দলীয় সিদ্ধান্ত
প্ৰতি,
কেন্দ্ৰ শক্তিৰ সকলো বিষয় ববীয়া আৰু সদস্য/সদস্যা,
খণ্ড শক্তি সমূহৰ সভাপতি/সম্পাদক।
বিষয়ঃ সিদ্ধান্ত প্ৰেৰণ।
প্ৰিয় সতীৰ্থ,
দলীয় অভিবাদন গ্ৰহণ কৰিব। যোৱা ৪ মে তাৰিখে সন্মিলিত গণশক্তি অসমৰ কেন্দ্ৰীয় কৰ্ণাধাৰ শক্তিৰ এখনি বিশেষ সভা google meet ৰ জৰিয়তে অনুষ্ঠিত হয়। উক্ত সভাত কৰ্ণাধাৰ শক্তিৰ বিষয় ববীয়া সকলৰ ওপৰিও দলৰ উপ-সভাপতি, সাধাৰণ সম্পাদক, সম্পাদক সকল আৰু নাৰী শক্তি, কৃষক শক্তি, শ্ৰমিক শক্তিৰ সভাপতি সম্পাদক তথা খণ্ড শক্তি সমূহৰ সভাপতি/সম্পাদক সকলেও অংশগ্ৰহণ কৰে। ১ মে’ তাৰিখত আন্তৰ্জাতিক শ্ৰমিক দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা শ্ৰমিক অভিবৰ্তন পৰ্য্যালোচনা, সাংগঠনিক পৰিকল্পনা আৰু প্ৰচাৰ ব্যৱস্থাৰ ওপৰত আলোচনা কৰি নিম্নোক্ত সিদ্ধান্ত সমূহ গ্ৰহন কৰা হয়-
১) Google meet ত সন্মিলিত শ্ৰমিক শক্তি অসম সম্পৰ্কে আলোচনা কৰা আৰু ১ মে’ত অনুষ্ঠিত হৈ যোৱা শ্ৰমিক অভিবৰ্তনত গহন কৰা সিদ্ধান্তৰ পৰ্য্যালোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰা হয় যে-
ক) শ্ৰমিক সকলৰ কল্যানৰ স্বাৰ্থত প্ৰত্যেক খণ্ডশক্তি পৰ্য্যায়ত একোটা শ্ৰমিক সেৱা কেন্দ্ৰ থাকিব। দেখা গৈছে যে শ্ৰমিক সকলৰ সৰহ সংখ্যকেই চৰকাৰীভাৱে প্ৰদান কৰা সা-সুবিধা, সাংবিধানিক ভাবে তেওঁলোকে পাব লগা প্ৰাপ্য অধিকাৰ আদিৰ বিষয়ে জ্ঞাত নহয়। এনে শ্ৰমিক সকলক শিক্ষিত কৰি তুলি প্ৰত্যেকজনক শ্ৰম বিভাগত পঞ্জীয়ন কৰোৱাৰ ক্ষেত্ৰত খণ্ডশক্তি সমূহে আগভাগ লব লাগিব। খণ্ডশক্তি সমূহৰ অন্তৰ্গত কেন্দ্ৰীয় বিষয় ববীয়া, সদস্য/সদস্যা সকলে সমগ্ৰ শ্ৰমিক পঞ্জীয়ন ব্যৱস্থাটো তদাৰক কৰিব লাগিব।
খ) বিভিন্ন ক্ষেত্ৰত কৰ্মৰত শ্ৰমিক সকলক ক্ষেত্ৰ ভিত্তিক সুকীয়া সুকীয়া শ্ৰমিক গোট হিচাবে গঠন কৰাৰ ক্ষেত্ৰত সভাই গুৰুত্ব প্ৰদান কৰে। দেখা গৈছে যে শ্ৰমিক সকলে নিজস্ব কৰ্ম ক্ষেত্ৰত কাম কৰি গৈছে কিন্তু সংগঠিত নোহোৱাৰ ফলত বিভিন্ন সময়ত সমস্যাৰ সন্মূখীন হৈছে। সেয়েহে অসংগঠিত হৈ থকা শ্ৰমিক সকলক ঐক্যবদ্ধ ভাবে সংগঠিত কৰি তেওঁলোকৰ অধিকাৰ সমূহৰ প্ৰতি সজাগ আৰু সচেতনতা বৃদ্ধিৰ লক্ষ্যৰে জিলা সমূহত “জিলা শ্ৰমিক অভিবৰ্তন” অনুষ্ঠিত কৰিব লাগিব।
গ) শ্ৰমিক অধিকাৰ আৰু শ্ৰমিক সংগঠনৰ প্ৰয়োজনীয়তাৰ ওপৰত প্ৰত্যেক খণ্ডশক্তিৰ পৰ্য্যায়ত কৰ্মশালা অনুষ্ঠিত কৰা হব।
- কৃষক সকলৰ সমস্যা, অৰ্থনৈতিক স্বাৱলম্বনৰ বাবে কৃষিক্ষেত্ৰৰ প্ৰয়োজনীয়তা, আমাৰ অঞ্চল সমূহত উৎপাদআৰ প্ৰচুৰ সম্ভৱনা থকা কৃষিকৰ্ম আদিক সামৰি এক সামগ্ৰিক পৰিকল্পনা প্ৰস্তুত কৰিবৰ বাবে সভাত সন্মিলিত কৃষক শক্তি অসমৰ প্ৰতি আহ্বান জনোৱা হয়।
- কৃষক সকলৰ উৎপাদিত শস্য/ ফচল সমূহৰ বজাৰ, তেওঁলোকৰ সমস্যা, এক সু-পৰিকল্পিত কৃষি আচঁনি, কৃষিখণ্ডত বৈজ্ঞানিক ভাবে উন্নত পদ্ধতিৰ ব্যৱহাৰ, জীৱন জীৱিকাৰ মাধ্যম হিচাপে কৃষিখণ্ডক ব্যৱহাৰ কৰা, চৰকাৰী আচনি আৰু সাহাৰ্য্য সমূহ কৃষক সকলৰ মাজত প্ৰচাৰ চলোৱা আদি বিভিন্ন দিশ সামৰি শীঘ্ৰেই প্ৰতিটো খণ্ডশক্তিৰ অধিনত কৃষক সমাৰোহ অনুষ্ঠিত কৰিব লাগিব।
- দলীয় ভাবে গ্ৰহন কৰি অহা বিভিন্ন কাৰ্যসূচী আৰু সন্মিলিত গণশক্তি অসমৰ নেতৃত্বত গঠন হোৱা MAC ৰ স্বাক্ষৰ বহনকাৰী কাম-কাজ সমূহ জন মানসত প্ৰচাৰ চলোৱাৰ দিশটোক আমি কোনেও গুৰুত্ব প্ৰদান নকৰা বিষয়টোক অতি গুৰুত্ব সহকাৰে আলোচনা কৰা হয়। আমাৰ প্ৰচাৰ বিমুখীতাৰ বাবে দলীয় কাম-কাজ তথা কাৰ্যসূচী আৰু MAC ৰ জৰিয়তে সম্পন্ন হোৱা বিভিন্ন আদৰণীয় আচঁনি সমূহৰ সম্পৰ্কে জনগণক সঠিক ভাবে অবগত কৰোৱাত বিফল হৈছোঁ। সেয়েহে প্ৰচাৰ দিশটোক প্ৰধান ভাবে গুৰুত্ব দিবলৈ সকলোকে আহ্বান জনোৱা হয়। এতিয়াৰে পৰা দলীয় ভাবে সম্পন্ন কৰা প্ৰত্যেকটো কাম-কাজ আৰু MAC ৰ দ্বাৰা গ্ৰহন কৰা বিভিন্ন স্বাক্ষৰ অভিযান সমূহৰ সম্পৰ্কে প্ৰচাৰৰ ক্ষেত্ৰত প্ৰত্যেক গৰাকী বিষয়-ববীয়া তথা সদস্য/সদস্যাই দায়বদ্ধ থাকিব লাগিব। ইতিমধ্যে Mising autonomous council নামেৰে MAC ৰ যিটো Official facebook page আছে তাত সময়ে সময়ে upload হৈ থকা বিভিন্ন বিষয় সমূহৰ Like, share আৰু comment কৰাৰ বিষয়টোক সকলোৱে তেওঁলোকৰ অন্যতম সাংগঠনিক দায়িত্ব হিচাপে পালন কৰিব লাগিব।
- সন্মিলিত গণশক্তি অসমৰ এটা website খুলিবৰ বাবে সিদ্ধান্ত কৰা হয়। website টো সন্মিলিত গণশক্তি অসম সম্পৰ্কীয় সকলো তথ্য উপলব্ধ থাকিব। এই ক্ষেত্ৰত প্ৰয়োজনীয় সকলো ব্যৱস্থা মাননীয় সভাপতি মহোদয়ে গ্ৰহণ কৰিব।
- “সন্মিলিত গণশক্তি অসম” – নামেৰে এটি Facebook page খোলা হব আৰু আমাৰ দ্বাৰা সম্পন্ন কাম কাজ সমূহ প্ৰকাশৰ বাবে এটি নিয়ন্ত্ৰণ কক্ষসহ এক ব্যৱস্থা গঢ়ি তোলা হব। এই সম্পৰ্কে সুকীয়া বিস্তৃত জাননী শীঘ্ৰে প্ৰেৰণ কৰা হ’ব।