শ্ৰী শ্ৰী বদলা পদ্ম আতা প্ৰভুৰ ৪৭৮ সংখ্যক আৰ্বিভাৱ মহোৎসৱ আৰু সমন্বয় সাংস্কৃতিক সমাৰোহ।

তিনিচুকীয়া জিলাৰ মুলীয়াবাৰী খেল পথাৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰী শ্ৰী বদলা পদ্ম আতা প্ৰভুৰ ৪৭৮ সংখ্যক আৰ্বিভাৱ মহোৎসৱ আৰু সমন্বয় সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত কৰা হয়।

উক্ত সমাৰোহৰ তৃতীয় দিনা মুকলি অধিৱেশন আৰু শ্ৰী শ্ৰী বদলা পদ্ম আতা বঁটা প্ৰদান অনুষ্ঠানত উদ্বোধক হিচাপে উপস্থিত থাকে সন্মিলিত গনশক্তি অসমৰ মাননীয় সভাপতি, মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা মিচিং বানৌ কেবাঙৰ সভাপতি পৰমানন্দ চায়েঙীয়া ডাঙৰীয়া।

   অনুষ্ঠানত মাননীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্য অতিথি হিচাপে উপস্থিত থাকে।
জনগোষ্ঠী সাংস্কৃতিক সংগম কাৰ্যসূচীৰ উদ্বোধন কৰে অসম বিধান সভাৰ  মাননীয় অধ্যক্ষ বিশ্বজিত দৈমাৰী ডাঙৰীয়াই।

✍ উল্লেখ্য যে, সভাপতি ডাঙৰীয়াই মহাপুৰুষ শ্ৰী শ্ৰী বদলা পদ্ম আতা প্ৰভুৱে কেনেকৈ আধ্যাত্মিকতাৰ জগতখনলৈ আহিল তথা প্ৰভুৰ জীৱন পৰিক্ৰমা আৰু অসমৰ জাতীয় জীৱনলৈ আগবঢ়োৱা অমূল্য অৱদানৰ লগতে যুৱ প্ৰজন্মক উশৃংখলাতাৰ প্ৰতি আকৃষ্ট নহৈ আধ্যাত্মিকতা তথা সমাজ সংস্কাৰৰ ক্ষেত্ৰত নিজকে নিয়োজিত কৰা আদি বিষয়ত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়াই ।

মাননীয় সভাপতি ডাঙৰীয়াক সংগ দিয়ে মিচিং স্বায়ত্বশাসিত পৰিষদৰ সন্মানীয় কাৰ্য্যবাহী সদস্য প্ৰশান্ত বড়ি ডাঙৰীয়া আৰু ডিব্ৰুগড়, তিনিচুকীয়া জিলাৰ জাতীয় সংগঠনৰ সন্মানীয় নেতা কৰ্মী সকলে।

সম-অধিকাৰ, সম-মৰ্যদা, সম-উন্নয়ন।

সন্মিলিতগনশক্তিঅসম।

ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা দিৱস।

ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা দিৱস

১৯৯৮ চনৰ আজিৰ দিনটোতে পোখৰাণত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা মহান বিজ্ঞানী ড° এ পি জে আব্দুল কালামৰ নেতৃত্বত আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী দেৱৰ তৎপৰতাত বিজ্ঞানীসকলে পাৰমাণৱিক পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছিল।
তথ্য প্ৰযুক্তি, পাৰমাণৱিক বিজ্ঞান, নৱীকৰণযোগ্য শক্তি আৰু মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰত বিজ্ঞানী সকলৰ অগ্ৰগতিয়ে ভাৰতক উদ্ভাৱনৰ এক বিশ্বব্যাপী কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছে ।

আজিৰ এই বিশেষ দিনটো
সন্মিলিত গণশক্তি অসমৰ তৰফৰ পৰা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড° এ পি জে আব্দুল কালাম আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী দেৱক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।
লগতে দেশৰ বিজ্ঞানী আৰু প্ৰযুক্তিবিদসকলক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

এই মহান বিজ্ঞানী আৰু প্ৰযুক্তিবিদ সকলৰ কৰ্মৰাজী তথা উল্লেখযোগ্য অৱদানে নৱ প্ৰজন্মক প্ৰতি খোজে অনুপ্ৰাণিত কৰিব।

সম-অধিকাৰ, সম-মৰ্য্যদা, সম-উন্নয়ন ।

সন্মিলিত গণশক্তি অসম।

ঢকুৱাখনা বান্দানা অঞ্চলত গঢ়াখহনীয়া স্থান পৰিদৰ্শন মাননীয় সভাপতি শ্ৰী পৰমানন্দ চায়েঙীয়া ডাঙৰীয়া আৰু মাননীয় উপদেষ্টা শ্ৰী সুনিল কুমাৰ পেগু ডাঙৰীয়াৰ।

       

      ঢকুৱাখনা বান্দানা অঞ্চলত ব্ৰহ্মপুত্ৰৰ খহনীয়া স্থান পৰিদৰ্শন কৰে সন্মিলিত গনশক্তি অসমৰ মাননীয় সভাপতি তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া ডাঙৰীয়া আৰু গণশক্তিৰ মাননীয় উপদেষ্টা তথা পৰিষদৰ অধ্যক্ষ সুনিল কুমাৰ পেগু ডাঙৰীয়াই।
 ঢকুৱাখনা বান্দানা অঞ্চলৰ নৈপৰীয়া ৰাইজৰ সৈতে আলোচনাত মিলিত হৈ গঢ়া খহনীয়া তথা স্পৰ্শকাতৰ অঞ্চল সমূহত কাঞ্চন গছ ৰোপণ কৰাৰ লগতে  প্ৰাকৃতিক আৰু উন্নত প্ৰযুক্তিৰে গঢ়া খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা সংবাদ মাধ্যমক জানিব দিয়ে মাননীয় সভাপতি ডাঙৰীয়াই।

পৰিদৰ্শন কালত উপস্থিত থাকে মিচিং জাতীয় সংগঠন TMPK MMK TMMK ৰ সন্মানীয় নেতৃবিন্দ, ঢকুৱাখনাৰ সন্মানীয় মহকুমাধিপতি, জলসম্পদ বিভাগৰ বিষয়ববীয়াৰ লগতে স্থানীয় ৰাইজ।

উল্লেখ্য যে মাননীয় সভাপতি ডাঙৰীয়াৰ উপস্থিতিত গঢ়া খহনীয়া প্ৰতিৰোধ আৰু ভূমি সুৰক্ষণ ঢকুৱাখনা নামেৰে এখন সমিতি গঠন কৰা হয়।