কৰ্মসূচীঃ সন্মিলিত গণশক্তি, অসম।
সম-অধিকাৰ, সম-মৰ্যাদা, সম-উন্নয়ন।
সন্মিলিত গণশক্তি অসম
প্ৰস্তাৱনা আৰু পটভূমিঃ
অসমৰ ৰাজনীতিৰ এক বিশেষ সন্ধিক্ষণত ৰাজনৈতিক ষড়যন্ত্ৰৰ ফলত অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত যেতিয়া জনগোষ্ঠীয় সংঘাট মূৰ দাঙি উঠিছিল, পাৰস্পৰিক অবিশ্বাস আৰু সংশয়ে যেতিয়া জনজীৱন জৰ্জৰিত কৰি তুলিছিল তেতিয়া অসমৰ আটাইতকৈ পিছপৰা জিলা ধেমাজীৰ চিলাপথাৰত ২৭ আৰু ২৮ আগষ্ট', ২০০৫ তাৰিখে অনুষ্ঠিত এক অভিবৰ্তনত জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে আমি সকলো ঐক্যবদ্ধ হৈছিলো আৰু গোষ্ঠীগত বিভাজনৰ ৰাজনীতিক পৰাস্ত কৰি "সমঅধিকাৰ, সমমৰ্য্যদা, সমউন্নয়ন" ক মূল মন্ত্ৰ হিচাবে লৈ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় প্ৰতিষ্ঠা কৰা আৰু সামগ্ৰিকভাবে উন্নয়নৰ স্বাৰ্থত ঐক্যবদ্ধভাবে যুঁজাৰ সংকল্প লৈ "সন্মিলিত জনগোষ্ঠীয় সমন্বয়ৰক্ষী সমিতি" গঠন কৰিছিলো।
উক্ত অভিবৰ্তনে মত পোষণ কৰিছিল যে অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত পাৰস্পৰিক বুজাবুজি আৰু ঐক্য গঢ়ি তোলা আৰু সঁচা অৰ্থত উন্নয়নৰ বাবে জনগনক নেতৃত্ব দিয়া আৰু সংগ্ৰাম গঢ়ি তোলাত অসমৰ প্ৰতিষ্ঠিত ৰাষ্ট্ৰীয় আৰু আঞ্চলিক ৰাজনৈতিক দল সমূহ ব্যৰ্থ হৈছে। বিশেষকৈ ছবছৰীয়া অসম আন্দোলনৰ ফলশ্ৰুতিত জন্মলাভ কৰা অসম গণ পৰিষদ দল বিভিন্ন সংকীৰ্ণতাৰ স্বীকাৰ হোৱাৰ লগতে অৰ্ন্তদলীয় দ্বন্দ আৰু বিভাজনত নিমজ্জিত হোৱাৰ পৰিপ্ৰেক্ষিতত এক বিকল্প সংগ্ৰামী ৰাজনৈতিক মঞ্চ গঠনৰ আশু প্ৰয়োজনীয়তা আহি পৰিছে। এতেকে, সদৌ অসম ভিত্তিক সম্ভৱ নহলেও অসমৰ ভিত্তিতে আটাইতকৈ পিছপৰা লখিমপুৰ-ধেমাজী-মাজুলী অঞ্চলক সামৰি এক ৰাজনৈতিক অভিবৰ্তনৰ যোগেদি এক বিকল্প ৰাজনৈতিক মঞ্চ গঠনৰ বাবে চিলাপথাৰ অভিবৰ্তনে সিদ্ধান্ত লয়।
চিলাপথাৰ অভিবৰ্তনে নিৰ্দ্ধাৰণ কৰি দিয়া পথকে সৰোগত কৰি ১৯ আৰু ২০ নৱেম্বৰ, ২০০৫ তাৰিখে গোগামুখত অনুষ্ঠিত বিশাল ৰাজনৈতিক অভিবৰ্তনে জন্ম দিয়ে অসমৰ ৰাজনীতিত এক বিকল্প সংগ্ৰামী আৰু পৰিবৰ্তনকামী ৰাজনৈতিক শক্তি- “সন্মিলিত গণশক্তি, অসম”।
"সন্মিলিত গণশক্তি, অসম" ভূমিষ্ঠ হোৱাৰ তিনিমাহ পাছতেই ঘোষিত হল অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন য'ত আমি সকলো সমষ্টিত প্ৰাৰ্থী থিয় কৰাই শক্তি ক্ষয় কৰাৰ সলনি কেৱল ১১৪ নং জোনাই বিধান সভা সমষ্টিত প্ৰাৰ্থী থিয় কৰোৱাৰ সিদ্ধান্ত লঁও। আমাৰ মূল কথা আছিল প্ৰথম পদক্ষেপতেই আমি সফলতা অৰ্জন কৰিবই লাগিব; যি সফলতাই পৰবৰ্ত্তি পৰ্য্যায়ত আন সকলো অঞ্চললৈ গণশক্তি সম্প্ৰসাৰণ সহজ কৰি তুলিব আৰু সঁচা অৰ্থত বিকল্প ৰাজনৈতিক শক্তি প্ৰতিষ্ঠাৰ দিশত আমি আগুৱাই যাবলৈ সক্ষম হম। আমি আমাৰ জনপ্ৰিয় যুৱনেতা শ্ৰী ভূৱন পেগুক জোনাইত প্ৰাৰ্থী হিচাবে থিয় কৰালো আৰু অসমৰ ভিতৰতে সৰ্বাধিক সংখ্যক ভোট লাভ কৰি নিৰ্বাচনত জয়লাভ কৰিলো।
এখন ঐক্যবদ্ধ, গণতান্ত্ৰিক আৰু সমৃদ্ধিশালী অসম গঢ়াৰ লক্ষত সন্মিলিত গণশক্তি, অসমৰ জয়যাত্ৰাক আগুৱাই নিবৰ বাবে আজি আমাক এক সুচিন্তিত স্থায়ী কৰ্মসূচীৰ প্ৰয়োজন হৈছে। ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, শৈক্ষিক, জনগোষ্ঠীয়, সাংস্কৃতিক সকলো দিশত আমাক স্পষ্ট নীতি-নিৰ্দেশনা আৰু কৰ্ম আঁচনিৰ প্ৰয়োজন হৈছে যাক আমি আমাৰ কাৰ্যসূচীত লিপিবদ্ধ কৰি কাৰ্যনিৰ্বাহ কৰিব পাৰো।
অসমৰ ৰাজনৈতিক পৰিস্থিতি আৰু সন্মিলিত গণশক্তি, অসমৰ প্ৰাসংগিকতাঃ
ভাৰতৰ স্বাধীনতা আন্দোলনৰ অন্তত ব্ৰিটিছে অসমক ভাৰতৰ অংগৰাজ্য হিচাবে এৰি থৈ যোৱাৰ পাছৰে পৰা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসমেও প্ৰতিটো ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা অৱহেলিত আৰু বঞ্চিত হৈ আহিছে। যাৰ বাবে প্ৰাকৃতিক সম্পদত অতি চহকী হৈও অসম আজি ভাৰতবৰ্ষৰ ভিতৰতে এখন পিছপৰা ৰাজ্য। তেল, চাহ, কাঠ, কয়লা, পানী আদি সকলো থাকিও আজি আমাৰ গাওঁসমূহলৈ পথ যোগাযোগ নাই, খোৱাপানীৰ ব্যৱস্থা নাই, চিকিৎসালয় নাই, ভাল বিদ্যালয় নাই। এনে বঞ্চনাৰ বিৰুদ্ধে সেয়েহে স্বাধীনোত্তৰ কালত অসমত তেল শোধনাগাৰ আন্দোলন, খাদ্য আন্দোলন, ভাষা আন্দোলন, অসম আন্দোলন আদিৰ ওপৰি ন্যায্য অধিকাৰ প্ৰাপ্তিৰ দাবীত বিভিন্ন জনগোষ্ঠীয় আন্দোলন সমূহ মূৰ দাঙি উঠিছে। এই আন্দোলন সমূহত শত-সহশ্ৰ অসম সন্তান শ্বহীদ হ’ল; কিমানজন চিৰদিনৰ বাবে ঘূনীয়া হ’ল তাৰ হিচাবেই নাইকীয়া হ’ল।
কিন্তু অৱস্থাৰ কোনো পৰিবৰ্তন হোৱা নাই। আটাইতকৈ ৰ্দুভাগ্যৰ কথা এইটোৱেই যে অসম আন্দোলনৰ সমাপ্তিত গঠন হোৱা অসম গণ পৰিষদ দলেও আন্দোলনৰ ধাৰাবাহিকতা আৰু ঐতিহ্যক ৰক্ষা কৰিব নোৱাৰিলে।
সৰ্বভাৰতীয় দলসমূহে এক সৰ্বভাৰতীয় দৃষ্টিকোণ লৈ সদায় দিল্লী কেন্দ্ৰীক চিন্তাৰে পৰিচালিত হৈ আহিছে আৰু সৰ্বভাৰতীয় প্ৰেক্ষাপটত অসমৰ নিচিনা ক্ষুদ্ৰ ৰাজ্য এখনৰ স্বাৰ্থই গুৰুত্ব নোপোৱাটোৱেই স্বাভাৱিক হৈ আহিছে। কেতিয়াবা ব্যতিক্ৰম ৰূপত দুই এজন সৰ্বভাৰতীয় দলৰ নেতাই অসমৰ স্বাৰ্থত বলীষ্ঠ ভূমিকা ল'লেও দলগতভাবে কোনো সৰ্বভাৰতীয় দলে অসমৰ সমস্যাক ভাৰতৰ ৰাষ্ট্ৰীয় সমস্যা ৰূপে গণ্য কৰি কৰ্মসূচী প্ৰণয়ন কৰা নাই। এই পৰিপ্ৰেক্ষততে অসমৰ বাবে বিশেষ কৰ্মসূচীৰ প্ৰয়োজন।
অগপৰ ব্যৰ্থতাৰ পাছত এটা কথা স্বীকাৰ কৰিব লাগিব যে সফলতাৰ বাবে আঞ্চলিকতাবাদে তাৰ চৰিত্ৰ আৰু মতাদৰ্শৰ আমূল পৰিবৰ্তন সাধন কৰিব লাগিব। উগ্ৰজাতীয়তাবাদ, সংকীৰ্ণতাবাদ, গোষ্ঠীগত চিন্তাৰে আৰু বৈজ্ঞানিক মতাদৰ্শৰ অবিহনে আঞ্চলিকতাবাদে অসমত পুনৰ মূৰ দাঙি উঠিব নোৱাৰে। দিল্লীৰ পৰা দিশপুৰলৈ ক্ষমতাৰ বিকেন্দ্ৰীকৰণ দাবী কৰি দিশপুৰৰ পৰা অন্যান্য অঞ্চল সমূহলৈ আৰু আনকি পঞ্চায়ত সমূহলৈ ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ বিৰোধীতা কৰা আঞ্চলিকতাবাদক অসমৰ ৰাইজে আকোৱালি নলয়। অসমীয়া জাতিৰ আত্ম নিয়ন্ত্ৰনৰ কথা কৈ বৃহত্তৰ অসমীয়া জাতি সত্তাৰেই অংগ জনগোষ্ঠী সমূহৰ অধিকাৰক অস্বীকাৰ কৰিলে আঞ্চলিকতাবাদো প্ৰতিষ্ঠা নহ’ব, সুষ্ঠ জাতিয়তাবাদো প্ৰতিষ্ঠা নহ’ব। আজিৰ নতুন পৰিস্থিতিত আমাৰ আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদৰ প্ৰধান স্বৰ্ত হৈছে- ই গণতান্ত্ৰিক আৰু প্ৰগতিশীল হব লাগিব। গণতান্ত্ৰিক মানে সৰু বৰ প্ৰতিটো ধৰ্ম-বৰ্ণ-সম্প্ৰদায় আৰু জনগোষ্ঠীৰ স্বাধিকাৰক স্বীকাৰ কৰি লব লাগিব। সকলোধৰণৰ গোষ্ঠীবাদ, বৰ্ণবাদ আৰু সাম্প্ৰদায়িকতাক বিৰোধীতা কৰিব লাগিব। প্ৰগতিশীলতা মানে পুৰণি সমাজ ব্যৱস্থাৰ বিৰুদ্ধে নতুন সমাজ ব্যৱস্থাৰ ফালে সমাজৰ গতিশীলতা। পুৰণি ৰাজনৈতিক আৰু অৰ্থনৈতিক ব্যৱস্থাৰ সলনি নতুন ৰাজনৈতিক আৰু অৰ্থনৈতিক ব্যৱস্থা গঢ়ি তোলাৰ বাবে সংগ্ৰাম কৰা। পুৰণি চিন্তাধাৰাৰ ঠাইত নতুন চিন্তাধাৰাৰ উন্মেষ ঘটোৱা।
সেয়েহে আমি “সম অধিকাৰ, সমমৰ্য্যদা আৰু সম উন্নয়ণৰ” কথা কৈছোঁ। এই নীতিয়ে সৰু বা ডাঙৰ, কাৰোবাৰ অধিকাৰ প্ৰতিষ্ঠাৰ বাবে কৰোবাৰ অধিকাৰ খৰ্ব কৰাৰ অনুমতি নিদিয়ে; কৰোবাৰ মৰ্য্যদাৰ বাবে কৰোবাৰ মৰ্য্যদা হানি কৰাক সমৰ্থন নজনায় আৰু কৰোবাক পিছ পেলাই ৰাখি কৰোবাৰ উন্নতি সাধন মানি নলয়।
সম অধিকাৰ আৰু সম মৰ্য্যদাৰ দ্বাৰা আমি গনতন্ত্ৰৰ কথা কৈছো। উন্নয়ন মানে আমি কেৱল আক্ষৰিক অৰ্থৰ ৰাস্তা-ঘাটৰ উন্নয়ণৰ কথা কোৱা নাই; আমি সামগ্ৰিক উন্নয়নৰ কথা কৈছো, যত অৰ্ন্তনিহিত হৈ আছে প্ৰতিজন নাগৰিকৰ জনমূৰি আয় বৃদ্ধি, জীৱন ধাৰণৰ মানদণ্ডৰ উন্নতি, উন্নত সমাজ ব্যৱস্থা, উন্নত ৰাজনৈতিক ব্যৱস্থা, উন্নত অৰ্থনীতি।
আমাৰ ৰাজনৈতিক কৰ্মসূচীঃ
আমাৰ প্ৰধান ৰাজনৈতিক কৰ্মসূচী হ'ব শান্তিপূৰ্ণ গনতান্ত্ৰিক গণআন্দোলন আৰু সংসদীয় সংগ্ৰাম। জনগণৰ প্ৰতিটো সমস্যা সমাধানৰ বাবে জনপ্ৰিয় গণআন্দোলন গঢ়ি তোলাটো হ'ব আমাৰ প্ৰধান কাম। আমাৰ আন্দোলনক আমি কেৱল ৰাজপথত সীমাবদ্ধ নাৰাখি তাক বিধানসভা, লোকসভা আৰু বিভিন্ন স্থানীয় নিকায় আৰু স্বায়ত্ব শাসিত পৰিষদ আদিলৈ কঢ়িয়াই লৈ যাবলৈ আমি সংকল্পবদ্ধ। আমাৰ অভিজ্ঞতা আৰু ইতিহাসৰ শিক্ষাই দেখুৱাইছে যে জনপ্ৰতিনিধিৰ দ্বাৰা গঠিত এই প্ৰতিষ্ঠানসমূহক প্ৰতিক্ৰিয়াশীল শক্তিয়ে বিভিন্ন সময়ত জনগণৰ বিৰুদ্ধেই ব্যৱহাৰ কৰি আহিছে। এতেকে, জনগণৰ সংগ্ৰামক সফল কৰাৰ কৌশলগত স্বাৰ্থতেই জনপ্ৰতিনিধিৰ দ্বাৰা গঠিত এই প্ৰতিষ্ঠান সমূহক নিৰ্বাচনৰ জৰিয়তে দখল কৰি তাক আমাৰ সংগ্ৰামক আগুৱাই নিয়াৰ হাথিয়াৰ হিচাবে ব্যৱহাৰ কৰিব লাগিব। এনে প্ৰতিষ্ঠান সমূহলৈ জনপ্ৰতিনিধি নিৰ্বাচনৰ জৰিয়তে আমাৰ দাবী সমূহক সংসদ বা বিধান সভালৈ কঢ়িয়াই নিয়াৰ ওপৰি উন্নয়ণৰ ক্ষেত্ৰত ৰাতিটোৰ ভিতৰতে আমূল পৰিবৰ্তন সাধন কৰিব নোৱাৰিলেও, জনগণক কিছু সকাহ দিব পৰাকৈ আৰু ন্যায্য অধিকাৰ প্ৰাপ্তিৰ ক্ষেত্ৰত হস্তক্ষেপ কৰিব পৰাৰ ক্ষমতা আমি আহৰণ কৰিব পাৰো আৰু আমি সংজ্ঞাবদ্ধ কৰা উন্নয়ণৰ বাবে এই প্ৰতিষ্ঠান সমূহক অস্ত্ৰ হিচাবে ব্যৱহাৰ কৰিব পাৰো। উদাহৰণ স্বৰূপে আমি পঞ্চায়ত ব্যৱস্থাৰ কথা উল্লেখ কৰা উচিত হ'ব।
ভাৰতবৰ্ষৰ সংসদত পঞ্চাশ বছৰ জোৰা বিৰ্তকৰ অন্তত সংবিধানৰ ৭৩ তম সংশোধনীৰ জৰিয়তে তৃণমূল পৰ্যায়ৰ পঞ্চায়তলৈ ক্ষমতাৰ বিকেন্দ্ৰীকৰণ ঘটিছে। কিন্তু যিবিলাক ৰাজনৈতিক নেতাই পঞ্চাশ বছৰ ধৰি গ্ৰাম স্বৰাজ ব্যৱস্থাক বাধা দি ৰাখিছিল সেই একে বিলাক নেতাৰ প্ৰৰোচনাতে পঞ্চায়তলৈ ক্ষমতাৰ বিকেন্দ্ৰীকৰণ এক প্ৰহসনত পৰিণত হৈছে। সংবিধান আৰু আইনমতে পঞ্চায়ত পৰিচালিত হোৱা নাই; গাইড লাইন মতে আচনি ৰূপায়ণ হোৱা নাই।
ব্যাপক দূৰ্নীতিয়ে পঞ্চায়তীৰাজ ব্যৱস্থাক গ্ৰাস কৰিছে। ইয়াত আমাৰ দৰে ৰাজনৈতিক শক্তিৰ হস্তক্ষেপ অত্যন্ত জৰুৰী। আমাৰ অঞ্চলৰ পশ্চাদপদতাৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি দাবী উত্থাপন কৰি অহাৰ পাছত আৰু দিনক দিনে ভাৰতবৰ্ষৰ পশ্চাদপদ অঞ্চলসমূহৰ আন্দোলনে জটিল ৰূপ ধাৰণ কৰা আৰু পশ্চাদ অঞ্চলসমূহতেই অত্যাধিক হাৰত উগ্ৰপন্থাই মূৰ দাঙি উঠা ৰ পৰিপ্ৰেক্ষিতত পশ্চাদ অঞ্চলসমূহলৈ কেন্দ্ৰীয় চৰকাৰে NREGA, RSVY আদি বিশেষ আচনি ঘোষণা কৰিবলৈ বাধ্য হৈছে। যাৰ অধিনত পঞ্চায়তী ব্যৱস্থালৈ কোটী কোটী টকা আৱণ্টন হৈছে। পঞ্চায়ত সমূহ দখল কৰি আৱণ্টিত ধন প্ৰকৃত গ্ৰামোন্নয়নত ব্যৱহাৰ কৰিব নোৱাৰিলে কেৱল ৰাজপথৰ আন্দোলনে পৰিবৰ্তন আনিব নোৱাৰে।
জনগণক ৰাজনৈতিক ভাৱে শিক্ষিত কৰি তুলিব নোৱাৰিলে গণ আন্দোলনেই হওঁক বা সংসদীয় সংগ্ৰামেই হওঁক কোনোটোকেই সফল ভাৱে গঢ়ি তুলিব পৰা নাযাব। এতেকে জনগণক ৰাজনৈতিকভাৱে শিক্ষিত কৰি তোলাটো আমাৰ অন্যতম ৰাজনৈতিক কৰ্মসূচী হিচাবেই আমি চিহ্নিত কৰো। পঞ্চায়তীৰাজ ব্যৱস্থা, জনজাতীয় স্বায়ত্ব শাসন ব্যৱস্থা, গ্ৰামোন্নয়ণৰ বিভিন্ন আঁচনি, তথ্য জনাৰ অধিকাৰ আইন, নাগৰিক অধিকাৰ, মানৱ অধিকাৰ আদিৰ ওপৰত জনগণৰ অজ্ঞাত সুযোগ গ্ৰহণ কৰি এক ৰাজনৈতিক মহলে জনসাধাৰণক শোষণ-বঞ্চনা কৰি আহিছে। ইয়াৰ অন্ত পেলাবলৈ জনগণক ৰাজনৈতিক ভাবে শিক্ষিত কৰি তোলাৰ কোনো বিকল্প নাই। এই কাম নিষ্ঠা সহকাৰে আমি কৰ্মসূচী হিচাবে পালন কৰিব লাগিব।
স্বাধীন অসমৰ দাবী, সশস্ত্ৰ সংগ্ৰাম আৰু আমাৰ স্থিতিঃ
স্বাধীন অসমৰ দাবীত দীৰ্ঘদিন ধৰি সশস্ত্ৰ সংঘাতে অসম জনজীৱনক জৰ্জৰিত কৰি ৰাখিছে। শ শ অসম সন্তানে এই সংঘাতত জীৱন হেৰুৱাৰ লগতে অসংখ্য নিৰপৰাধী লোক ব্যক্তি সন্ত্ৰাস আৰু ৰাষ্ট্ৰ সন্ত্ৰাসৰ বলি হৈছে। আমি সকলো ধৰণৰ সন্ত্ৰাস আৰু উগ্ৰপন্থাৰ বিৰোধী। সেয়েহে, শান্তিপূৰ্ণ আলোচনাৰ জৰিয়তে সংঘাতৰ ৰাজনৈতিক মীমাংসা কৰাৰ বাবে আমি বলীষ্ঠভাৱে মত পোষণ কৰি আহিছোঁ। এই ক্ষেত্ৰত ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব অধিক আৰু কেন্দ্ৰীয় চৰকাৰেই ইতিবাচক প্ৰথম পদক্ষেপ ল'ব লাগে বুলি আমি মত পোষণ কৰো। আলোচনাৰ বাবে অনুকুল পৰিৱেশ সৃষ্টি কৰাৰ দায়িত্বও কেন্দ্ৰীয় চৰকাৰৰ। আলোচনাৰ কোনো পক্ষই চৰ্ত্ত আৰোপ কৰাটো অনুচিত।
আমি নিৰন্তৰ ভাবে শান্তি প্ৰতিষ্ঠাৰ বাবে আলোচনা অনুষ্ঠিত কৰা আৰু আলোচনাৰ জৰিয়তে ৰাজনৈতিক মীমাংসাৰ বাবে জনমত গঠন কৰি যাম।
জনজাতীয় স্বায়ত্ব শাসনৰ প্ৰশ্ন আৰু আমাৰ স্থিতিঃ
দীৰ্ঘদিন ধৰি অসমৰ জনজাতী সকলে স্বায়ত্ব শাসনৰ দাবীত আন্দোলন কৰি আহিছে। স্বকীয় কৃষ্টি সংস্কৃতি আৰু জীৱন ধাৰণৰ পদ্ধতিৰে গৌৰাম্বিত ভূমিপুত্ৰ জনজাতি সকলে প্ৰচলিত ৰাজনৈতিক ব্যৱস্থাত ভোগ কৰা শোষণ বঞ্চনাৰ নিৰাময় বিচাৰি আৰু নিজস্ব ভাষা, কৃষ্টি সংস্কৃতিক এক ৰাজনৈতিক ব্যৱস্থাৰ জৰিয়তে সুৰক্ষিত কৰাৰ দুৰ্বাৰ হাবিয়াসৰ পৰাই জনজাতীয় স্বায়ত্ব শাসনৰ দাবী উত্থাপিত হৈছে আৰু জনপ্ৰিয় গণ আন্দোলন গঢ়ি উঠিছে। এই আন্দোলন সমূহক লৈ বিভিন্ন সময়ত বিভিন্ন দলৰ চৰকাৰ সমূহে গ্ৰহণ কৰা ভূল নীতিয়ে আন্দোলন সমূহক জটিল কৰি তুলিছে আৰু বহু সময়ত জনগোষ্ঠীয় সংঘাতৰ ফালে ঠেলি দিছে। জনজাতি উন্নয়নৰ নামত চলি অহা প্ৰহসন, শোষন বঞ্চনাৰ ফল স্বৰূপেই জনজাতি উন্নয়নৰ সীমাহীন আচনি স্বত্বেও অসমৰ জনজাতীয় অঞ্চল সমূহ আজিও দেশৰ ভিতৰতে আটাইতকৈ পিছ পৰা অঞ্চল। পৰিকল্পনা আয়োগ পৰ্যায়তে জনজাতীয় অঞ্চলৰ উন্নয়নৰ বাবে পৃথক জনজাতীয় উপ-আচনি আছে, কিন্তু এই উপ আচনি ৰূপায়ন কৰাৰ বাবে জনপ্ৰতিনিধিৰ দ্বাৰা গঠিত কোনো ৰাজনৈতিক ব্যৱস্থা নথকাৰ বাবে জনজাতীয় উপ আচনিৰ কোনো সুফল জনজাতি ৰাইজে ভোগ কৰিব পোৱা নাই। বৰং অসৎ ৰাজনীতিক আৰু ৰ্দূনীতিগ্ৰস্ত আমোলাতন্ত্ৰৰ পাকচক্ৰত ব্যাপক লুণ্ঠনৰ পথহে প্ৰশস্ত হৈছে। এতেকে পৃথক জনজাতীয় উপ আচনি ৰূপায়নৰ বাবে জনপ্ৰতিনিধিৰ দ্বাৰা গঠিত জনজাতীয় স্বায়ত্ব শাসিত পৰিষদ গঠনৰ পক্ষত আমি বলীষ্ঠভাবে থিয় দিওঁ।
দ্বিতীয় কথাটো হ’ল এই স্বায়ত্ব শাসিত পৰিষদৰ পুঁজি আৱণ্টনৰ বাবে সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰ দায়বদ্ধ হ’ব লাগিব আৰু বিষয়টো ৰাজ্য চৰকাৰৰ দয়াৰ ওপৰত এৰিলে নহব। নিজৰ বাবে পৰ্য্যাপ্ত পুঁজি আৰু বিত্তীয় স্বাধীনতা নথকা ৰাজ্য চৰকাৰে জনজাতীয় স্বায়ত্ব শাসিত পৰিষদ একোখনৰ দায়িত্ব ল’ব কি দৰে? কেন্দ্ৰীয় চৰকাৰক কোনো স্বায়ত্ব পৰিষদৰ দায়িত্ব লবলৈ বাধা কৰাবলৈ হ’লে স্বায়ত্ব শাসিত পৰিষদ খন সংবিধানৰ অন্তভূক্ত হ’ব লাগিব আৰু সংবিধানত এই ব্যৱস্থা একমাত্ৰ ষষ্ঠ অনুসূচিত হে আছে। কিন্তু ৰাজনৈতিক দুৰভিসন্ধিৰে এচাম লোকে ষষ্ঠ অনুসূচী আৰু স্বায়ত্ত শাসন সম্পৰ্কে ভূল ধাৰণা সৃষ্টি কৰি বিষয়টো জনগোষ্ঠীয় সংঘাতৰ ফালে লৈ গৈছে।
এতেকে আমি দাবী জনাও যে, স্বায়ত্ত শাসিত পৰিষদ এলেকাত বসবাস কৰা সকলো জনগোষ্ঠীৰ সমঅধিকাৰ, সমমৰ্য্যদা আৰু সমউন্নয়ণৰ ভিত্তিত সাংবিধানিক স্বীকৃতিসহ স্বায়ত্ত শাসিত পৰিষদ সমূহ গঠন হ’ব লাগে; পৰিষদ এলেকাৰ অজনজাতি সকলৰ ভূমি অধিকাৰ, ৰাজনৈতিক তথা সংবিধান প্ৰদত্ত মৌলিক অধিকাৰ আৰু অৰ্থনৈতিক সুযোগ সুবিধাৰ অধিকাৰ আইনৰ দ্বাৰা সুনিশ্চিত কৰিব লাগে আৰু সংবিধান সংশোধনৰ জৰিয়তে সংবিধানত সন্নিবিষ্ট কৰিব লাগে। সমগ্ৰ বিষয়টো শান্তিপূৰ্ণ আলোচনাৰ জৰিয়তে মীমাংসা কৰিব লাগে আৰু আলোচনাৰ প্ৰক্ৰিয়াত বিষয় বা দাবীটোৰ লগত সম্পৰ্কিত আন জনগোষ্ঠী সমূহকো জড়িত কৰিব লাগে।
অতি উদ্বেগেৰে লক্ষ্য কৰা হৈছে যে দীৰ্ঘদিন ধৰি স্বায়ত্ত শাসিত পৰিষদ সমূহৰ গনতান্ত্ৰিক নিৰ্বাচন অনুষ্ঠিত নকৰি তদৰ্থ ভিত্তিত অসম চৰকাৰৰ মনোনীত সদস্যৰ দ্বাৰা পৰিচালনা কৰা হৈছে। আমি দাবী কৰো যে শীঘ্ৰে এই তদৰ্থবাদৰ অন্ত পেলাই পৰিষদ সমূহৰ নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে।
জনগোষ্ঠীয় অনুসূচীকৰণৰ দাবী আৰু আমাৰ স্থিতিঃ
অসমৰ ছটা জনগোষ্ঠী টাই আহোম, মৰাণ, মটক, কোচ-ৰাজবংশী, চুতীয়া আৰু চাহ জনগোষ্ঠীৰ লোক সকলে অনুসূচীত জনজাতিৰ মৰ্য্যদা বিচাৰি আন্দোলন কৰি আহিছে। এই জনগোষ্ঠী কেইটা ইতিমধ্যে অন্যান্য পিছপৰা শ্ৰেনীৰ তালিকাভূক্ত হৈ শিক্ষা আৰু নিয়োগ তথা অন্যান্য অৰ্থনৈতিক সা-সুবিধা পালেও অনুসূচীত জনজাতি সকলৰ দৰে সংৰক্ষণৰ ৰাজনৈতিক সা সুবিধা নাপায় বাবেই অনুসূচীকৰণৰ দাবী উত্থাপন কৰি আহিছে। অন্যহাতে ইতিমধ্যে তালিকাভূক্ত হৈ থকা অনুসূচীত জনজাতি সকলে আশংকা প্ৰকাশ কৰে যে উল্লেখিত ছটা জনগোষ্ঠীক জনজাতি তালিকাভূক্ত কৰিলে বাকী জনজাতি সকলে এতিয়ালৈকে ভোগ কৰি অহা সা সুবিধা সমূহৰ পৰা বঞ্চিত হব। এতেকে এনে দাবী আৰু আশংকাৰ পৰিপ্ৰক্ষিতত আমি দাবী কৰো যে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে ত্ৰিপাক্ষিক বৈঠকৰ জৰিয়তে শীঘ্ৰে বিষয়টো মীমাংসা কৰিব লাগে আৰু ছটা জনগোষ্ঠীক অনুসূচীত জনজাতিৰ তালিকাভূক্ত কৰিলে আন জনজাতি সমূহে ভোগ কৰি অহা সাংবিধানিক সা সুবিধাৰ পৰা যাতে তেওঁলোক বঞ্চিত নহয় তাৰ বাবে বিশেষ সাংবিধানিক ব্যৱস্থা কৰিব লাগে।
সংখ্যালঘু জনগণ আৰু আমাৰ কৰ্মসূচীঃ
সংখ্যালঘূ মানে ধৰ্মীয় আৰু ভাষিক সংখ্যালঘূক বুজো। তেওঁলোক আমাৰ সমাজৰ এৰাব নোৱাৰা অংগ। তেওঁলোকো অসমৰ অতি পশ্চাদপদ জনগোষ্ঠী। দেশৰ অৰ্থনীতিলৈ, বিশেষকৈ কৃষি খণ্ডত তেওঁলোকৰ অৱদান অপৰিসীম। কিন্তু তেওঁলোকৰ উন্নয়নৰ লগতে ভাষা, কৃষ্টি, সংস্কৃতিৰ ৰক্ষণা-বেক্ষণৰ বাবে কৰিবলগীয়া খিনি চৰকাৰে নকৰাৰ বাবে তেওঁলোক অনাদৰ অৱহেলা আৰু বঞ্চনাৰ মাজত জীৱন যাপন কৰিব লগা হৈছে। তাতে সময়ে সময়ে ৰাজনৈতিক অভিসন্ধিৰ ফলত সংখ্যালঘূ বৈধ ভাৰতীয় নাগৰিকৰ বিৰুদ্ধে নাগৰিকত্বৰ প্ৰশ্ন তুলি নানান হাৰাশাস্তি কৰা হয়, ভোটাৰ তালিকাৰ পৰা নাম কটা হয় ইত্যাদি। এই ক্ষেত্ৰত আমাৰ দাবী হৈছে- অসম চৰ উন্নয়ন কতৃত্ব আৰু ভাষিক সংখ্যালঘূ বৰ্ডক শক্তিশালি কৰি অধিক পুঁজি আৱণ্টন দিব লাগে। বংগভাষী আৰু নেপালীভাষী লোকৰ ভাষা, কৃষ্টি-সংস্কৃতিৰ সংৰক্ষণ আৰু বিকাশৰ বাবে বিশেষ আচনি কৰিব লাগে। গনতান্ত্ৰিক আৰু নিৰপেক্ষ দৃষ্টিভংগীৰে ভোটাৰ তালিকা প্ৰস্তুত কৰিব লাগে।
বিদেশী নাগৰিকৰ সমস্যা আৰু আমাৰ স্থিতিঃ
ছবছৰীয়া অসম আন্দোলনৰ অন্তত বিদেশী নাগৰিকৰ সমস্যা সমাধানৰ বাবে এখন ঐতিহাসিক চুক্তি সম্পাদনা কৰা হল যদিও আজিলৈকে বিদেশী নাগৰিক সমস্যাৰ কোনো সমাধান নহ'ল। বিদেশী নাগৰিক চিনাক্তকৰণ আৰু বহিষ্কৰণৰ ক্ষেত্ৰত আই-এম-ডি-টি আইন খনেই প্ৰধান অন্তৰায় বুলি আইনখন প্ৰত্যাহাৰৰ দাবীত দীৰ্ঘদিন আন্দোলন কৰাৰ পাছত অৱশেষত উচ্চতম ন্যায়লয়ৰ নিৰ্দেশ যোগে আইনখন বাতিল কৰা হল। বিদেশী নাগৰিক সমস্যাৰ ক্ষেত্ৰত মূল আন্দোলনকাৰী সংগঠন সদৌ অসম ছাত্ৰ সন্থা বা চমুকৈ আছুৱে ১৯৭১ চনক ভিত্তি বৰ্ষ হিচাবে লৈ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুত কৰা আৰু ভোটাৰ তালিকাৰ পৰা বিদেশী নাগৰিকৰ নাম বাদ দিয়াৰ দাবী উত্থাপন কৰি আহিছে। এই দাবীক আমি সমৰ্থন জনাও। কিন্তু এই প্ৰক্ৰিয়াত যাতে বৈধ নাগৰিক হাৰাশাস্তিৰ মুখামুখী নহয় তাৰ বাবে গণ সচেতনতা গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰো।
অসমৰ শিক্ষানীতি আৰু আমাৰ কৰ্মসূচীঃ
অন্যান্য পশ্চাদপদতাৰ লগতে শিক্ষাৰ দিশটোত অসম অতিকৈ পিছপৰা। যি সময়ত শিক্ষাৰ অধিকাৰ আইন গৃহীত হৈছে আৰু আমাৰেই প্ৰতিবেশী মিজোৰামৰ দৰে ৰাজ্যই পূৰ্ণ স্বাক্ষৰতা অৰ্জন কৰিছে সেই সময়ত শৈক্ষিক দিশত আমাৰ এই পশ্চাদপদতা অতি ৰ্দুভাগ্যজনক। এনে পৰিস্থিতিত আমি উদ্বেগেৰে লক্ষ্য কৰিছো যে চৰকাৰে শিক্ষাখণ্ডত ব্যয় সংকোচন কৰিছে আৰু শিক্ষাৰ ব্যক্তিগতকৰণত উদগণি যোগাইছে তথা ছাত্ৰছাত্ৰীৰ বৃদ্ধি কৰিছে।
জনগণৰ প্ৰচেষ্টাত গঢ় লৈ ভেনচাৰ স্কুল সমূহৰ চৰকাৰীকৰন প্ৰায় সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে শিক্ষা সাৰ্বজনীন আৰু সম্পূৰ্ণ বিনামূলীয়া হোৱা উচিত।
ক্ৰমবদ্ধমান নিবনুৱা সমস্যাই এই কথা উদঙাই দেখুৱাইছে যে আমাৰ শিক্ষা ব্যৱস্থা বৃত্তিমুখী নোহোৱাৰ বাবে স্বাৱলম্বনেৰে জীৱন যাপনৰ বাবে অনুষ্ঠানিক শিক্ষাই কোনো অৰিহণা যোগাব পৰা নাই। অ’ত ত’ত সিচৰিত কেইখনমান কাৰিকৰি শিক্ষা প্ৰতিষ্ঠান চাৰকাৰী অৱহেলাত যেনেতেনে চলি আছে। কৃষি, মীন পালন, ৰেচম, তাঁত শিল্প, বিভিন্ন কুটীৰ শিল্প, পশু পালন আদি বৃত্তিমুখী শিক্ষা গ্ৰহন কৰিবলৈ প্ৰচলিত শিক্ষা পাঠ্যক্ৰমত কোনো ব্যৱস্থা নাই। এনে শিক্ষা নথকাৰ বাবে হাইস্কুল বা মহাবিদ্যালয়ৰ দেওনা পাৰ হোৱা যুৱক যুৱতী সকল আজি হাহাকাৰ কৰি ফুৰিব লাগে।
এতেকে আমি দাবী কৰো যে-
(১) শিক্ষাখণ্ডত ব্যয় সংকোচন নীতি প্ৰত্যাহাৰ কৰি উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ সাৰ্বজনীনভাবে শিক্ষাক বিনামূলীয়া কৰিব লাগে।
(২) শিক্ষা পাঠ্যক্ৰমৰ আমূল পৰিবৰ্তন ঘটাই শিক্ষাক বৃত্তিমুখী কৰিব লাগে আৰু হাইস্কুল পৰ্য্যায়তে কাৰিকৰি শিক্ষাৰ লগতে কৃষি, মীন পালন, ৰেচম, তাঁত শিল্প, বিভিন্ন কুটীৰ শিল্প, পশু পালন আদি পাঠ্যক্ৰম অৰ্ন্তভুক্ত কৰিব লাগে। এনে পাঠ্যক্ৰমৰ বিশেষ চৰকাৰী বিদ্যালয় প্ৰতিষ্ঠা কৰিব লাগে।
(৩) শিক্ষাক সাৰ্বজনীন কৰা আৰু সম্পদৰ সমবিতৰণ নীতি আধাৰত বিদ্যালয় আৰু মহাবিদ্যালয় প্ৰাদেশীকিকৰণ কৰিব লাগে।
অসমৰ ভূমি সমস্যা আৰু আমাৰ দাবীঃ
অসমৰ কৃষক জনসাধাৰণৰ ভূমি সমস্যাই হল প্ৰধান সমস্যা। ব্ৰিটিছ শাসন কালত চাহ বাগান খুলি ৰাজহ বৃদ্ধি কৰাৰ নামত লাখ লাখ হেক্টৰ মাটি দেশী-বিদেশী কোম্পানী সমূহক গ্ৰাণ্ট হিচাবে দিয়াৰ পাছত অসমৰ মুকলি ভূমি সংকুচিত হৈ পৰে। ইয়াৰ পাছত স্বাধীনোত্তৰ কালত লাখ লাখ হেক্টৰ ভূমি বান আৰু গঢ়া খহনীয়াত জাহ যায়- যি প্ৰক্ৰিয়াত এতিয়াও অবিৰত ভাবে চলি আছে। তাৰোপৰি প্ৰব্ৰজনেও ভূমি সংকটক তীব্ৰ কৰি তোলে। এনেদৰে সৃষ্টি হোৱা তীব্ৰ ভূমি সংকটৰ মাজতে ভাৰত চৰকাৰে সংৰক্ষিত বনাঞ্চল সমূহ ঘোষণা কৰিবলৈ ধৰাত শত সহশ্ৰ লোক ৰাতিটো ভিতৰতে বেদখলকাৰী হৈ পৰে আৰু বান-গঢ়া খহনীয়াত ভূমিহীন হোৱা লোকৰ সংস্থানপৰ বাবে ক’তো কোনো মাটি নাইকীয়া হৈ পৰে।
স্বাধীন ভাৰতবৰ্ষত অসম চৰকাৰে সামগ্ৰিক ভাবে অসমবাসী আৰু বিশেষকৈ কৃষক জনসাধাৰণৰ ভূমি সমস্যা সমাধানৰ বাবে আমাৰ নিৰ্দ্দিষ্ট পৰিস্থিতি আৰু পৰিৱেশৰ লগত খাপ খোৱা এখন নিজা আইন প্ৰনয়ণ কৰাৰ প্ৰয়োজন আছিল যদিও স্বাধীনোত্তৰ কালৰ চৰকাৰ সমূহে ব্ৰিটিছৰ দিনতে প্ৰবৰ্তন কৰা অসম ভূমি ৰাজহ আইন, ১৮৬০ খনকে সামান্য সাল সলনিৰে বাহাল ৰাখে। বৰাক উপত্যকা আৰু অভিভক্ত গোৱালপাৰা জিলাৰ স্থায়ী বন্দোবস্তি অসম চৰকাৰে আজিলৈকে কৰিব নোৱাৰিলে। যাৰ ফলত অসমৰ সৰহ সংখ্যক লোক নিজা ভূমিতেই আজিও পট্টাহীন বেদখলকাৰী অথবা নাম মাত্ৰ এখন তৌজি বা একচনীয়া পট্টাৰে অনিশ্চিত ভৱিষ্যৎ লৈ জীৱন নিৰ্বাহ কৰিব লগা হৈছে।
প্ৰব্ৰজনৰ সমস্যাকো নিয়ন্ত্ৰণ কৰিবলৈ ব্যৰ্থ হোৱাৰ বাবে অসমৰ খিলঞ্জীয়া মানুহখিনিয়ে আজি অস্তিত্ব হেৰুৱাৰ আশংকাত ভূগিব লগীয়া হৈছে। যিকোনো কল-কাৰখানা, উদ্যোগ-প্ৰতিষ্ঠান আদিৰ বাবে অধিগ্ৰহণ কৰা মাটিৰ ক্ষেত্ৰটো অসমৰ কৃষক জনসাধাৰণে উপযুক্ত ক্ষতিপূৰণৰ পৰা বঞ্চিত হৈছে।
সেয়েহে আমি দাবী জনাওঁ যে কৃষক জনসাধাৰণৰ সংস্থাপন আৰু স্থায়ী ভূমি পট্টনৰ দিশটোক অগ্ৰাধিকাৰ দি এক নতুন ভূমি নীতি আৰু আইন প্ৰবৰ্তন কৰিব লাগে। বন সুৰক্ষা আইনৰ সংশোধন ঘটাব লাগে আৰু যিবিলাক তথাকথিত বনাঞ্চল আজি জনবসতিৰে জনাঞ্চললৈ ৰুপান্তৰিত হৈছে আৰু সেই বিলাকত শীঘ্ৰে জৰীপ চলাই স্থায়ী ভূমি পট্টনৰ ব্যৱস্থা কৰিব লাগে।
অসমৰ বান সমস্যা আৰু আমাৰ দাবীঃ
অসমৰ বান আৰু গঢ়া খহনীয়া সমস্যাই হ'ল অসমৰ অৰ্থনৈতিক উন্নয়নৰ প্ৰধান অন্তৰায়। এই সমস্যা সমাধান কৰাৰ নামত কিমান হাজাৰ কোটি টকা এতিয়ালৈকে খৰছ কৰা হ'ল তাৰ কোনো হিচাব নাই। কিন্তু সমস্যাটো দিনক দিনে অধিক জটিলহে হৈ গৈ আছে। ইয়াৰ মূল কাৰণ হৈছে প্ৰয়োজনীয় পৰিকল্পনা অভাৱ, চৰকাৰী বান নিয়ন্ত্ৰণ বা জল সম্পদ বিভাগৰ আমোলাতান্ত্ৰিক দৃষ্টিভংগী আৰু অক্ষমতা আৰু বিভাগটোত চলি থকা অবাধ ৰ্দূনীতি। বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ভুক্তভোগী জনগণৰ জ্ঞান আৰু অভিজ্ঞতাক চৰকাৰে কেতিয়াও কোনো গুৰত্ব দিব নিবিচাৰে। বানপানী যদিও প্ৰাকৃতিক সমস্যা- ইয়াৰ জটিলতা খিনি কিন্তু মানৱ সৃষ্ট। বান নিয়ন্ত্ৰণ আচনি সমূহ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে সদায় প্ৰয়োজনীয় পুঁজিৰ অভাৱৰ কথা দোহাৰে আৰু আৱণ্টিত পুঁজিখিনিও কেন্দ্ৰীয় চৰকাৰে সময়মতে মুকলি কৰি নিদিয়ে বুলি অভিযোগ উত্থাপিত হৈ আহিছে।
সেয়েহে অসমৰ বান আৰু গঢ়া খহনীয়া সমস্যাক ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় সমস্যাৰূপে স্বীকৃতি দিয়াৰ দাবী উঠিছে। এই দাবীলৈ আমি পূৰ্ণ সমৰ্থন জনোৱাৰ লগতে দাবী কৰো যে বান নিয়ন্ত্ৰণ আঁচনি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত বানপীড়িত জনগণকো অংশীদাৰ কৰিব লাগে, ৰ্দূনীতি নিয়ন্ত্ৰণ কৰিব লাগে তথা পঞ্চায়তীৰাজ ব্যৱস্থাৰ জৰিয়তে NREGA, RSVY ৰ পুঁজিৰে বান নিয়ন্ত্ৰণৰ আঁচনি গ্ৰহণ কৰিব লাগে।
নাৰী সমস্যা আৰু আমাৰ কৰ্মসূচীঃ
নাৰী এখন সমাজৰ অৰ্ধ আকাশ। কিন্তু আমাৰ পুৰুষ প্ৰধান প্ৰচলিত সমাজ ব্যৱস্থাত নাৰী সদায় দমন-নিপীড়নৰ বলি হৈ আহিছে। নাৰী অৰ্থনৈতিক ভাৱে সদায় আনৰ ওপৰত নিৰ্ভৰশীল। শিক্ষাৰ ক্ষেত্ৰটো নাৰী পিছপৰা। বৰ্তমান সমাজে আধুনিকতাৰ ফালে গতি কৰাৰ বিনিময়ত সমাজত নাৰীজনিত অপৰাধৰ সংখ্যা উদ্বেগজনক ভাবে বাঢ়িছে। শিক্ষা, সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আদি সকলো দিশত পুৰুষৰ সমানে সমানে নাৰীক আগবঢ়াই নিব নোৱাৰিলে এখন সমাজ কেতিয়াও প্ৰগতিশীলতাৰ দিশত আগবাঢ়িব নোৱাৰে। সেয়েহে নাৰী মুক্তি আন্দোলনৰ প্ৰশ্ন সমাজ পৰিবৰ্তনৰ আন্দোলনৰ সফলতাৰ লগত ওতঃপ্ৰোত ভাবে জৰিত আৰু অতি গুৰুত্বপূৰ্ণ।
আমি আৰম্ভণীৰ পৰাই নাৰী পুৰুষৰ সমান সামাজিক মৰ্য্যদা, সমান অধিকাৰ সমান অংশগ্ৰহণৰ নীতি পালন কৰি আহিছো আৰু এক সংগঠিত নাৰী আন্দোলন গঢ় দিয়াৰ বাবেই সন্মিলিত নাৰী শক্তি, অসম জন্ম দি আমাৰ সংগ্ৰামৰ সহযোদ্ধা কৰিছো। নাৰী প্ৰশ্নত আমাৰ কৰ্মসূচী হ’ল- ১) সকলোধৰণৰ নাৰী অধিকাৰ আন্দোলনৰ প্ৰতি পূৰ্ণ সমৰ্থন জনোৱা ।
২) সকলো নাৰী নিৰ্য্যাতনক দুৰ্ঘোৰ বিৰোধীতা কৰা।
৩) বিধানসভা, লোকসভা তথা আন আন সকলো স্থানীয় নিকায়ত মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণ নীতিক সমৰ্থন জনোৱা ।
৪) নাৰী সৱলীকৰণৰ বাবে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা।
নিবনুৱা সমস্যা আৰু আমাৰ কৰ্মসূচীঃ
দেশখনৰ নিবনুৱা সমস্যা এতিয়া বিষ্ফোৰণমুখী। অতি ভয়াবহ ৰূপ ধাৰণ কৰা এই নিবনুৱা সমস্যা সৃষ্টিৰ মূলতে উদ্যোগীকৰণৰ অভাৱকে কিছুমান লোকে আঙুলীয়াই ব্যাপক উদ্যোগীকৰণৰ নীতিৰ দাবী জনালেও আমি কিন্তু বৃত্তিমুখী শিক্ষাৰ অভাৱ আৰু আমাৰ সম্পদৰাজিৰ প্ৰকৃত ব্যৱহাৰৰ অভাৱকেই প্ৰধানত জগৰীয়া কৰো।
যাৰ বাবে নিবনুৱা যুৱক-যুৱতী সকল কেৱল চাকৰি আৰু ঠিকামুখী হ’বলৈ বাধ্য হৈছে। অসমত ভাৰতবৰ্ষৰ ৬০ দশকৰ সমবায় আন্দোলন আৰু ৭০ আৰু ৮০ দশকৰ সেউজ বিপ্লৱৰ বিফলতাও অসমৰ নিবনুৱা সমস্যাৰ অন্যতম কাৰণ। ইয়াৰ লগত সমস্যাটোক জটিল কৰিছে অসমত এক কৰ্ম-সংস্কৃতি গঢ় দিয়াত আমাৰ সামূহিক ব্যৰ্থতাই ।
আমি দেখিছো চৰকাৰী খণ্ডত নিয়োগৰ সুবিধা সংকুচিত হৈ পৰিছে আৰু বেচৰকাৰী খণ্ডত তীব্য প্ৰতিদ্বন্দিতা কৰিব লগা হৈছে। কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ বাবে বহু ধৰণৰ ৰেহাই সহ নতুন এক উদ্যোগ নীতি গ্ৰহণ কৰিছে। কিন্তু আমাৰ অভিজ্ঞতাই দেখুৱাইছে যে ব্যক্তিগত বা ৰাজহুৱা খণ্ডত স্থাপিত হোৱা উদ্যোগ সমূহত ব্যাপক হাৰত অসমৰ বাহিৰৰ লোকক নিয়োগ কৰি থলুৱা প্ৰাৰ্থী সকলক যোগ্যতা আৰু অৰ্হতা ৰ অভাৱৰ অজুহাতত বঞ্চিত কৰা হয়। এনে পৰিস্থিতিত আমি দাবী জনাও যে চৰকাৰৰ বিশেষ ৰেহাইৰে অসমত ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডত স্থাপিত হ’বলগীয়া উদ্যোগৰ ক্ষেত্ৰত ১০০ শতাংশ থলুৱা অসমৰ স্থায়ী বাসিন্দাক নিয়োগ কৰাটো পূৰ্বচৰ্ত্ত আৰোপ কৰিব লাগে। তাৰবাবে প্ৰয়োজনীয় অৰ্হতা বা যোগ্যতা আহৰণৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা সংশ্লিষ্ট কোম্পানীয়ে কৰিব লাগিব।
নিৱনুৱা সমস্যা সমাধানৰ বাবে তৃণমূল পৰ্য্যায়ত আত্মসহায়ক গোট গঠনৰ এক বিশাল আন্দোলনৰ পোষকতা কৰে গণশক্তিয়ে। কিন্তু সুবিধাবাদী ৰাজনৈতিক নেতা সকলে আত্মসহায়ক গোটসমূহক লৈ এনে এক ধাৰণা সৃষ্টি কৰিছে যে আত্মসহায়ক গোট মানে দহ-বাৰ জন মানুহ গোট খাই চৰকাৰক দৰ্খাস্ত দি সাহাৰ্য্য পোৱা আৰু সেই সাহাৰ্য্য ভগাই খোৱা এটা ব্যৱস্থা। কিন্তু আচল অৰ্থত আত্মসহায়ক গোটৰ মৰ্মক উপলব্ধি কৰি যিসকল আগবঢ়িছে তেওঁলোকে স্বাৱলম্বনৰ পথ বিচাৰি পাইছে। সেয়েহে আত্ম সহায়ক গোটৰ বিভিন্ন দিশৰ ওপৰত কৰ্মশালা আৰু প্ৰশিক্ষণ শিৱিৰ অনুষ্ঠিত কৰি দিশে দিশে আত্ম সহায়ক গোট গঠন কৰাৰ এক ব্যাপক কৰ্মসূচী আমি গ্ৰহন কৰিব লাগিব।
শিক্ষিত নিবনুৱা যুৱক যুৱতী সকলক স্বাৱলম্বনৰ বিভিন্ন উদ্যমিতা (Entrepreneurship) লোৱাৰ বাবে প্ৰশিক্ষণ আৰু উদগণি যোগোৱাৰ লগতে চৰকাৰ তথা বেংকৰ পৰা যাতে প্ৰাপ্য সুবিধা লাভ কৰে তাৰ বাবেও গণশক্তিয়ে সংগবদ্ধ প্ৰচেষ্টা চলাব। নিবনুৱা যুৱক যুৱতীৰ প্ৰতি বেংকৰ নেতিবাচক দৃষ্টিভংগী বিৰোধীতা কৰাৰ লগতে ঋণ আদায় দিয়াৰ ক্ষেত্ৰত ঋণী ব্যক্তিৰ নেতিবাচক দৃষ্টিভংগীকো গণশক্তিয়ে দুৰ্ঘোৰ বিৰুধীতা কৰে।
আত্ম সহায়ক গোটৰ আন্দোলন গঢ়ি তোলাৰ সমান্তৰালভাবে এক সমবায় আন্দোলন গঢ়ি তোলাৰো পোষকতা কৰে গণশক্তিয়ে। বিশেষকৈ সমবায় ভিত্তিত বৃহৎ কৃষিপাম, মীন পাম আৰু পশুধন পাম গঢ়ি তোলাক নিজস্ব কৰ্মসূচী হিচাবে গণশক্তিয়ে গ্ৰহণ কৰে। মুঠৰ ওপৰত নিবনুৱা সমস্যা সমাধানৰ বাবে গণশক্তিৰ কৰ্মসূচী হল নিয়োগ সৃষ্টিৰ বাবে চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰাৰ লগে লগে স্বাৱলম্বনৰ পথ প্ৰশস্ত কৰা আৰু তাৰ বাবে উন্নয়ন মূলক আচঁনি ৰূপায়ণৰ বাবে নিয়োগ সৃষ্টিমূলক আৰু উপাৰ্জনমুখী আচনিৰ ওপৰত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰা।
স্বাস্থ্য, পৰিয়াল কল্যাণ আৰু জনস্বাস্থ্যঃ
কোনো দেশ বা বিশেষ অঞ্চলৰ স্বাস্থ্যৰ মানদণ্ড জোখাৰ বাবে সদ্যজাত শিশুৰ মৃত্যু হাৰ বা Infant mortality rate বিচাৰ কৰা হয় আৰু এই হাৰ আমাৰ অঞ্চলত অত্যাধিক। সাধাৰণ মেলেৰীয়া, ডায়েৰীয়া, জণ্ডিচ আদি ৰোগত সামান্য চিকিৎসাৰ অভাৱত প্ৰতিবছৰে শ শ লোকে আমাৰ অঞ্চলত প্ৰাণ হেৰুৱায়। উন্নত চিকিৎসাৰ অভাৱত ৰোগীক ডিব্ৰুগড় বা গুৱাহাটীলৈ নিয়াৰ পথতে মৃত্যু হোৱাৰ ঘটনা ঘটিয়েই থাকে। অসমৰ ভিতৰতে পিছপৰা অঞ্চল বুলি চৰকাৰী চিকিৎসালয় কেইখনলৈ ডাক্তৰ আহিব নিবিছাৰে। এতেকে চিকিৎসা ব্যৱস্থাৰ আন্তঃগাঠনি শক্তিশালি কৰাৰ লগতে চিকিৎসালয় সমূহত যাতে তেওঁলোকৰ উপস্থিতি নিয়মীয়া হয় তাৰ বাবে গণশক্তিয়ে বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰিব।
বিশুদ্ধ খোৱা পানীৰ অভাৱৰ বাবেই জনসাধাৰণে পুখুৰী, নদ-নদী বা খাল-বিলৰ পানী খাব লগা হয় আৰু ইয়েই বহু ৰোগৰ মূল কাৰণ। বিজ্ঞানসন্মত পয়-প্ৰণালীৰ অভাৱ বিভিন্ন ৰোগৰ আন এটা কাৰণ। এতেকে গণশক্তিয়ে বিশেষকৈ গ্ৰাম্যাঞ্চলত বিশুদ্ধ খোৱা পানীৰ যোগানধৰা আৰু বিজ্ঞানসন্মত পয়-প্ৰণালীৰ ব্যৱস্থা কৰাৰ বাবে বিশেষ উদ্যোগ হাতত লব।
ৰোগ চিকিৎসাতকৈ প্ৰতিৰোধ শ্ৰেয়। সেয়ে সু-স্বাস্থ্যৰ বাবে আগতীয়াকৈ ৰোগ প্ৰতিৰোধ কৰাৰ বাবে গণসচেতনতা গঢ় দিয়াত গণশক্তিয়ে গুৰুত্ব আৰোপ কৰে।
ৰাজহুৱা বিতৰণ প্ৰণালীঃ
এখন কল্যাণকামী উন্নয়নশীল ৰাষ্টৰ নাগৰিক হিচাবে নূন্যতম অন্ন-বস্ত্ৰ-বাসস্থান প্ৰাপ্তিৰ অধিকাৰ আমাৰ সকলোৰে আছে।
ৰাজহুৱা বিতৰণ প্ৰণালী বা (Public distribution system)ৰ জৰিয়তে প্ৰতিজন নাগৰিকক খাদ্য, ইন্ধণ হিচাবে কেৰাচিন আদি যোগান ধৰাটো চৰকাৰৰ কৰ্ত্তব্য। কিন্তু ৰাজহুৱা বিতৰণ প্ৰণালীত ঘটি অহা ব্যাপক ৰ্দূনীতিয়ে সৰ্বসাধাৰণ ৰাইজক এই প্ৰাপ্য সমূহৰ পৰা বঞ্চিত কৰি আহিছে। এতেকে ৰাজহুৱা বিতৰণ প্ৰণালীক সুশৃংখলিত কৰাৰ বাবে ৰাইজক সজাগ কৰা, গণ আন্দোলন গঢ়ি তোলা আৰু নিজে ক্ষমতাত অধিস্থিত হ’লে অত্যন্ত গুৰুত্ব সহকাৰে ৰাজহুৱা বিতৰণ প্ৰণালীক গঢ় দিয়াটো গণশক্তিৰ কৰ্মসূচী হ’ব।
যোগাযোগ, যাতায়ত আৰু উন্নয়ণঃ
যোগাযোগ আৰু যাতায়ত ব্যৱস্থাৰ পশ্চাদপদতা আমাৰ অঞ্চলটোৰ সামগ্ৰিক পশ্চাদপদতাৰ অন্যতম প্ৰধান কাৰণ। অৱস্থাৰ অৱনতি এনে পৰ্য্যায়লৈ ঘটে যে বহু সময়ত আমাৰ অঞ্চলটো বহিঃ বিশ্বৰ পৰা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ থাকে। উন্নত যোগাযোগ আৰু যাতায়ত ব্যৱস্থাৰ ফলতে খেতিয়কে উৎপাদিত শষ্যৰ উচিত মূল্য নাপায় আৰু আনহাতে বাহিৰৰ পৰা অহা বস্তু সমূহ অত্যাধিক হাৰত কিনিবলৈ বাধ্য হয়। স্বাস্থ্য, শিক্ষা আদিৰ ক্ষেত্ৰটো যোগাযোগ আৰু যাতায়ত ব্যৱস্থাৰ অভাৱৰ নেতিবাচক প্ৰভাৱ সৰ্বত্ৰ বিদ্যমান। এতেকে যোগাযোগ আৰু যাতায়ত ব্যৱস্থাৰ উন্নতি সাধনক গণশক্তিয়ে বিশেষ ভাৱে গুৰুত্ব আৰোপ কৰে। অঞ্চলটোৰ বান আৰু গঢ়াখহনীয়াৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি সৃজনীশীল ভাবে পৰিকল্পনা কৰা, মঠাউৰি বা বান্ধ সমূহক পথ হিচাবে ব্যৱহাৰ কৰা আৰু পথ সমূহক পানীৰ গতিধাৰা নিয়ন্ত্ৰক হিচাবে ব্যৱহাৰ কৰাৰ উদ্ভাৱনীমূলক কৌশলৰ ওপৰত গণশক্তিয়ে গুৰুত্ব আৰোপ কৰে।
পথ পৰিবহনৰ বিকল্প হিচাবে ৰেল যোগাযোগ আৰু জল পৰিবহন উন্নীত কৰাৰ বাবে ৰঙিয়াৰ পৰা মুৰ্কংচেলেকলৈ শীঘ্ৰে ব্ৰডগজ ৰেল লাইনৰ সম্প্ৰসাৰণ, ফেৰীঘাট সমূহৰ উন্নতিসাধন কৰাৰ লগতে ভাড়া হ্ৰাস কৰাৰ বাবে গণশক্তিয়ে দাবী কৰে।
সমাজ সংস্কাৰঃ
এখন গণতান্ত্ৰিক আৰু প্ৰগতিশীল সমাজ গঢ়িবলৈ হ’লে সমাজত প্ৰচলিত কু-প্ৰথা, অন্ধ বিশ্বাস আদি নিৰ্মূল কৰিব লাগিব। এই কথা মনত ৰখা প্ৰয়োজন যে সামাজিক উত্তৰণৰ পথত বৰ্তমান সমাজ ব্যৱস্থাই তাৰ পুৰণি অৱস্থাৰ বহু নেতিবাচক দিশ লগত কঢ়িয়াই আনিছে যিবিলাক সামাজিক প্ৰথা, ৰীতি নীতি, বিশ্বাস, পৰম্পৰা সংস্কাৰ আদি ৰূপত জীয়াই আছে।
সমাজৰ দুৰ্বল অংশ যেনে শিশু, নাৰী আৰু নিম্ন বৰ্ণ তথা শ্ৰেণীৰ লোক সকলেই ইয়াৰ বলি হয়। প্ৰগতিশীল সমাজ গঢ়িবলৈ যাওঁতে সামাজিক প্ৰথা, ৰীতি-নীতি, বিশ্বাস, পৰম্পৰা, সংস্কাৰ আদিৰ মাজৰ পৰা ভালখিনি বিকাশ ঘটাই বেয়াখিনি মৰহি যোৱাৰ বাবে সচেতন প্ৰচেষ্টা চলাব লাগিব। এই কামক গণশক্তিয়ে নিজৰ কৰ্ত্তব্য বুলি বিবেচনা কৰিব আৰু সমাজত প্ৰচলিত যৌতুক প্ৰথা, ডাইনি হত্যা আদিক দূৰ্ঘোৰ বিৰুধীতা কৰিব।
পৰিৱেশ সংৰক্ষণঃ
বৰ্তমান গোলকীয় উষ্ণতা বৃদ্ধি পৰ্য্যাবৰণৰ পৰিবৰ্তনক লৈ সমগ্ৰ বিশ্বত হৈ-হাল্লা লাগিছে আৰু ধৰিত্ৰীক বচাবলৈ দেশে দেশে বৃহৎ বৃহৎ অভিবৰ্তন, সমাৱেশ আদি অনুষ্ঠিত হব লাগিছে। ধনী দেশ সমূহে পৰ্য্যাবৰণ সংৰক্ষণৰ নীতি নিয়ম উলংঘাৰে ব্যাপকভাবে কৰা উদ্যোগীকৰণ, আধুনিক বিলাসী জীৱন-যাপন, প্ৰকৃতিৰ ওপৰত কৰা নিষ্ঠুৰ শোষণে বায়ুমণ্ডলত কাৰ্বনৰ পৰিমান বঢ়োৱাৰ ফলত বায়ুমণ্ডলক আৱৰি ৰখা অ’জন চামনিত সুৰুঙা সৃষ্টি হৈছে যি গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰধান কাৰণ। ইয়াৰ ফলত জীৱৰ বাবে অতি প্ৰয়োজনীয় ৰ’দ, বতাহ, বৰষুণ, ঋতু পৰিবৰ্তন আদি প্ৰাকৃতিক ব্যৱস্থাৱলীৰ পৰিবৰ্তন হৈছে- বানপানী আৰু খৰাং বাঢ়িছে। বিজ্ঞানী সকলে ভৱিষ্যৎবাণী কৰিছে যে অনাগত দিনত মহাপ্ৰলংকাৰী বানপানী আহিব আৰু তাৰ পিছত পৃথিবী মৰুভূমিত পৰিগণিত হব।
ধনী দেশ আৰু ধনী মানুহৰ প্ৰকৃতি বিৰোধী জীৱন- যাপন , বিলাসীতা আৰু অধিক ধনী হোৱাৰ প্ৰৱণতা তথা নিষ্ঠুৰ শোষণে সৃষ্টি কৰা গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে বনাঞ্চল ধংসকেই প্ৰধানত জগৰীয়া কৰি এটা শক্তিয়ে এতিয়া দুখীয়া দেশসমূহত বনাঞ্চল সংৰক্ষণৰ নামত তাত বসবাস কৰি অহা খিলঞ্জীয়া জনগোষ্ঠী সমূহক উচ্ছেদ কৰি বা মাটিৰ ওপৰত তেওঁলোকৰ অধিকাৰ কাঢ়ি লৈ শোষণ-শাসনৰ অন্য এক ক’লা অধ্যায় আৰম্ভ কৰিছে।
আমি পৰিৱেশ সংৰক্ষণ পক্ষত। আমি আমাৰ জৈৱ-বৈচিত্ৰতা সংৰক্ষণৰ পক্ষত। সেয়েহে প্ৰাকৃতিক ভাৰাসাম্যতা বিনষ্ট কৰিব পৰা সকলো কাম কাজক আমি দুৰ্ঘোৰ বিৰোধীতা কৰো। বনাঞ্চল সংৰক্ষণ কৰাটো প্ৰয়োজন; তাৰ বাবে ব্যাপক সামাজিক বনানীকৰণৰ কাৰ্যসূচী লোৱা হওক; কিন্তু কৃষক জনসাধাৰণক উচ্ছেদ কৰা, ভূমিহীন কৰা বন নীতিক আমি সমৰ্থন নকৰো।
আমি আমাৰ প্ৰস্তাৱনাতে উল্লেখ কৰি আহিছো যে প্ৰাকৃতিক সম্পদত অতি চহকী হৈও আজি অসম সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে এখন অতি পশ্চাদপদ ৰাজ্য। আমাৰ সম্পদ ৰাজিৰ ওপৰত আমাৰ ন্যায্য অধিকাৰ প্ৰতিষ্ঠাৰ বাবে সংগ্ৰাম কৰাৰ ওপৰি অৰ্থনৈতিক ভাবে অসমক সমৃদ্ধিশালী কৰাৰ বাবে, জনমূৰি আয় বৃদ্ধি কৰাৰ বাবে দেশখনৰ ভয়াবহ নিবনুৱা সমস্যা সমাধানৰ বাবে এক অৰ্থনৈতিক কৰ্মসূচী প্ৰয়োজন হৈছে।
কৃষিঃ
অসম এখন কৃষি প্ৰধান দেশ আৰু শতকৰা ৯০ শতাংশ লোক জীৱন জীৱিকাৰ বাবে কৃষিৰ ওপৰত নিৰ্ভৰশীল। কিন্তু ৰ্দুভাগ্য যে অসমৰ কৃষিৰ কোনো উল্লেখযোগ্য বিকাশ আজিলৈকে হোৱা নাই। ভাৰতবৰ্ষৰ সেউজ বিপ্লৱৰ কোনো প্ৰভাৱ অসমত নপৰিল। কেকোঁৰা নাঙল আৰু গৰু হালেৰে কৰা পৰম্পৰাগত কৃষিয়েই অধিকাংশ লোকে কৰি আছে। নিজৰ প্ৰয়োজনীয় খাদ্য উৎপাদনৰ বাদে কোনো ব্যৱসায়ভিত্তিক খেতি কৰাৰ কথা চিন্তা নকৰাৰ বাবে আজি দেখা দিয়া বান-গঢ়া খহনীয়া সমস্যা, নিবনুৱা সমস্যা, মাটিৰ উৰ্বৰতা কমি অহা তথা ভূমি সংকোচন আৰু আধুনিক জীৱন নিৰ্বাহৰ বাবে খৰছৰ মাত্ৰা বঢ়াই তোলাৰ পৰিপ্ৰক্ষিতত খেতিয়ক সকল কোঙা হৈ পৰিছে।
এনে পৰিস্থিতিত কৃখিখণ্ডত এক আমোল পৰিবৰ্তন সাধন কৰিবই লাগিব। এই ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিব লগা বিষয় দুটা হৈছে কৃষিৰ যান্ত্ৰিকীকৰণ আৰু Diversification । আজি ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তত এটুকুৰা মাটিত বছৰত একাধিকবাৰ আৰু চীন দেশত ছবাৰলৈ খেতি কৰাৰ বিপৰীতে অসমত মাত্ৰ এটা খেতি কৰাৰ অন্যতম কাৰণ হৈছে- কেঁকোৰা নাঙল আৰু গৰু হাল যাৰ দ্বাৰা একাধিক খেতি কৰাটো অসম্ভৱ। সেয়েহে উন্নত কৃষি সঁজুলীৰ লগতে টেক্টৰ আৰু পাৱাৰ টিলাৰ ব্যৱহাৰ কৰিবলৈ অসমৰ কৃষকক উদগণি দিয়াৰ লগতে চৰকাৰৰ তৰফৰ পৰা মূল্যত বিশেষ ৰেহাই আৰু বেংকৰ পৰা কম সুদত ঋণ দিয়াৰ বাবে আমি দাবী জনাও। যান্ত্ৰিকীকৰণ সম্ভৱ হ’লেহে Diversification অৰ্থাৎ পৰম্পৰাগত ধান আৰু মাহ জাতীয় খেতিৰ ঠাইত অধিক উৎপাদনশীল আৰু লাভজনক ব্যৱসায়িক ভিত্তিৰ খেতি কৰা সম্ভৱ হৈ উঠিব। তাৰ বাবেও প্ৰশিক্ষণ আৰু উদগণিৰ প্ৰয়োজন হ’ব। এই কামক গণশক্তিয়ে কৰ্মসূচী হিচাবে গ্ৰহণ কৰিব।
এই কৃষি কৰ্মসূচী বাবে তৃণমূল পৰ্য্যায়ত যি প্ৰাথমিক পুঁজিৰ প্ৰয়োজন তাক আত্মসহায়ক গোট, যৌথ গোট, পথাৰ পৰিচালনা সমিতি, কৃষক সংঘ আৰু সমবায় সমিতিৰ জৰিয়তে পূৰণ কৰাৰ ব্যাপক কৰ্মসূচী গণশক্তিয়ে গ্ৰহণ কৰিব।
মীন পালনঃ
অসম নদী মাতৃক দেশ। নদ-নদী, জলাশয়, বিল, খাল-দোঙেৰে অসম ভৰি আছে। মীন পালনৰ বাবে অসম উপযুক্ত দেশ। কিন্তু সু-চিন্তিত পৰিকল্পনা, আচনি আৰু বিধি বিধানৰ অভাৱত এতিয়া খাল দোঙৰ পুথি-দৰিকণা কেইটাও হেৰাইছে আৰু আমি সকলোৱে অন্ধপ্ৰদেশৰ পৰা আমদানীকৃত চালানী মাছ খাব লগা হৈছে। ই লজ্জাৰ বিষয়। ভৱিষ্যৎ চিন্তা নকৰাকৈ আঠুৱা জালেৰে মাছৰ পোণালৈকে ধৰি ভাজি খোৱা আমাৰ মানসিকতাৰ বাবে অসমৰ বহু বিৰল প্ৰজাতিৰ মাছ এতিয়া কাললৈ হেৰাই গ’ল আৰু গৈ আছে। চৰকাৰ সমূহৰ মীন বিভাগৰ দায়িত্ব মীন মহল কেইটা আৱণ্টন দিয়াতেই শেষ।
কৃষিৰ পাছতে মীন পালনক অসমৰ কৃষক জনসাধাৰণে জীৱিকাৰ মাধ্যম কৰি তোলাৰ আমি কৰ্মসূচী দাঙি ধৰো। আত্ম সহায়ক গোট, ব্যক্তিগত উদ্যোগ আৰু মীন সমবায় সমিতিৰ জৰিয়তে মীন পালনৰ ব্যাপক আচনি লবলৈ এহাতে আমি চৰকাৰক বাধ্য কৰাবলৈ সংগ্ৰাম সংগঠিত কৰিব লাগিব আৰু আনহাতে নিবনুৱা যুৱক-যুৱতী আৰু কৃষক সকলক সংগঠিত কৰা আৰু উদগণি দিয়াৰ কাম কৰিব লাগিব।
মীন পালন আচনিৰ ক্ষেত্ৰত ব্যৱসায় ভিত্তিক ৰৌ, ভকুৱা, মিৰিকা, বিভিন্ন বিদেশী কাৰ্প জাতীয় মৎস্য পালনৰ লগতে অসমৰ থলুৱা প্ৰজাতিসমূহৰ সংৰক্ষণ আৰু বিকাশ, থলুৱা বায়ুশ্বাসী মাছ সমূহৰ পালনত গুৰুত্ব আৰোপ কৰো। বানপীড়িত অঞ্চল আৰু জলাশয় সমূহত বিকল্প অপৰম্পৰাগত পদ্ধতিত মীন পালনৰ বিশেষ আচনি গ্ৰহণ কৰিবলৈ আমি চৰকাৰক দাবী জনাও।
পশুধনঃ
কথাতেই কয় পশুধন পৰমধন। এই পৰমধন পালন অসমৰ মানুহৰ ঐতিহ্যময় পৰম্পৰা। গৰুহাল বা ছাগলীটো বেছিয়েই বহু পৰিয়ালে আপদ-বিপদৰ সময়ত ৰক্ষা পায়। কিন্তু পশুধন পালনক জীৱিকাৰ মাধ্যম কৰি সম্পূৰ্ণ ব্যৱসায় ভিত্তিত নকৰাৰ বাবেই পশুধন পালনে অসমত বিকাশ লাভ কৰা নাই।
এই কথা মনত ৰখা প্ৰয়োজন যে কৃষি আৰু পশুধনৰ বিকাশ এটা আনটোৰ পৰিপূৰক অৰ্থাৎ এটা আনটো ৰ ওপৰত নিৰ্ভৰশীল। কৃষিয়ে পশুখাদ্যৰ যোগান ধৰে আৰু পশুৱে মাটিৰ উৰ্বৰতা ৰক্ষা আৰু বৃদ্ধিৰ বাবে অতি প্ৰয়োজনীয় জৈৱিক সাৰৰ যোগান ধৰে।
আধুনিক বিজ্ঞানে অধিক গাখীৰ, অধিক মাংস, অধিক কণী উৎপাদন কৰিব পৰা পশু প্ৰজাতিসমূহৰ বিকাশ ঘটাইছে বা বহু ক্ষেত্ৰত নতুন প্ৰজাতি সৃষ্টি কৰিছে।
কিন্তু সেইবিলাক আহৰণ কৰি পালন কৰাত অসমৰ কৃষক অভ্যস্ত হোৱা নাই। চৰকাৰ সমূহেও গুৰুত্ব সহকাৰে এই উন্নত প্ৰজাতি সমূহ কৃষকৰ মাজত জনপ্ৰিয় কৰাৰ বাবে সন্তোষজনক কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। এটা সময়ত শ শ কোটি টকাৰ এল.অ.চি কেলেংকাৰী হ’ল পশু স্বাস্থ্য বিভাগত আৰু সেইবোৰ উৎঘাটন হোৱাৰ পাছত এতিয়া পশু স্বাস্থ্য বিভাগটোৱেই অসম চৰকাৰৰ আটাইতকৈ অৱহেলিত বিভাগ। অন্য কথা বাদ, জহি খহি উৱলি যোৱা পশু স্বাস্থ্য কেন্দ্ৰ কেইটা মেৰামতি কৰিবলৈও ধনৰ আৱণ্টন নাই।
সেয়েহে আমি দাবী কৰো যে পশু স্বাস্থ্য আৰু পশু পালনৰ বাবে অসম চৰকাৰে বাজেটৰ ধনৰাশি বৃদ্ধি কৰিব লাগে। পশু চিকিৎসালয় সমূহ মেৰামতি কৰি সজীৱ আৰু কৰ্মতৎপৰ কৰি তুলিব লাগে। পশুধন বিকাশৰ বাবে ব্যাপক আচনি গ্ৰহণ কৰিব লাগে।
হস্ততাঁত আৰু বস্ত্ৰঃ
অসমৰ গ্ৰামাঞ্চলত এনে কোনো মহিলা নাই যি তাঁত বব নাজানে। ঘৰে ঘৰে আছে তাঁত শাল। অথচ ভাৰতবৰ্ষৰ বিশাল হস্ততাঁত আৰু বস্ত্ৰৰ বজাৰখনত অসমৰ স্থান নগণ্য। এনে পৰিস্থিতিৰ বাবে সম্পূৰ্ণ ৰূপে অসম চৰকাৰ জগৰীয়া। আমাৰ ভৰাঁলৰ এচুকৰ বা চাং তলৰ পাতি তাঁতশাল খনেৰে আমি বিশ্ব জয় কৰিব নোৱাৰো; তাৰ বাবে আমাক তাঁতশাল লাগে, প্ৰশিক্ষণ লাগে, সূতা লাগে, পুঁজি লাগে। চৰকাৰে দিব লাগিব আৰু তাৰ বাবে আমি সংগ্ৰাম সংগঠিত কৰিব লাগিব। একেটা সময়তে আমি আমাৰ মহিলা সকলক তাঁতশালেৰে, আমাৰ নিজস্ব ফুলৰ চাণেকী আৰু কাপোৰ বোৱাৰ শৈলীৰে জীৱন-জীৱিকাৰ পথ বাছি লোৱাৰ বাবে সংগঠিত আৰু অনুপ্ৰাণিত কৰিব লাগিব। ই আমাৰ গুৰুত্বপূৰ্ণ কৰ্মসূচী হ’ব।
ৰেছম শিল্পঃ
ৰেছম শিল্প অসমৰ খিলঞ্জীয়া জনগণৰ আপুৰুগীয়া সম্পদ। কিন্তু এই সম্পদৰ প্ৰতি অসম চৰকাৰৰ অৱহেলা অতি ৰ্দুভাগ্যজনক। উজনি অসমৰ বিশেষকৈ ধেমাজি আৰু লখিমপুৰ জিলা মূগা উৎপাদনৰ বাবে প্ৰাকৃতিকভাবে আটাইতকৈ উপযোগী। এড়ী আৰু নুনীৰ বাবেও উপযুক্ত। কিন্তু নিষ্ঠাৰে পালন কৰা পৰিকল্পনা, আঁচনি আৰু উদগণিৰ অভাৱত এই শিল্প আজি মৰহি যোৱাৰ ভাবুকিৰ সন্মূখীন হৈছে। সঠিক কৰ্মসূচীৰে আগবাঢ়িলে অসমত হাজাৰখন শুৱালকুছি সৃষ্টি কৰিব পাৰিব। তাৰ বাবে ৰেছম শিল্পৰ বিকাশৰ বাবে বিশেষ উদগণিমূলক চৰকাৰী আচনি দাবী কৰাৰ লগতে ৰেছম পালক সকলক প্ৰতি জিলাই জিলাই সংগঠিত কৰিব বাবে গণশক্তিয়ে কৰ্মসূচী গ্ৰহণ কৰে। জিলাভিত্তিক এনে ৰেছম পালক সমিতিৰ জৰিয়তে ৰেছম পালক সকলৰ উমৈহতীয়া দাবী সমূহ চৰকাৰক জনোৱা, সমস্যা সমূহ আলোচনা কৰা, সমাধানৰ পথ বিচৰাৰ প্ৰচেষ্টা চলোৱা হব।
কুটিৰ শিল্পঃ
কুটিৰ শিল্প গ্ৰাম্য জীৱন আৰু জীৱিকাৰ লগত নিবিড় ভাবে সম্পৰ্কিত । বাঁহ-বেতৰ বিভিন্ন শিল্প, মৃৎ শিল্প, মৌ-পালন, তেলৰ ঘানী, গুৰ উৎপাদন, পৰম্পৰাগত খাদ্য প্ৰস্তুতকৰণ, কাঠৰ পৰা উৎপাদিত বিভিন্ন সামগ্ৰী আদি সীমাহীন শিল্প কলা কুটিৰ শিল্পৰ অন্তৰ্গত। কিন্তু ই গ্ৰামাঞ্চলত অসংগঠিত ৰূপত আছে। কুটিৰ শিল্পক সংগঠিত ৰূপ দিয়াটো গণশক্তিৰ এক কৰ্মসূচী হ’ব।
বজাৰৰ সমস্যা দূৰীকৰণঃ
উৎপাদন কৰিলেই নহ’ব, বিক্ৰিৰ বাবে বজাৰো লাগিব। বজাৰ সৃষ্টি কৰিব লাগিব, সংগঠিত কৰিব লাগিব আৰু নিয়ন্ত্ৰণ কৰিব লাগিব। বেপাৰী আৰু মধ্যভোগীৰ চক্ৰান্তত প্ৰকৃত উৎপাদক সকলে সঠিক মূল্যৰ পৰা বঞ্চিত হোৱাৰ ওপৰি লোকচান ভৰিব লগা হোৱাটো সচৰাচৰ দেখা যায়। তাৰোপৰি আৰ্থিক অনাটনৰ সুযোগ গ্ৰহণ কৰি কৃষক সকলক আগধন দি অতি কম মূল্যত কৃষকৰ উৎপাদিত সামগ্ৰী বিক্ৰি কৰিবলৈ বাধ্য কৰোৱা ঘটনা ঘটি আছে। বজাৰ নিয়ন্ত্ৰণ কৰা আৰু কৃষকক উচিত মূল্যৰ দিওৱাৰ মূল দায়িত্ব চৰকাৰ। সেয়েহে আমি দাবী কৰো যে উৎপাদিত সামগ্ৰী সমূহৰ মূল্য চৰকাৰী ভাবে নিৰ্দ্ধাৰণ কৰি অতি কঠোৰভাবে তাক বলবৎ কৰিব লাগে। ৰাজ্য চৰকাৰৰ অধীনত STATEFED, ARTFED, FISHFED আদিৰ উপৰি অসম চৰকাৰৰ বিভিন্ন কৰ্পৰেছন সমূহক টনকিয়াল কৰি সিবিলাকৰ জৰিয়তে কৃষকৰ উৎপাদিত সামগ্ৰী সমূহ পোনপটীয়াকৈ উচিত মূল্যত ক্ৰয় কৰি মুকলি বজাৰত বিক্ৰিৰ ব্যৱস্থা চৰকাৰে কৰিব লাগে।
চৰকাৰী ব্যৱস্থাৰ ওপৰি বজাৰৰ দিশটোৰ ওপৰত গুৰুত্ব দি ব্যৱসায় কৰিবৰ বাবে নিবনুৱা উদ্যোগী যুৱক-যুৱতী সকলক লৈ APL বা দৰিদ্ৰ সীমাৰেখাৰ উৰ্দ্ধ পৰ্য্যায়তৰ আত্ম সহায়ক গোট, যৌথ ব্যৱসায় গোট, সমবায় সমিতি আদি গঠন কৰাত প্ৰশিক্ষণ দিয়া আৰু উদগণি জনোৱা কৰ্মসূচী গণশক্তিয়ে গ্ৰহণ কৰে। গ্ৰামোন্নয়ন শিতানত নিষ্ঠাৰে কৰ্মৰত কৃষক, স্বেচ্ছাসেৱী সংগঠন আৰু আত্ম সহায়ক গোটৰ বাবে পোনপটীয়া বজাৰ সংগঠিত কৰি দিয়াৰ বাবে আচনি গ্ৰহণ কৰিবলৈ গণশক্তিয়ে আহ্বান জনাই। ইয়াৰোপৰি বজাৰৰ ওপৰত নিয়ন্ত্ৰণ প্ৰতিষ্ঠাৰ বাবে বিভিন্ন অঞ্চল পৰ্য্যায়ত আত্ম সহায়ক গোট সমূহৰ ফেডাৰেছন গঠন কৰা কৃষক সংঘ, মীন পালক সমিতি, শিপিনী সংঘ আদি প্ৰতিষ্ঠা কৰাৰ বাবে গণশক্তিয়ে বিশেষ উদ্যোগ গ্ৰহণ কৰিব।
সামৰণিঃ
আমাৰ মূল লক্ষ্য এখন ঐক্যবদ্ধ আৰু সমৃদ্ধিশাল অসম গঢ় দিয়া-য’ত মানুহে মানুহৰ মৰ্য্যদাৰে শান্তিত অৰ্থনৈতিক স্বচ্ছলতা আৰু ৰাজনৈতিক স্বাধীনতাৰে বসবাস কৰিব পাৰে আৰু নিৰন্তৰ উত্তৰণৰ দিশত আগবাঢ়ি যাব পাৰে। তাৰ বাবে প্ৰথম আমি সমগ্ৰ অসমবাসী ‘সম অধিকাৰ-সমমৰ্য্যদা আৰু সম-উন্নয়ণ’ৰ ভিত্তিত গণতান্ত্ৰিক নিৰ্বাচনৰ জৰিয়তে ৰাজনৈতিক ক্ষমতা আহৰণ কৰিব লাগিব। আমি যি অৰ্থনৈতিক পৰিবৰ্তনৰ কৰ্মসূচী প্ৰস্তুত কৰিছো তাক বাস্তবায়িত কৰিবলৈ ৰাজনৈতিক ক্ষমতা আহৰণ কৰাটো পূৰ্বচৰ্ত্ত। অন্যথা আমাৰ সপোন সপোন হৈয়ে ৰৈ যাব।
কিন্তু, ৰাজনৈতিক ক্ষমতা পালেহে আমাৰ অৰ্থনৈতিক কৰ্মসূচীৰ কাম আৰম্ভ কৰিম বুলি হাত সাৱটি বহি থকাটো হ’ব মূৰ্খামি। আমি এতিয়াৰ পৰা ৰাজনৈতিক আৰু অৰ্থনৈতিক কৰ্মসূচীক সমানে সমান্তৰাল ভাবে আগুৱাই নিব লাগিব। এটা দিন এটা মূহুুৰ্ত্তত আমি অপচয় কৰিব নোৱাৰো।
আহক, এই কৰ্মসূচী আন্তৰিকতাৰে গ্ৰহণ কৰি এখন ঐক্য বদ্ধ, সমৃদ্ধিশালী আৰু গণতান্ত্ৰিক অসম গঢ় দিয়াৰ বাবে অসমত এক গণশক্তিৰ গণ অভ্যুত্থান ঘটাবলৈ আমি সকলোৱে দৃঢ়তাৰে সংকল্পবদ্ধ হঁও।
সন্মিলিত গণশক্তি, অসম-জিন্দাবাদ ।