলাৰ জাতীয় সংগঠনৰ সন্মানীয় নেতা কৰ্মী সকলে।

সম-অধিকাৰ, সম-মৰ্যদা, সম-উন্নয়ন।

সন্মিলিতগনশক্তিঅসম।

ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা দিৱস।

ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা দিৱস

১৯৯৮ চনৰ আজিৰ দিনটোতে পোখৰাণত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা মহান বিজ্ঞানী ড° এ পি জে আব্দুল কালামৰ নেতৃত্বত আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী দেৱৰ তৎপৰতাত বিজ্ঞানীসকলে পাৰমাণৱিক পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছিল।
তথ্য প্ৰযুক্তি, পাৰমাণৱিক বিজ্ঞান, নৱীকৰণযোগ্য শক্তি আৰু মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰত বিজ্ঞানী সকলৰ অগ্ৰগতিয়ে ভাৰতক উদ্ভাৱনৰ এক বিশ্বব্যাপী কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছে ।

আজিৰ এই বিশেষ দিনটো
সন্মিলিত গণশক্তি অসমৰ তৰফৰ পৰা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড° এ পি জে আব্দুল কালাম আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী দেৱক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।
লগতে দেশৰ বিজ্ঞানী আৰু প্ৰযুক্তিবিদসকলক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

এই মহান বিজ্ঞানী আৰু প্ৰযুক্তিবিদ সকলৰ কৰ্মৰাজী তথা উল্লেখযোগ্য অৱদানে নৱ প্ৰজন্মক প্ৰতি খোজে অনুপ্ৰাণিত কৰিব।

সম-অধিকাৰ, সম-মৰ্য্যদা, সম-উন্নয়ন ।

সন্মিলিত গণশক্তি অসম।

ঢকুৱাখনা বান্দানা অঞ্চলত গঢ়াখহনীয়া স্থান পৰিদৰ্শন মাননীয় সভাপতি শ্ৰী পৰমানন্দ চায়েঙীয়া ডাঙৰীয়া আৰু মাননীয় উপদেষ্টা শ্ৰী সুনিল কুমাৰ পেগু ডাঙৰীয়াৰ।

       

      ঢকুৱাখনা বান্দানা অঞ্চলত ব্ৰহ্মপুত্ৰৰ খহনীয়া স্থান পৰিদৰ্শন কৰে সন্মিলিত গনশক্তি অসমৰ মাননীয় সভাপতি তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া ডাঙৰীয়া আৰু গণশক্তিৰ মাননীয় উপদেষ্টা তথা পৰিষদৰ অধ্যক্ষ সুনিল কুমাৰ পেগু ডাঙৰীয়াই।
 ঢকুৱাখনা বান্দানা অঞ্চলৰ নৈপৰীয়া ৰাইজৰ সৈতে আলোচনাত মিলিত হৈ গঢ়া খহনীয়া তথা স্পৰ্শকাতৰ অঞ্চল সমূহত কাঞ্চন গছ ৰোপণ কৰাৰ লগতে  প্ৰাকৃতিক আৰু উন্নত প্ৰযুক্তিৰে গঢ়া খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা সংবাদ মাধ্যমক জানিব দিয়ে মাননীয় সভাপতি ডাঙৰীয়াই।

পৰিদৰ্শন কালত উপস্থিত থাকে মিচিং জাতীয় সংগঠন TMPK MMK TMMK ৰ সন্মানীয় নেতৃবিন্দ, ঢকুৱাখনাৰ সন্মানীয় মহকুমাধিপতি, জলসম্পদ বিভাগৰ বিষয়ববীয়াৰ লগতে স্থানীয় ৰাইজ।

উল্লেখ্য যে মাননীয় সভাপতি ডাঙৰীয়াৰ উপস্থিতিত গঢ়া খহনীয়া প্ৰতিৰোধ আৰু ভূমি সুৰক্ষণ ঢকুৱাখনা নামেৰে এখন সমিতি গঠন কৰা হয়।

সন্মিলিত গনশক্তি অসম, মাছখোৱা খণ্ডশক্তিৰ আহ্বানত নাগৰিক সভা।

বেঙেনাগঢ়া আঞ্চলিক কৃষ্টি ভৱন কাংকান চাৰিআলিত সন্মিলিত গনশক্তি অসমৰ মাছখোৱা খণ্ডশক্তিৰ আহ্বানত নাগৰিক সভা অনুষ্ঠিত কৰা হয়।

উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় শক্তিৰ মাননীয় সভাপতি তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া ডাঙৰীয়া।

সভাত উপস্থিত থাকে সন্মিলিত গণশক্তি অসমৰ কেন্দ্ৰীয় সমিটিৰ সন্মানীয় উপ-সভাপতি যতীন চেতীয়া ডাঙৰীয়া, কেন্দ্ৰীয় সমিতিৰ সন্মানীয় উপ-সভাপতি হিৰণ্য দত্ত ডাঙৰীয়া, TMPK ৰ সন্মানীয় কেন্দ্ৰীয় কাৰ্য্যালয় সম্পাদক কুশল পায়েং ডাঙৰীয়া, TMPK জিলাৰ সন্মানীয় সহকাৰী সম্পাদক অভিনাচ সন্দী ডাঙৰীয়া, MMKৰ সদস্য বিক্ৰম মিচং ডাঙৰীয়া, চিচি মুখ সমষ্টিৰ সন্মানীয় সাধাৰণ সদস্যা লাবণ্য মিলি ডাঙৰীয়ানী, প্ৰাক্তন সন্মানীয় সাধাৰণ সদস্য পবিত্ৰ মিলি ডাঙৰীয়া, গোগামুখ পৰিষদীয় সমষ্টিৰ সন্মানীয় সাধাৰণ সদস্য ৰাজু পেগু ডাঙৰীয়া, মাছখোৱাৰ খণ্ড শক্তি সন্মানীয় সভাপতি মৃদুল বৰুৱা ডাঙৰীয়া, সন্মানীয় সম্পাদক বৈদ্যনাথ য়েইন ডাঙৰীয়া গণশক্তি, TMPK, MMK আৰু TMMKৰ কেন্দ্ৰ, জিলা, খণ্ড, আঞ্চলিকৰ বিষয়ববীয়াৰ লগতে স্থানীয় ৰাইজ।

আনহাতে, সভাত উপস্থিত সন্মিলিত গনশক্তি অসমৰ সদস্য সকলে বিশাল মটৰচাইকেল ৰেলীৰে নিৰ্বাচনী প্ৰচাৰ চলাই।

উল্লেখ্য যে উক্ত সভাত বিভিন্ন ৰাজনৈতিক দলৰ পৰা ১০০ গৰাকী নেতা কৰ্মী গণশক্তি দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ গণশক্তিত যোগদান কৰে।

নিৰ্বাচনী প্ৰচাৰ সভা

ঢকুৱাখনাত মাননীয় মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্বাচনী প্ৰচাৰ সভা।

উক্ত প্ৰচাৰ সভাত উপস্থিত থাকে সন্মিলিত গনশক্তি অসমৰ মাননীয় সভাপতি তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া ডাঙৰীয়া, গণশক্তিৰ মাননীয় উপদেষ্টা তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ সুনিল কুমাৰ পেগু ডাঙৰীয়া, সন্মানীয় বিধায়ক দ্বয় নৱ কুমাৰ দলে আৰু মানৱ ডেকা ডাঙৰীয়া, লখিমপুৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদান বৰুৱা ডাঙৰীয়া, বিজেপিৰ লগতে বিভিন্ন দল সংগঠনৰ নেতা কৰ্মী আৰু স্থানীয় ৰাইজ।

সবিশেষ জানিবলৈ এই লিংকত ক্লিক কৰক-

https://fb.watch/rGVaGEwjdN/?mibextid=RUbZ1f

নিৰ্বাচনী প্ৰচাৰ অভিযান ২০২৪।

11 April 2024 :-

সন্মিলিত গনশক্তি অসমৰ মাননীয় সভাপতি পৰমানন্দ চায়েঙীয়া ডাঙৰীয়াৰ নিৰ্বাচনী প্ৰচাৰ অভিযান।

সন্মিলিত গনশক্তি অসমৰ মাননীয় সভাপতি তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া ডাঙৰীয়াই মাজুলী জিলাৰ কহাৰ ডুবি মিছিং গাৱ, চিতাদাৰচুক ৰঙ্গমঞ্চ, ৰান্ধনীচুক, জেঙেৰাই মুখ, ১ নং মালাপিন্ধা আৰু চুমৈমাৰিত নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰি মিত্ৰজোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থী Topon Kumar Gogoi ডাঙৰীয়াৰ পক্ষে ভোটদান কৰি ৰাষ্ট্ৰ নিৰ্মাণ তথা দেশৰ উন্নয়নত হাত উজান দিবলৈ উপস্থিত ৰাইজক আহ্বান জনায়।

উল্লেখিত স্থানসমূহৰ সভাত সভাপতি ডাঙৰীয়াক সংগ দিয়ে গণশক্তিৰ মাননীয় উপ-সভাপতি তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ সন্মানীয় কাৰ্যাবাহী সদস্য জহান দলে ডাঙৰীয়া, TMPKৰ সন্মানীয় সভাপতি তিলক দলে ডাঙৰীয়া, পৰিষদৰ সন্মানীয় কাৰ্য্যবাহী সদস্য উমা পাঠৰি ডাঙৰীয়া, পৰিষদৰ সন্মানীয় সাধাৰণ সদস্য ত্ৰৈলোক্য পামেগাম ডাঙৰীয়া, TMMKৰ সন্মানীয়া সাধাৰণ সম্পাদীকা শৰ্মিলা পায়েং ডাঙৰীয়ানী, মাজুলী জিলা গনশক্তিৰ সন্মানীয় সভাপতি ৰঞ্জিত দলে ডাঙৰীয়া, MMKৰ সন্মানীয় যুটীয়া সম্পাদক ৰাজীৱ পেগু ডাঙৰীয়া, TMPK ৰ সন্মানীয় কেন্দ্ৰীয় কাৰ্য্যালয় সম্পাদক কুশল পায়েং ডাঙৰীয়া, মাজুলী জিলা TMPKৰ সন্মানীয় সভাপতি টুটু পাংগিং ডাঙৰীয়া , সন্মানীয় সম্পাদক হেমন্ত মিলি ডাঙৰীয়া, MMKৰ কেন্দ্ৰীয় সদস্য দ্বিপেন দলে ডাঙৰীয়া, মাজুলী জিলা গনশক্তি, TMPK, MMK, TMMK, MBK, MAK আৰু MDK ৰ নেতাকৰ্মীসকল।

12 April 2024 :-

মাননীয় সভাপতি ডাঙৰীয়াই শিৱসাগৰ জিলাৰ
তেলীয়াডোঙা ৰংগমঞ্চ, অনিল ভৱন, দলপা ৰংগমঞ্চ,
ভেঁকুৰী চাপৰি ৰংগমঞ্চ আৰু বৰগুৰি ৰংগমঞ্চত নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰি মিত্ৰজোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থী তপন গগৈ ডাঙৰীয়াৰ পক্ষে ভোটদান কৰি ৰাষ্ট্ৰ নিৰ্মাণ তথা দেশ আৰু জাতিৰ উন্নয়নত হাত উজান দিবলৈ উপস্থিত ৰাইজক আহ্বান জনায়।

উল্লেখিত স্থানসমূহৰ সভাত সভাপতি ডাঙৰীয়াক সংগ দিয়ে TMPKৰ সন্মানীয় কেন্দ্ৰীয় সাধাৰণ সম্পাদক চান পাংগিং ডাঙৰীয়া, স্থানীয় সন্মানীয় সাধাৰণ সদস্যা নিভা মিলি ডাঙৰীয়ানী, সন্মিলিত গণশক্তি অসম আৰু ছয় মিচিং জাতীয় সংগঠনৰ কেন্দ্ৰীয়, জিলা আৰু আঞ্চলিকৰ নেতা কৰ্মী সকল।

উল্লেখ্য যে, বৰগুৰি ৰংগমঞ্চত অনুষ্ঠিত হোৱা সভাত সন্মিলিত গণশক্তি অসমৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ ২০০ গৰাকী ব্যক্তিয়ে আমাৰ দলত যোগদান কৰে।

16 April 2024 :-

সন্মিলিত গনশক্তি অসম, বৰদলনি খণ্ডশক্তিৰ আহ্বানত নাগৰিক সভা।

গোগামুখ মইনাপৰা কৃষ্টি ভৱন, মহৰিকেম্প দেওবৰীয়া সপ্তাহিক বজাৰ প্ৰাংগন, লটাক কৃষ্টি ভৱন, জয়ৰামপুৰ বাৰভূঞা হাজং কৃষ্টি কেন্দ্ৰ, নাহৰবাৰী আঞ্চলিক মুৰং অকুম আৰু মিংমাং কঠালগুৰি কৃষ্টি ভৱনত নাগৰিক সভা অনুষ্ঠিত কৰা হয়।

উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় শক্তিৰ মাননীয় সভাপতি তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া ডাঙৰীয়া।

উল্লেখিত স্থানসমূহৰ সভাত মাননীয় সভাপতি ডাঙৰীয়াক সংগ দিয়ে কেন্দ্ৰশক্তিৰ সন্মানীয় উপ-সভাপতি হিৰণ্য দত্ত ডাঙৰীয়া, গোগামুখ পৰিষদীয় সমষ্টিৰ সন্মানীয় সাধাৰণ সদস্য ৰাজু পেগু ডাঙৰীয়া, গণশক্তি, কৃষক শক্তি, শ্ৰমিক শক্তি, TMPK, MMK, TMMK, কেন্দ্ৰীয়, জিলা, খণ্ড আৰু আঞ্চলিকৰ বিষয়ববীয়াই।

উল্লেখ্য যে, উক্ত সভাত বিভিন্ন ৰাজনৈতিক দল সংগঠনৰ প্ৰায় ৪০০ গৰাকী নেতা কৰ্মী গণশক্তি দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ গণশক্তিত যোগদান কৰে।

সবিশেষ জানিবলৈ এই লিংকত ক্লিক কৰক-

https://fb.watch/rGVcgxP98k/?mibextid=RUbZ1f

বিজয় সংকল্প সমাৱেশ।

লখিমপুৰ লোকসভা সমষ্টিৰ চুকুলীভৰীয়াত বিজয় সংকল্প সমাৱেশ’ অনুষ্ঠিত কৰা হয়।

উক্ত সমাৱেশত উপস্থিত থাকে মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, সন্মিলিত গনশক্তি অসমৰ মাননীয় সভাপতি তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া ডাঙৰীয়া, মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া, গণশক্তিৰ মাননীয় উপদেষ্টা তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ সুনিল পেগু ডাঙৰীয়া, ৰাজ্যিক বিজেপিৰ সন্মানীয় সভাপতি ভৱেশ কলিতা ডাঙৰীয়া, সন্মানীয় বিধায়ক ভূৱন পেগু ডাঙৰীয়া, মানৱ ডেকা ডাঙৰীয়া, নৱ কুমাৰ দলে ডাঙৰীয়া, মিত্ৰজোঁটৰ প্ৰাৰ্থী সন্মানীয় প্ৰদান বৰুৱা ডাঙৰীয়া, দলীয় নেতাকৰ্মী সকল, বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াৰ লগতে সহস্ৰাধিক ৰাইজ।

উল্লেখ্য যে, সমাৱেশত গণশক্তিৰ মাননীয় সভাপতি ডাঙৰীয়াই এখনি মিচিং মাফলাৰে মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী #অমিত_শ্বাহ ডাঙৰীয়াক আগন্তুক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা।

গোগামুখ দিৰপাই ইক’কেম্পত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা।