Amit Shah

বিজয় সংকল্প সমাৱেশ।

আগন্তুক লোকসভা নিৰ্বাচনৰ উদ্দেশ্যে লখিমপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত চুকুলীভৰীয়াত বিজয় সংকল্প সমাৱেশ’ অনুষ্ঠিত কৰা হয়।

উক্ত সমাৱেশত উপস্থিত থাকে মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, সন্মিলিত গনশক্তি অসমৰ মাননীয় সভাপতি তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া ডাঙৰীয়া, মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া, গণশক্তিৰ মাননীয় উপদেষ্টা তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ সুনিল পেগু ডাঙৰীয়া, ৰাজ্যিক বিজেপিৰ সন্মানীয় সভাপতি ভৱেশ কলিতা ডাঙৰীয়া, সন্মানীয় বিধায়ক ভূৱন পেগু ডাঙৰীয়া, মানৱ ডেকা ডাঙৰীয়া, নৱ কুমাৰ দলে ডাঙৰীয়া, মিত্ৰজোঁটৰ প্ৰাৰ্থী সন্মানীয় প্ৰদান বৰুৱা ডাঙৰীয়া, মিত্ৰজোঁটৰ সমূহ নেতাকৰ্মী, বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াৰ লগতে সহস্ৰাধিক ৰাইজ।

উল্লেখ্য যে, সমাৱেশত গণশক্তিৰ মাননীয় সভাপতি ডাঙৰীয়াই এখনি মিচিং মাফলাৰে মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী #অমিত_শ্বাহ ডাঙৰীয়াক আগন্তুক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *