চাৰ্কুলাৰ

প্ৰতি,

সন্মিলিত গণশক্তি অসম,
সন্মিলিত নাৰী শক্তি অসম,
সন্মিলিত কৃষক শক্তি অসম আৰু সন্মিলিত শ্ৰমিক শক্তি অসমৰ কেন্দ্ৰ শক্তিৰ সকলো বিষয়ববীয়া তথা সদস্য-সদস্যা

   আৰু

সভাপতি/সম্পাদক,
সকলো খণ্ড শক্তি ।

বিষয় – চাৰ্কুলাৰ প্ৰেৰণ।

প্ৰিয় সতীৰ্থ সকল,

দলীয় সম্ভাষণ আৰু ৰঙালী বিহুৰ উলগ জনালোঁ । যোৱা ইং 12 এপ্ৰিল 2023 তাৰিখে গোগামুখৰ চেতিয়া গাঁওত অৱস্থিত RLRC ত সন্মিলিত গণশক্তি অসমৰ মাননীয় সভাপতি শ্ৰীযুত পৰমানন্দ চায়েঙীয়া দেৱৰ সভাপতিত্বত কৰ্ণধাৰ শক্তিৰ প্ৰথমখনি সভা অনুষ্ঠিত হয় । সভাত বিভিন্ন দলীয় সাংগঠনিক দিশৰ ওপৰত আলোচনা কৰি নিম্নোলিখিত সিদ্ধান্ত সমূহ কাৰ্যকৰীকৰণাৰ্থে গ্ৰহণ কৰা হয়।

সিদ্ধান্ত নং 1ঃ সাংগঠনিক কাম-কাজ সমূহ সূচাৰুৰূপে পৰিচালনা কৰি দলীয় স্থিতি অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে কাৰ্যকৰী সভাপতি, উপসভাপতি আৰু সাধাৰণ সম্পাদক সকলৰ মাজত কৰ্ম বিভাজন কৰা হয় । উক্ত কৰ্ম বিভাজন এনেধৰণৰ –

  1. কাৰ্যকৰী সভাপতি আৰু উপসভাপতি পৰ্য্যায়ঃ
    (i) মহিম হাজৰিকা, কাৰ্যকৰী সভাপতি- প্ৰচাৰ বিভাগ। (ii) হিৰণ্য দত্ত, উপ সভাপতি – প্ৰশাসনীক । (iii) যতীন চেতিয়া, ৰঞ্জিত দলে, জহান দলে উপসভাপতি- সাংগঠনিক ।
  2. সাধাৰণ সম্পাদক পৰ্য্যায়ঃ
    ১/ পুৰুষোত্তম দলে, সাধাৰণ সম্পাদক, প্ৰশাসনিক সাধাৰণ সম্পাদক।

২/ ৰাজু খনিকৰ, সাধাৰণ সম্পাদক, সাংগঠনিক সাধাৰণ সম্পাদক।

৩/ নৰেশ্চ কুম্বাং, সাধাৰণ সম্পাদক, প্ৰচাৰ বিভাগ- সাধাৰণ সম্পাদক।

৪/ গুণ চুতীয়া, সাধাৰণ সম্পাদিকা, মহিলা দিশ সমূহৰ তদাৰকী সাধাৰণ সম্পাদিকা।

ওপৰত উল্লেখ কৰা কৰ্ম বিভাজন মৰ্মে বিষয়-ববীয়া সকলক নিদিষ্ট কৰি দিয়া বিভাগ সমূহৰ ওপৰত তেওঁলোখ বিশেষ ভাৱে দায়বদ্ধ থাকিব।

সিদ্ধান্ত নং 2ঃ ১ মে আন্তৰ্জাতিক শ্ৰমিক দিৱস কাৰ্যসূচী কেন্দ্ৰীয় ভাৱে পালনৰ সমান্তৰালভাৱে গোগামুখত শ্ৰমিক অভিবৰ্তন অনুষ্ঠিত কৰা হব। এই শুভ দিনতে সন্মিলিত গণশক্তি অসমৰ গোগামুখস্থিত দলৰ মুখ্য কাৰ্য্যালয়ৰ দ্বাৰ উন্মোচন আৰু গৃহ প্ৰৱেশ কাৰ্যসূচী হাতত লোৱা হৈছে।

শ্ৰমিক অভিবৰ্তনলৈ প্ৰতি খণ্ডশক্তিৰ পৰা দহজনকৈ প্ৰতিনিধি শ্ৰমিক শক্তিৰ খণ্ড শক্তি সমূহৰ পৰা প্ৰেৰণ কৰিব লাগিব। কেন্দ্ৰশক্তিৰ সকলো বিষয়-ববীয়া সাধাৰণ পৰিষদৰ সদস্য-সদস্যা সকলৰ অংশগ্ৰহন বাধ্যতামূলক। শ্ৰম আইনে প্ৰদান কৰা অধিকাৰ আৰু শ্ৰমিক সকলকৰ সুবিধা সমূহৰ ওপৰত আলোচনা কৰিবলৈ অভিজ্ঞ শ্ৰমিক নেতাক অভিবৰ্তনলৈ নিমন্ত্ৰণ জনোৱা হব। পৰবৰ্ত্তী পৰ্যায়ত সকলো খণ্ডশক্তিত অসম চৰকাৰৰ শ্ৰম বিভাগত নাম পঞ্জীয়নৰ বাবে “শ্ৰমিক পঞ্জীয়ণ প্ৰষেক” নামাকৰণেৰে কাৰ্যসূচী গ্ৰহণ কৰা হব।

সিদ্ধান্ত নং 3ঃ এতিয়াৰে পৰা কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সদস্য হবলৈ অতি কমেও এক বছৰ অধিক কাল শাখা শক্তিক কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব । কেন্দ্ৰ শক্তিৰ প্ৰতিগৰাকী সদস্য- সদস্যাই প্ৰত্যেক বছৰে 500 (পাঁচশ) টকাকৈ বাৰ্ষিক বৰঙণি হিচাপে দিব লাগিব। এইসকল দলৰ মজিয়াত আজীৱন সদস্য/সদস্যাৰ মৰ্যাদা দিয়া হব।

সিদ্ধান্ত নং 4ঃ খণ্ড আৰু শাখা শক্তি সমূহে কেন্দ্ৰ শক্তিক প্ৰতিবছৰে 100 (এশ)টকা দলীয় মাছুল হিচাবে দিব লাগিব ।দলীয় সদস্যা বাৰ্ষিক মাছুল 50টকা হব । সদস্য-সদস্যা সকলো সদস্যপদ বাৰ্ষিক ভাৱে নৱীকৰণ কৰাটো বাধ্যতামূলক ।

সিদ্ধান্ত নং 5ঃ নিৰ্বাচিত প্ৰতিনিধি যেনে- এম.এ.চি কাৰ্যবাহী সদস্য, সাধাৰণ সদস্য, জিলা পৰিষদৰ সদস্য তথা গাওঁ পঞ্চায়ত সভাপতি সকলে বাৰ্ষিক দলীয় বৰঙণী ১০ হাজাৰ টকাকৈ দিব লাগিব। অন্যহাতেদি গাওঁ পঞ্চায়তৰ আঞ্চলিক সদস্য/সদস্যা সকলে ৩ হাজাৰ টকা আৰু অন্যান্য নিকায় সমূহৰ অধ্যক্ষ সকলৰ বাৰ্ষিক মাচুল ২ হাজাৰ হব।

সিদ্ধান্ত নং 6ঃ কৰ্ণধাৰ সভাই “সমবিকাশ”নামাকৰণে এটি দলীয় ন্যাস গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । নিম্নলিখিত 5 গৰাকী বিষয় ববীয়া এই ন্যাসৰ সদস্য হিচাপে থাকিব –
1. পৰমানন্দ চায়েঙিয়া
2. সুনীল কুমাৰ পেগু
3. মহিম হাজৰিকা
4. হিৰন্য দত্ত
5. পুৰুষোত্তম দলে।

সিদ্ধান্ত নং 7ঃ পূৰ্বৰ সিদ্ধান্ত অনুসৰি 27 আৰু 28 মে তাৰিখে দুদিনীয়াকৈ কেন্দ্ৰ শক্তিৰ কৰ্মশালা গোগামুখ চেতিয়া গাঁৱৰ RLRC ত অনুষ্ঠিত হব । উক্ত কৰ্মশালাত কেন্দ্ৰ শক্তিৰ সকলো বিষয় ববীয়া, সাধাৰণ পৰিষদৰ সদস্য- সদস্যা আৰু খণ্ডশক্তি সমূহৰ সভাপতি সম্পাদক বাধ্যতামূলক ভাৱে উপস্থিত থাকিব লাগিব ।

 সতীৰ্থ সকল, উপৰোক্ত সিদ্ধান্ত সমূহ সফল ভাৱে কাৰ্যকৰীকৰণৰ বাবে আপোনালোক সকলোৰে সহায় সহযোগিতা কামনা কৰিলোঁ।

ধন্যবাদ


পুৰুষোত্তম দলে
সাধাৰণ সম্পাদক, (প্ৰশাসনিক)
সন্মিলিত গণশক্তি, অসম।

Leave a Reply

Your email address will not be published. Required fields are marked *