সন্মিলিত গণশক্তি অসম কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা।
আজি ২৩ জুন ২০২৪ তাৰিখে গোগামুখ চেতিয়া গাঁৱস্থিত RLRC প্ৰেক্ষাগৃহত সন্মিলিত গণশক্তি অসমৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হয় ।
সভাত সভাপতিত্ব কৰে গণশক্তিৰ মাননীয় সভাপতি পৰমানন্দ চায়েঙীয়া ডাঙৰীয়াই।
উপস্থিত থাকে গণশক্তিৰ মাননীয় উপদেষ্টা সুনীল কুমাৰ পেগু ডাঙৰীয়া, সন্মানীয় উপ-সভাপতি ক্ৰমে হিৰণ্য দত্ত ডাঙৰীয়া, ৰঞ্জিত দলে ডাঙৰীয়া, জহান দলে ডাঙৰীয়া, সন্মানীয় সাধাৰণ সম্পাদক দ্বয় ৰমা পাইট ডাঙৰীয়া, সন্মানীয় ৰাজু খনিকৰ ডাঙৰীয়া, সন্মানীয় প্ৰচাৰ সম্পাদক নৰেশ্ব কুম্বাং ডাঙৰীয়া, কৃষক শক্তিৰ সন্মানীয় সভাপতি প্ৰতাপ টায়ে ডাঙৰীয়া, সন্মানীয় সম্পাদক অনিল পায়েং ডাঙৰীয়া, নাৰী শক্তিৰ সন্মানীয়া সভানেত্ৰী ভৱানী দুৱৰা ডাঙৰীয়ানী, সন্মানীয় সম্পাদিকা নিভা মিলি ডাঙৰীয়ানী, শ্ৰমিক শক্তিৰ সন্মানীয় সম্পাদক অতুল পেগু, কেন্দ্ৰীয়, জিলা, খণ্ড শক্তিৰ সন্মানীয় সভাপতি সম্পাদকৰ লগতে সমূহ বিষয়ববীয়া।
সভাত প্ৰতিখন খণ্ড শক্তিয়ে যোৱা লোকসভা নিৰ্বাচনৰ প্রতিবেদন দাখিল কৰাৰ লগতে আগন্তুক MAC আৰু পঞ্চায়ত নিৰ্বাচনৰ বিষয়ে পৰ্য্যালোচনা কৰা হয়।
উল্লেখ্য যে গণশক্তিৰ প্ৰচাৰকোষ শক্তিশালী কৰা, মিচিং স্বায়ত্বশাসিত পৰিষদৰ প্ৰতিটো আঁচনি, শ্ৰমিক আৰু কৃষকৰ সাংবিধানিক অধিকাৰ, অসম আৰু ভাৰত চৰকাৰৰ বিভিন্ন জনমুখী আঁচনি সমূহ ৰাইজৰ মাজলৈ লৈ যোৱাৰ হকে সজাগতা মূলক কাৰ্য্যসূচী ৰূপায়ন কৰাৰ বিষয়ে আজিৰ সভাত বিশেষ ভাৱে আলোচনা কৰা হয়।
সম-অধিকাৰ, সম-মৰ্যদা, সম-উন্নয়ন।