সংবিধান- সন্মিলিত গণশক্তি, অসম।
অধ্যায়-১
নাম আৰু পতাকা
ধাৰা- ১.১ঃ সংগঠনৰ নামঃ সংগঠনৰ নাম ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাত হ’ব ” সন্মিলিত গণশক্তি, অসম” বা “Sanmilita Gana shakti asom” । সংক্ষেপে “গণশক্তি” বুলি কোৱা হ’ব।
ধাৰা-১.২ঃ পতাকাঃ পতাকাৰ আকাৰ হ’ব ৩ঃ২ অনুপাতত আয়তাকাৰ আৰু ৰং হ’ব- থিয়কৈ এক তৃতীয়াংশ সেউজীয়া আৰু দুই তৃতীয়াংশ বগা; বগাৰ মাজত ৰঙা ৰঙৰ গোলাকাৰ সূৰ্য্যৰ প্ৰতীক থাকিব। সেউজীয়া ৰং কৃষি আৰু কৃষকৰ প্ৰতীক আৰু ৰঙা ৰঙৰ সূৰ্য্য গণশক্তি আৰু গণ সংগ্ৰামৰ প্ৰতীক।
অধ্যায়-২
*লক্ষ্য আৰু উদ্দেশ্য*
ধাৰা- ২.১ঃ অসমত এক প্ৰগতিশীল আৰু গণতান্ত্ৰিক আঞ্চলিক ৰাজনৈতিক শক্তিৰ জন্ম দি সামগ্ৰিক ভাবে অসম আৰু অসমবাসীৰ স্বাৰ্থ আৰু অধিকাৰৰ হকে সংগঠিত ভাবে সংগ্ৰাম কৰা।
ধাৰা- ২.২ঃ অসমৰ ভিতৰৰে অনগ্ৰসৰ পিছপৰা অঞ্চল সমূহৰ লগতে সামগ্ৰিকভাবে অসমৰ পিছপৰা জনগোষ্ঠী সমূহৰ বাবে সংগঠিত ভাবে সংগ্ৰাম কৰা।
ধাৰা- ২.৩ঃ অসমৰ সকলো অঞ্চলৰ সকলো জাতি-ধৰ্ম-বৰ্ণৰ লোকক সম অধিকাৰ আৰু সমমৰ্য্যদাৰ ভিত্তিত ভাৰতীয় সংবিধানৰ আধাৰত প্ৰাপ্য অধিকাৰৰ বাবে গণতান্ত্ৰিকভাৱে সংগ্ৰাম কৰিবলৈ সংগঠিত কৰা, প্ৰতিটো জনগোষ্ঠী বা জাতিসত্তাৰ স্বকীয়তা অক্ষুণ্ণ ৰখা তথা কোনো জনগোষ্ঠীৰ মৌলিক অধিকাৰ কোনো ব্যৱস্থাৰ দ্বাৰা যাতে খৰ্ব নহয়, তাৰ বাবে সংগ্ৰাম কৰা।
ধাৰা- ২.৪ঃ সকলো ধৰণৰ অন্যায়, অত্যাচাৰ, শোষণ বঞ্চনা আৰু নিপীড়নৰ বিৰোধীতা কৰা আৰু তাৰ বাবে জনসাধাৰক শিক্ষিত কৰা, সংগঠিত কৰা আৰু গনতান্ত্ৰিক সংগ্ৰাম গঢ়ি তোলা।
ধাৰা-২.৫ঃ সকলো ধৰণৰ উগ্ৰজাতীয়তাবাদ, সাম্প্ৰদায়িকতা, গোষ্ঠীবাদ, বৰ্ণবাদ আৰু জাতিগত দমন বা বৈষম্যৰ বিৰোধীতা কৰা।
ধাৰা-২.৬ঃ সকলো সময়ত, সকলো বিষয়ত আৰু সকলো স্থানত ব্যক্তি স্বাৰ্থৰ উৰ্দ্ধত জনসাধাৰণৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিয়া।
ধাৰা-২.৭ঃ সকলো সময়ত, সকলো বিষয়ত আৰু সকলো স্থানত ধৰ্ম নিৰপেক্ষতাৰ নীতিক মানি চলা।
ধাৰা-২.৮ঃ সকলো ধৰণৰ সন্ত্ৰাসবাদ আৰু হিংসাত্মক কাৰ্যকলাপক বিৰোধীতা কৰা আৰু শান্তি প্ৰতিষ্ঠাৰ বাবে কাম কৰা।
ধাৰা-২.৯ঃ কৃষক, শ্ৰমিক, মহিলা আৰু ছাত্ৰ সকলক পৃথক পৃথক মঞ্চত সংগঠিত কৰা আৰু প্ৰাপ্য অধিকাৰৰ বাবে সংগ্ৰাম কৰিবলৈ অনুপ্ৰাণিত কৰা।
অধ্যায়-৩
*সংগঠন সদস্যপদ।*
ধাৰা-৩.১ঃ সদস্য-সদ্যসা ভৰ্তি অৰ্হতাঃ জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে ১৮ বছৰ বয়স প্ৰাপ্ত অসমবাসী যিকোনো ভাৰতীয় নাগৰিকে সংগঠনৰ সংবিধান আৰু কৰ্মসূচী প্ৰতি আনুগত্য প্ৰকাশ কৰি ঘোষিত লক্ষ্য আৰু উদ্দেশ্যৰ বাবে কাম কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিলে নিয়মীয়া মাচুল জমা দি সদস্য-সদস্য পদৰ বাবে আবেদন জনাব পাৰে।
ধাৰা-৩.২ঃ সদস্য-সদস্যা ভৰ্ত্তি প্ৰক্ৰিয়াঃ সদস্য-সদস্যা ভৰ্ত্তিৰ বাবে কোনো ব্যক্তি সংগঠনৰ ব্লক বা পঞ্চায়ত বা গাঁও/ৱাৰ্ড সমিতিৰ ওচৰত আবেদন কৰিব। কেন্দ্ৰীয় সমিতিৰ অনুমোদন সাপেক্ষে ব্লক সমিতিয়ে সদস্য-সদস্যাপদ চুড়ান্ত কৰিব। কেন্দ্ৰীয় সমতিয়ে যিকোনো ব্যক্তিক পোনপটীয়াকৈ সদস্যপদ প্ৰদান কৰিব পাৰিব।
ধাৰা-৩.৩ঃ সদস্য-সদস্যা ভৰ্ত্তিৰ মাচুলঃ সদস্য-সদস্যা ভৰ্ত্তিৰ মাচুল ৫/-টকা হ’ব। বছৰেকীয়া নবীকৰণ মাচুল হ’ব ৫.০০ টকা।
ধাৰা-৩.৪ঃ সদস্য-সদস্যাৰ অধিকাৰঃ সংগঠনৰ সকলো সদস্য-সদস্যাই সমানে পাব লগা অধিকাৰ সমূহ হ’ল-
ক) সংগঠনৰ কোনো সমতি, উপ-সমিতি বা বিষয় বাবৰ বাবে সাংগঠনিক নিৰ্বাচনত ভোট দিয়া বা ভোটৰ জৰিয়তে নিৰ্বাচিত হোৱা।
খ) সংগঠনৰ মজিয়াত নীতি, আৰ্দশ, কাৰ্যসূচী, কাৰ্য পদ্ধতি আদিৰ বিষয়ে মুক্ত ভাবে আলোচনা কৰা।
গ) সংগঠনৰ কাৰ্যসূচী, কৌশল, সিদ্ধান্ত আদি জনা।
ঘ) কেৱল সংগঠনৰ মজিয়াত (বাহিৰত নহয়) সংগঠন আৰু সংগঠনৰ কোনো বিষয় ববীয়া, সদস্য-সদস্যা আদিক আলোচনা কৰা।
ঙ) যিকোনো বিষয়ত আনকি অনুশাসনমূলক সিদ্ধান্তৰ বিৰুদ্ধেও ওপৰৰ সমিতিত আবেদন জনোৱা।
ধাৰা-৩.৫ঃ সদস্য/সদস্যাৰ দায়িত্বঃ সংগঠনৰ সকলো সদস্য/সদস্যাই সমানে পালন কৰিব লগা দায়িত্ব বা কৰ্ত্তব্য সমূহ হ’ল-
ক) সংগঠনৰ একতা, নীতি-আৰ্দশক ৰক্ষা কৰা।
খ) এক সহজ সৰল জীৱন যাপন কৰা।
গ) জনগণৰ সৈতে নিবিড় সম্পৰ্ক ৰক্ষা কৰা; জনগণৰ সমস্যা সমূহৰ লগত যুক্ত হোৱা, জনগণৰ অধিকাৰৰ পক্ষত সদায় থিয় দিয়া আৰু জনগণক শিক্ষিত কৰা।
ঘ) সংগঠনৰ সিদ্ধান্ত সমূহ কোনো হীন-দেৰি নোহোৱাকৈ কাৰ্যকৰী কৰাত অংশ লোৱা।
ঙ) নিয়মীয়াকৈ সদস্য-সদস্যা ভৰ্তি মাচুল আদায় দিয়া।
চ) সংগঠনৰ সভা সমিতি সমূহত নিয়মীয়াকৈ উপস্থিত থকা।
অধ্যায়-৪
সংগঠনৰ সাংগঠনিক বিধি ব্যৱস্থা।
ধাৰা-৪.১ঃ সাংগঠনিক নীতিঃ সাংগঠনিক বিধি-ব্যৱস্থা গনতান্ত্ৰিক কেন্দ্ৰীকতাৰ নীতিৰ ওপৰত আধাৰিত হ’ব। গনতান্ত্ৰিক কেন্দ্ৰীকতাৰ মৌলিক নীতি সমূহ হৈছে-
ক) ব্যক্তি সংগঠনৰ অধীন।
খ) সংগঠনত সংখ্যালঘূ সংখ্যাগুৰুৰ অধীন।
গ) তলৰ সমিতি ওপৰৰ সমিতিৰ অধীন।
ঘ) সমগ্ৰ সংগঠন কেন্দ্ৰীয় সাধাৰণ অধিৱেশনৰ অধীন।
ধাৰা-৪.১ঃ সাংগঠনিক সমিতিঃ সংগঠনৰ সৰ্ব্বোচ্চ নীতি নিৰ্দ্ধাৰক সমিতি হৈছে কেন্দ্ৰীয় সাধাৰণ অধিৱেশন। কেন্দ্ৰীয় সাধাৰণ অধিৱেশনৰ অন্তবৰ্তি সময়ত বিভিন্ন স্তৰত কাৰ্যনিৰ্বাহ কৰিব লগা সমিতি সমূহ হৈছে-
ক) কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতি
খ) কেন্দ্ৰীয় কৰ্ণধাৰ সমিতি
গ) ব্লক সমিতি
ঘ) গাওঁ পঞ্চায়ত সমিতি
ঙ) গাওঁ বা ৱাৰ্ড সমিতি
চ) কেন্দ্ৰীয় সমিতিয়ে গঠন কৰা বিশেষ সমিতি আৰু উপ সমিতি।
অধ্যায় – ৫
কেন্দ্ৰীয় সাধাৰণ অধিৱেশন
ধাৰা-৫.১ঃ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিয়ে প্ৰতি দুবছৰৰ মূৰে মূৰে কেন্দ্ৰীয় সাধাৰন অধিৱেশন আহ্বান কৰিব। কোনো বিশেষ পৰিস্থিতিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিয়ে সাধাৰণ অধিৱেশন আগুৱাব বা পিছুৱাব পাৰিব।
ধাৰা-৫.২ঃ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিয়ে কেন্দ্ৰীয় সাধাৰন অধিৱেশনৰ বাবে ব্লক সমিতি, বিশেষ সমিতি আৰু উপসমিতি সমূহৰ পৰা প্ৰতিনিধিৰ সংখ্যা নিৰ্দ্ধাৰণ কৰিব।
ধাৰা-৫.৩ঃ কেন্দ্ৰীয় সাধাৰন অধিৱেশনৰ এমাহ পূৰ্বে সকলো তলৰ পৰ্যায়ৰ সমিতিয়ে নিজা নিজা অধিৱেশন সম্পন্ন কৰিব লাগিব আৰু প্ৰতিনিধি নিৰ্বাচন কৰি আগতীয়াকৈ জমা দিব লাগিব।
ধাৰা-৫.৪ঃ কেন্দ্ৰীয় সাধাৰন অধিৱেশন পৰিচালনাৰ বাবে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকে তিনি বা পাঁচ জনীয়া সভাপতিমণ্ডলী গঠন কৰিব।
কেন্দ্ৰীয় সাধাৰন অধিৱেশনৰ কাম-কাজ তথা ক্ষমতাঃ
ধাৰা-৫.৫- কেন্দ্ৰীয় সাধাৰন অধিৱেশনে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ সাংগঠনিক-ৰাজনৈতিক প্ৰতিবেদন শুনিব, বিৰ্তক অনুষ্ঠিত কৰিব আৰু সংশোধনী সাপেক্ষে গ্ৰহণ কৰিব।
ধাৰা-৫.৬ঃ কেন্দ্ৰীয় সাধাৰন অধিৱেশনে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ কাৰ্যকাল আয়-ব্যয়ৰ খতিয়ান ল’ব আৰু হিচাপ গ্ৰহণ বা নাকচ কৰিব। প্ৰয়োজন সাপেক্ষে হিচাব পৰীক্ষাৰ বাবে কোনো উপ-সমিতি বা হিচাব পৰীক্ষক নিয়োগ কৰিব।
ধাৰা-৫.৭ঃ সংগঠনৰ নীতি, কৌশল, মতাদৰ্শগত প্ৰশ্ন, ৰাজনৈতিক সিদ্ধান্ত, কৰ্মসূচী, সংবিধান আদি গুৰুত্বপূৰ্ণ বিষয়ত কেন্দ্ৰীয় সাধাৰণ অধিৱেশনে আলোচনা কৰিব আৰু চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব।
ধাৰা-৫.৮ঃ কেন্দ্ৰীয় সাধাৰন অধিৱেশনে গনতান্ত্ৰিক আভ্যন্তৰিণ নিৰ্বাচনৰ জৰিয়তে কেন্দ্ৰীয় কাৰ্যনিবাহক সমিতি গঠন কৰিব আৰু যিকোনো বিষয়ত প্ৰয়োজন সাপেক্ষে বিশেষ বা উপ-সমিতি গঠন কৰিব আৰু এনে সমিতিৰ কাম কাজ সুনিৰ্দ্দিষ্ট কৰি দিব।
অধ্যায়-৬
কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতি
ধাৰা-৬.১ঃ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ কাম-কাজ দুবছৰীয়া হ’ব।
ধাৰা-৬.২ঃ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতি সৰ্ব নিম্ন ৫১ জনীয়া আৰু সৰ্বাধিক ১০১ জনীয়া হ’ব।
ধাৰা-৬.৩ঃ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিয়ে কাৰ্যনিৰ্বাহক সদস্য/সদস্যাৰ মাজৰ পৰা নিম্নোক্ত বিষয়ববীয়া সকলক নিৰ্বাচন কৰিব-
ক) সভাপতি- ১গৰাকী ।
খ) উপ-সভাপতি- ৩-৫ গৰাকী।
গ) সাধাৰণ সম্পাদক- ৩ গৰাকী।
ঘ) সম্পাদক- ৫ গৰাকী।
ঙ) যুটীয়া সম্পাদক- ৫ গৰাকী।
চ) বিত্তীয় সম্পাদক- ২ গৰাকী।
ছ) সাংগঠনিক সম্পাদক- ৩ গৰাকী।
জ) কাৰ্যালয় সম্পাদক – ১গৰাকী।
ঝ) প্ৰচাৰ সম্পাদক- ৩ গৰাকী।
ঞ) সাংস্কৃতিক সম্পাদক- ২ গৰাকী।
ধাৰা-৬.৪ঃ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিয়ে কাৰ্যকালৰ যি কোনো সময়ত বিষয়ববীয়া সকলৰ সাল-সলনি কৰিব পাৰিব।
ধাৰা-৬.৫ঃ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিয়ে যিকোনো কাৰ্যনিৰ্বাহক সদস্য/সদস্যাক যি কোনো বিশেষ বিষয়বাব বা দায়িত্ব অৰ্পণ কৰিব পাৰি।
ধাৰা-৬.৬ঃ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিয়ে বিশেষ পৰিস্থিতি সাপেক্ষে তলৰ যিকোনো সমিতি ভংগ কৰিব পাৰিব আৰু তাৰ ঠাইত সাময়িক ভাবে কাৰ্যনিৰ্বাহ কৰিবৰ বাবে তদৰ্থ সমিতি গঠন কৰি দিব পাৰিব।
ধাৰা-৬.৭ঃ কেন্দ্ৰীয় নিৰ্বাহক সমিতিয়ে বিশেষ পৰিস্থিতি সাপেক্ষে যিকোনো বিষয়ববীয়া বা সদস্য/সদস্যাৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব।
ধাৰা-৬.৮ঃ কেন্দ্ৰীয় সাধাৰণ অধিৱেশনত গৃহীত নীতি, সিদ্ধান্ত আদি কাৰ্যকৰী কৰাৰ বাবে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতি দায়বদ্ধ হ’ব।
ধাৰা-৬.৯ঃ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিয়ে বিশেষ পৰিস্থিতি সাপেক্ষে বিশেষ অধিৱেশন/অভিবৰ্তন অনুস্থিত কৰিব পাৰিব।
ধাৰা-৬.১০ঃ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠক দুমাহত এবাৰকৈ বহিব। কোনো পৰিস্থিতিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠক তিনি মাহতকৈ অধিক কাল অনুস্থিত নোহোৱাকৈ নাথাকিব।
ধাৰা- ৬.১১ঃ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিয়ে সু-সমন্বয়েৰে কাম কৰা আৰু জৰুৰী সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে পাঁচ বা সাতজনীয়া কেন্দ্ৰীয় কৰ্ণাধাৰ সমিতি গঠন কৰিব।
অধ্যায়- ৭
ব্লক সমিতি।
ধাৰা-৭.২ঃ ব্লক বা উন্নয়ণ খণ্ড এটাৰ চাৰিসীমাক লৈ সংগঠনৰ ব্লক সমিতি গঠন হ’ব।
ধাৰা-৭.২ঃ ব্লক সমিতিৰ কাৰ্যকাল ২ বছৰীয়া হ’ব।
ধাৰা-৭.৩ঃ বছৰেকীয়া ব্লক অধিৱেশনে ব্লক সমিতি গঠন কৰিব আৰু ই সৰ্বনিম্ন ৫১ জনীয়া আৰু সৰ্বাধিক ১০১ জনীয়া হ’ব।
ধাৰা-৭.৪ঃ ব্লক সমিতিয়ে নিম্নোক্ত বিষয়ববীয়া সকলক নিৰ্বাচন কৰিব-
ক) সভাপতি- ১গৰাকী
খ) উপ-সভাপতি- ৩-৫ গৰাকী।
গ) সম্পাদক- ৩-৫ গৰাকী।
ঘ) যুটীয়া সম্পাদক- ৩-৫ গৰাকী।
ঙ) বিত্তীয় সম্পাদক- ২ গৰাকী।
চ) সাংগঠনিক সম্পাদক- ৩-৫ গৰাকী।
ছ) কাৰ্যালয় সম্পাদক- ১ গৰাকী।
জ) প্ৰচাৰ সম্পাদক- ৩-৫ গৰাকী।
ধাৰা-৭.৫ঃ ব্লক অধিৱেশনে অনুমোদন জনালে ব্লক সমিতত কাৰ্যকৰী সভাপতিৰ পদ এটা সৃষ্টি কৰিব পাৰিব।
ধাৰা- ৭.৬ঃ ব্লক সমিতিয়ে কাৰ্যকালৰ যিকোনো সময়ত বিষয়ববীয়া সকলৰ সাল-সালনি কৰিব পাৰিব।
ধাৰা- ৭.৭ঃ সংগঠনৰ সিদ্ধান্ত সমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ব্লক সমিতিয়ে কাম মুখ্য ভূমিকা পালন কৰিব। তৃণমূল
পৰ্য্যায়ৰ সংগঠন আৰু কেন্দ্ৰীয় সমিতিৰ মাজত যোগাযোগ আৰু সমন্বয় তথা ঐক্যৰ সাকো হিচাবে ব্লক সমিতিয়ে কাম কৰিব।
ধাৰা- ৭.৮ঃ ব্লক সমিতিয়ে বিশেষ পৰিস্থিতিত কেন্দ্ৰীয় সমিতিৰ অনুমোদন সাপেক্ষে তলৰ যিকোনো সমিতি ভংগ কৰিব পাৰিব আৰু তাৰ ঠাইত সাময়িক ভাবে কাৰ্যনিৰ্বাহ কৰিবৰ বাবে তদৰ্থ সমিতি গঠন কৰি দিব পাৰিব।
ধাৰা- ৭.৯ঃ ব্লক সমিতিয়ে যিকোনো অনুশাসনমূলক সিদ্ধান্ত অনুমোদনৰ বাবে কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰিব লাগিব।
ধাৰা-৭.১০ঃ সংগঠনৰ সদস্য-সদস্যা ভৰ্তি অভিযান ব্লক সমিতিৰ তদাৰকীত পৰিচালিত হব।
ধাৰা- ৭.১১ঃ ব্লক সমিতিৰ বৈঠক প্ৰতিমাহত এবাৰকৈ বহিব। কোনো পৰিস্থিতিত ব্লক সমিতিৰ বৈঠক দুই মাহতকৈ অধিক কাল অনুস্থিত নোহোৱাকৈ নাথাকিব।
অধ্যায়-৮
জিলা সমন্বয়ৰক্ষী সমিতি।
ধাৰা- ৮.১ঃ প্ৰতিখন জিলাত কাম কাজৰ সমন্বয় সাধন কৰাৰ বাবে ব্লক সমিতি সমূহৰ যৌথ বৈঠক বহুৱাই একোখন জিলা সমন্বয়ৰক্ষী সমিতি গঠন কৰা হ’ব।
ধাৰা- ৮.২ঃ জিলা সমন্বয়ৰক্ষী সমতি গঠন কৰাৰ বাবে ব্লক সমিতি সমূহৰ যৌথ সভা কেন্দ্ৰীয় সমিতিয়ে আহ্বান কৰিব আৰু সভাত কেন্দ্ৰীয় পৰ্য্যাবেক্ষক উপস্থিত থকাটো বাধ্যতামূলক।
ধাৰা- ৮.৩ঃ জিলা সমন্বয়ৰক্ষী সমতিৰ এজন মূখ্য আহ্বায়ক আৰু দুজন আহ্বায়ক থাকিব। মুখ্য আহ্বায়ক গৰাকী মূল সমন্বয়ৰক্ষক হ’ব আৰু আহ্বায়ক দুজনে তেওঁক সকলো কামত সহায় কৰিব।
ধাৰা- ৮.৪ঃ জিলা সমন্বয়ৰক্ষী সমতিৰ সৰ্বসন্মত সিদ্ধান্তসমূহ সকলো ব্লক আৰু নিম্ন পৰ্য্যায়ৰ সমিতিয়ে পালন কৰিবলৈ বাধ্য হ’ব। জিলা সমন্বয়ৰক্ষী সমিতিত কোনো মতপাৰ্থক্য সৃষ্টি হ’লে বিষয়টো কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰা হ’ব আৰু কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত সকলোৱে মানি ল’ব লাগিব।
অধ্যায়- ৯
বিধানসভা সমষ্টি সমন্বয়ৰক্ষী সমিতি।
ধাৰা- ৯.১ঃ প্ৰতিটো বিধান সভা সমষ্টিত কাম কাজৰ সমন্বয় সাধন কৰাৰ বাবে সমষ্টিটোৰ অন্তৰ্গত ব্লক সমিতি সমূহৰ যৌথ বৈঠক বহুৱাই একোখনকৈ বিধানসভা সমষ্টিত সমন্বয়ৰক্ষী সমিতি গঠন কৰা হ’ব।
ধাৰা- ৯.২ঃ বিধানসভা সমষ্টি সমন্বয়ৰক্ষী সমিতি গঠন কৰা ব্লক সমিতি সমূহৰ যৌথ সভাত কেন্দ্ৰীয় পৰ্যবেক্ষক উপস্থিত থকাটো বাধ্যতামূলক।
ধাৰা- ৯.৩ঃ বিধানসভা সমষ্টি সমন্বয়ৰক্ষী সমিতিৰ এজন মুখ্য আহ্বায়ক আৰু দুজন আহ্বায়ক থাকিব। মুখ্য আহ্বায়ক গৰাকী মূল সমন্বয়ৰক্ষক হ’ব আৰু আহ্বায়ক দুজনে তেওঁ সকলো কামত সহায় কৰিব।
ধাৰা- ৯.৪ঃ বিধানসভা সমষ্টি সমন্বয়ৰক্ষী সমিতিৰ সৰ্বসন্মত সিদ্ধান্ত সমূহ সকলো ব্লক আৰু নিম্ন পৰ্য্যায়ৰ সমিতিয়ে পালন কৰিবলৈ বাধ্য হ’ব। বিধানসভা সমষ্টি সমন্বয়ৰক্ষী সমিতিত কোনো মত পাৰ্থক্য সৃষ্টি হলে বিষটো কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰা হ’ব আৰু কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত সকলোৱে মানি ল’ব লাগিব।
অধ্যায়- ১০
পঞ্চায়ত সমিতি আৰু গাওঁ বা ৱাৰ্ড সমিতি।
ধাৰা- ১০.১ঃ গাঁও পঞ্চায়তৰ চাৰিসীমাক লৈ সংগঠনৰ পঞ্চায়ত সমিতি আৰু গাঁও/ৱাৰ্ডৰ চাৰিসীমাক লৈ গাঁও/ৱাৰ্ড সমিতি গঠন হ’ব।
ধাৰা- ১০.২ঃ সমিতি সমূহৰ কাৰ্যকাল ২(দুই) বছৰীয়া হ’ব।
ধাৰা- ১০.৩ঃ পঞ্চায়ত সমিতি/গাঁও বা ৱাৰ্ড সমিতি সৰ্বনিম্ন ৫১ জনীয়া আৰু সৰ্বাধিক ১০১ জনীয়া হ’ব।
ধাৰা- ১০.৪ঃ পঞ্চায়ত সমিতিয়ে নিম্নোক্ত বিষয়ববীয়া সকলক নিৰ্বাচন কৰিব-
ক) সভাপতি- ১গৰাকী ।
খ) উপ-সভাপতি- ২ গৰাকী ।
গ) সম্পাদক- ১ গৰাকী ।
ঘ) যুটীয়া সম্পাদক- ২ গৰাকী ।
ঙ) বিত্তীয় সম্পাদক- ১ গৰাকী ।
চ) সাংগঠনিক সম্পাদক- ২ গৰাকী ।
ছ) কাৰ্যালয় সম্পাদক- ২ গৰাকী ।
জ) প্ৰচাৰ সম্পাদক- ১ গৰাকী ।
ধাৰা- ১০.৫ঃ গাঁও সভাত তলত দিয়া ধৰণে গাঁও সমিতি গঠন হব-
ক) সভাপতি- ১গৰাকী ।
খ) উপ-সভাপতি- ১ গৰাকী ।
গ) সম্পাদক- ১ গৰাকী ।
ঘ) যুটীয়া সম্পাদক- ২ গৰাকী ।
ঙ) বিত্তীয় সম্পাদক- ১ গৰাকী ।
চ) সাংগঠনিক সম্পাদক- ২ গৰাকী ।
ছ) কাৰ্যালয় সম্পাদক- ১ গৰাকী ।
জ) প্ৰচাৰ সম্পাদক- ১ গৰাকী ।
ধাৰা- ১০.৬ঃ পঞ্চায়ত অধিৱেশনে অনুমোদন জনালে পঞ্চায়ত সমিতিত কাৰ্যকৰী সভাপতিৰ পদ এটা সৃষ্টি কৰিব পাৰিব।
ধাৰা- ১০.৭ঃ পঞ্চায়ত বা গাঁও সমিতিয়ে কাৰ্যকালৰ যিকোনো সময়ত বিষয়ববীয়া সকলৰ সাল-সলনি কৰিব পাৰিব।
ধাৰা- ১০.৮ঃ তৃণমূল পৰ্য্যায়ত সংগঠনৰ সিদ্ধান্ত সমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত পঞ্চায়ত আৰু গাঁও সমিতি দায়বদ্ধ হ’ব।
ধাৰা- ১০.৯ঃ যিকোনো অনুশাসন মূলক বিষয় সিদ্ধান্তৰ বাবে ব্লক সমিতিলৈ প্ৰেৰণ কৰিব লাগিব।
ধাৰা- ১০.১০ঃ ব্লক সমিতিৰ তদাৰকীত সংগঠনৰ সদস্য-সদস্যা ভৰ্ত্তি পঞ্চায়ত আৰু ব্লক সমিতিয়ে কৰিব।
ধাৰা-১০.১১ঃ পঞ্চায়ত সমিতিৰ বৈঠক প্ৰতি মাহত এবাৰকৈ আৰু গাঁও সমিতিৰ বৈঠক প্ৰতি পোন্ধৰ দিনৰ মূৰত এবাৰকৈ বহিব। কোনো পৰিস্থিতিত পঞ্চায়ত সমিতি বা গাঁও সমিতিৰ বৈঠক এমাহতকৈ অধিক কাল অনুস্থিত নোহোৱাকৈ নাথাকিব।
অধ্যায়- ১১
সংগঠনৰ পুঁজি
ধাৰা- ১১.১ঃ সদস্য-সদস্যা ভৰ্ত্তি মাচুল, বিভিন্ন সাংগঠনিক মাচুল, শুভাকাংঙ্খীৰ দান-বৰঙণি, সংগঠনৰ দ্বাৰা পৰিচালিত উপাৰ্জনমূলক কাম-কাজ আদিৰ পৰা সংগঠনৰ পুঁজি গঠন হ’ব।
ধাৰা- ১১.২ঃ সংগঠনৰ পুঁজিৰ ব্যৱস্থাপনা সম্পূৰ্ণৰূপে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ হাতত থাকিব। কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিয়ে বছৰেকীয়া বাজেট প্ৰস্তুত কৰিব আৰু পুঁজিৰ অংশ কোন সমিতিয়ে কিমানকৈ পাব তাক নিৰ্দ্ধাৰণ কৰি দিব।
ধাৰা-১১.৩ঃ কেন্দ্ৰীয় সমিতিৰ তত্বাৱধানত এক বা একাধিক বেংক একাউণ্ট থাকিব।
ধাৰা- ১১.৪ঃ বছৰেকীয়া হিচাব পৰীক্ষা কৰাৰ বাবে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিয়ে প্ৰয়োজন সাপেক্ষে উপ-সমিতি গঠন কৰিব। কেন্দ্ৰীয় সাধাৰণ অধিৱেশনও হিচাব পৰীক্ষাৰ বাবে অধিৱেশনত বিশেষ সমিতি গঠন কৰিব পাৰিব।
অধ্যায়- ১২
নিৰ্বাচিত জন প্ৰতিনিধি।
ধাৰা- ১২.১ঃ পঞ্চায়তী ৰাজ অনুষ্ঠান, বিধানসভা, লোকসভা বা আন যিকোনো অনুষ্ঠানলৈ জনগণৰ প্ৰতিনিধি হিচাবে নিৰ্বাচিত হোৱা সংগঠনৰ সদস্য-সদস্যা সকলে সম্পূৰ্ণৰূপে সংগঠনৰ নীতি-নিৰ্দেশনা মতে পৰিচালিত হ’ব। এই ক্ষেত্ৰত প্ৰয়োজন সাপেক্ষে কেন্দ্ৰীয় সমিতিয়ে পৃথক বিধি প্ৰস্তুত কৰিব।
ধাৰা-১২.২ঃ যিকোনো নিৰ্বাচনৰ প্ৰাৰ্থী বাচনিৰ ক্ষেত্ৰত সংশ্লিষ্ট সমিতিৰ মতামতে অগ্ৰাধিকাৰ পাব; কিন্তু চুড়ান্ত মনোনয়ন কেৱল কেন্দ্ৰীয় সমিতি বা কেন্দ্ৰীয় সমিতিৰ দ্বাৰা নিয়োগ কৰা উপ-সমিতিয়েহে দিব পাৰিব।
ধাৰা-১২.৩ঃ কোনো সদস্য-সদস্যাই নিজে নিজে কোনো নিৰ্বাচনৰ বাবে প্ৰাৰ্থী হিচাবে আগতীয়াকৈ প্ৰক্ষেপ কৰিব নোৱাৰিব।
ধাৰা- ১২.৪ঃ সকলো ক্ষেত্ৰ আৰু বিষয়ত সাংগঠনিক সিদ্ধান্তই চুড়ান্ত হ’ব আৰু তাক নিৰ্বাচিত জন প্ৰতিনিধিয়ে মানি চলিব লাগিব।
ধাৰা-১২.৫ঃ নিৰ্বাচিত জনপ্ৰতিনিধি সকলক পৰিচালনা কৰাৰ বাবে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিয়ে প্ৰয়োজন সাপেক্ষে বিভিন্ন স্তৰত সংসদীয় সমিতি গঠন কৰা দিব।
অধ্যায়- ১৩
বিধি আৰু উপবিধি।
ধাৰা- ১৩.১ঃ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিয়ে সময়ে সময়ে সংবিধানৰ লগত খাপ খোৱাকৈ বিভিন্ন বিধি আৰু উপবিধি প্ৰস্তুত কৰিব আৰু সমগ্ৰ সংগঠনে এনে বিধি বা উপ-বিধি মানি চলিব।
অধ্যায়-১৪
বিধিসন্মত আনুগত্য।
ধাৰা-১৪.১ঃ ‘সন্মিলিত গণশক্তি, অসম’ সকলো সময়ত ভাৰতীয় গণতান্ত্ৰিক প্ৰজাতন্ত্ৰৰ সংবিধানৰ প্ৰতি অনুগত থাকিব আৰু ভাৰতীয় সংবিধানৰ সকলো বিধি-ব্যৱস্থা মানি চলিব তথা সংবিধান বিৰোধী কোনো কাম কাজত প্ৰত্যক্ষ বা পৰোক্ষভাবে জৰিত নহ’ব।
অধ্যায়-১৫
সংশোধনী।
ধাৰা-১৫.১ঃ একমাত্ৰ কেন্দ্ৰীয় সাধাৰণ অধিৱেশনতহে সংখ্যা গৰিষ্ঠৰ সমৰ্থন সাপেক্ষে সংবিধান সংশোধন কৰিব পৰা যাব। কোনো সদস্য-সদস্যা বা সমিতিয়ে সংবিধানৰ কোনো ধাৰাৰ সংশোধনী আনিব বিচাৰিলে কেন্দ্ৰীয় সাধাৰণ অধিৱেশনৰ আগেয়ে লিখিত প্ৰস্তাৱ দাখিল কৰিব লাগিব।
অধ্যায়-১৬
শপত গ্ৰহণ।
ধাৰা-১৬.১ঃ সন্মিলিত গণশক্তি, অসমৰ যিকোনো পৰ্য্যায়ত বিষয়ববীয়া বা সদস্য-সদস্যা হিচাবে দায়িত্ব লাভ কৰা ব্যক্তিয়ে সংগঠনৰ মজিয়াত বিধিগতভাবে তলৰ ধাৰা- ১৬.২ত দিয়া প্ৰ-পত্ৰ অনুযায়ী শপত গ্ৰহন কৰিব লাগিব।
ধাৰা-১৬.২ঃ শপত গ্ৰহণৰ প্ৰপত্ৰ।
মই শ্ৰী/শ্ৰীমতী ….,……………………য়ে, ঈশ্বৰৰ নামত/সত্যনিষ্ঠ ভাবে শপত খাই কওঁ যে মই সন্মিলিত গণশক্তি, অসমৰ সংবিধান আৰু কৰ্মসূচীৰ প্ৰতি সদায় অনুগত থাকি ……………..হিচাবে কাৰ্যনিৰ্বাহ কৰিম আৰু সকলো ধৰণৰ সাংগঠনিক নীতি নিৰ্দেশনা সদায় মানি চলিম আৰু সংগঠনৰ গোপনীয়তা ৰক্ষা কৰি চলিম।
মই সদায় ব্যক্তি স্বাৰ্থৰ উৰ্দ্ধত জনসাধাৰণ আৰু সংগঠনৰ স্বাৰ্থক অগ্ৰাধিকাৰ দি কাম কৰিম আৰু ব্যক্তিগত ভাৱে এক সৎ সহজ-সৰল আৰু নীতি-নিষ্ঠ জীৱন-যাপন কৰিব।
*সমাপ্ত।*